ETV Bharat / state

Ishan Uday Scholarship scam: স্ক'লাৰশ্বিপ কেলেংকাৰী: বৰপেটাত আৰু ৫ জনক গ্ৰেপ্তাৰ

author img

By

Published : Nov 10, 2022, 10:12 AM IST

ৰাজ্যত ছাত্ৰৰ স্ক'লাৰশ্বিপৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Scam in students scholarship)। জালিয়াতিৰে আঁচনিৰ ধন লুণ্ঠন কৰা দুজনক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এই মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্মচাৰীও আৰক্ষীৰ জালত পৰিছে । বৰপেটা আৰক্ষীয়ে এই কেলেংকাৰীৰ সৈতে জড়িত আন ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

Ishan Uday Scholarship scam
বৰপেটাত আৰু ৫ জনক গ্ৰেপ্তাৰ

বৰপেটা ১০ নৱেম্বৰ : ঈশান উদয় স্ক'লাৰশ্বিপৰ (Ishan Uday Scheme) নামত সংঘটিত কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল মহাবিদ্যালয়ৰ অধ্যক্ষ । কিছুদিন পূৰ্বে এই কেলেংকাৰীৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত বৰপেটা আৰক্ষীয়ে এখন মহাবিদ্যালয়ৰ অধ্যক্ষসহ ৫ জনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (5 arrested in connection with scholarship scam) ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়া মতে এই কেলেংকাৰীৰ সৈতে একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্মচাৰী জড়িত হৈ আছে ৷

স্ক'লাৰশ্বিপ কেলেংকাৰী: বৰপেটাত আৰু ৫ জনক গ্ৰেপ্তাৰ

ঈশান উদয় স্ক'লাৰশ্বিপ আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত যোৱা ২ নৱেম্বৰত বৰপেটা সদৰ থানাৰ অন্তৰ্গত জাহেৰপাম গাঁৱৰ জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান নামৰ দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ আৰক্ষীয়ে সেই দুয়োজনৰ পৰা লেপটপ, কম্পিউটাৰ, প্ৰিণ্টাৰ আৰু কিছু নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ধৃত জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমানে ঘৰৰ মানুহকে ছাত্ৰ-ছাত্ৰী সজাই ঈশান উদয় আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ টকা আত্মসাৎ কৰিছিল (Ishan Uday Scholarship scam) ৷

জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমানক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মানিক আলীৰ লগতে মহাবিদ্যালয়খনৰ কনিষ্ঠ সহায়ক আবুল বাছাৰ আৰু বাণিয়াৰাপাৰাৰ জনপ্ৰিয় মহাবিদ্যালয়ৰ কনিষ্ঠ সহায়ক চাজিদুল ইছলাম, খবিৰুদ্দিন আৰু জাহোৰপাম গাঁৱৰ চেলিম মালিক নামৰ লোক কেইজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীৰ মতে একাংশ মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰাই অ'টি পি লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে দুষ্টচক্ৰটোৱে ঈশান উদয় স্ক'লাৰশ্বিপ আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত কৰিবলৈ সুবিধা পাইছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত বেংকৰ পৰাও তথ্য বিচৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

আৰক্ষীয়ে জনোৱা মতে ধৃত দুই অভিযুক্তই ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, বানিয়াৰাপাৰাৰ জনপ্ৰিয় কলেজ, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে ঈশান উদয় স্ক'লাৰশ্বিপৰ কোটি কোটি টকা ৷ আনহাতে বেংগালুৰৰ নাথগিৰি কলেজ, কৰ্ণাটকৰ মাদানি কলেজ, ইন্সটিটিউট অৱ নাৰ্ছিং ছায়েঞ্চ অৱ কৰ্ণাটকত অধ্যয়ন কৰা দেখুৱাই মেধা জলপানিৰ ধনো উলিয়াই নিছে চক্ৰটোৱে ৷ বিগত কেইবাবছৰ ধৰি ৰাজ্যখনত বিয়পি পৰা এই চক্ৰটোক উৎখাত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈ আহিছিল ৷

লগতে পঢ়ক :Ishan Uday Scholarship scam : ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.