ETV Bharat / state

Ishan Uday Scholarship scam : ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত কেলেংকাৰী

author img

By

Published : Nov 2, 2022, 10:14 AM IST

ৰাজ্যত ছাত্ৰৰ স্ক'লাৰশ্বিপৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Scam in students scholarship)। জালিয়াতিৰে আঁচনিৰ ধন লুণ্ঠন কৰা দুজনক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ধৃত লোক দুজন বৰপেটাৰ জাহোৰপাম গাঁৱৰ ।

Ishan Uday Scholarship scam
ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত কেলেংকাৰী

বৰপেটা,২ নৱেম্বৰ : ৰাজ্যত বিভিন্ন চৰকাৰী আঁচনিৰ নামত কেলেংকাৰী অব্যাহত আছে । এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ণ মন্ত্ৰণালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে (Scam in students scholarship)। অসমত ঈশান উদয় স্ক'লাৰশ্বিপ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ৰাজ্যত সংঘটিত হৈছে জালিয়াতিৰ ঘটনা । দুষ্টচক্ৰই ৰাজ্যৰ একাংশ মহাবিদ্যালয়ত ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে সৰকাইছে কোটি কোটি টকা ৷

ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত সংঘটিত কেলেংকাৰীৰ সৈতে জড়িত দুই অভিযুক্তক ইতিমধ্যে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Two arrested in connection with scholarship scam)৷ ধৃত দুই অভিযুক্ত ক্ৰমে জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান ৷ দুয়োজনৰে ঘৰ বৰপেটাৰ জাহোৰপাম গাঁৱত বুলি জানিব পৰা গৈছে ৷

ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত কেলেংকাৰী

বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ছাত্ৰৰ স্ক'লাৰশ্বিপৰ ধন জালিয়াতিৰে উলিয়াই নিয়া দুই অভিযুক্তক ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ প্ৰদীপ শইকীয়াই এখন সংবাদমেলযোগে এই কথা সদৰি কৰিছে ।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বছৰত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ স্ক'লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধা ভিত্তিক স্ক'লাৰশ্বিপ ৷

জানিব পৰা মতে দুষ্ট চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ'টিপি ব্যৱহাৰ কৰি লগতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী জালিয়াতি কৰি ভুৱা পৰিচয়েৰে ছাত্ৰ-ছাত্ৰীৰ নামত সংঘটিত কৰি আহিছে ভয়াৱহ কেলেংকাৰী ৷

আৰক্ষীয়ে জনোৱা মতে ধৃত দুই অভিযুক্তই ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, বানিয়াৰাপাৰাৰ জনপ্ৰিয় কলেজ, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে ঈশান উদয় স্ক'লাৰশ্বিপৰ কোটি কোটি টকা ৷ আনহাতে বেংগালুৰৰ নাথগিৰি কলেজ, কৰ্ণাটকৰ মাদানি কলেজ, ইন্সটিটিউট অৱ নাৰ্ছিং ছায়েঞ্চ অৱ কৰ্ণাটকত অধ্যয়ন কৰা দেখুৱাই মেধা জলপানিৰ ধনো উলিয়াই নিছে চক্ৰটোৱে ৷ বিগত কেইবাবছৰ ধৰি ৰাজ্যখনত বিয়পি পৰা এই চক্ৰটোক উৎখাত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈ আহিছিল ৷

লগতে পঢ়ক :Women Trafficking in Barpeta: 1 লাখ 20 হাজাৰ টকাত বিক্ৰী কৰা কিশোৰীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.