ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 2, 2021, 7:00 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Omicron Variant of Corona : ভাৰত পালেহি অমিক্ৰণ

ভাৰতত প্ৰৱেশ কৰিছে কৰ’ণাৰ নতুন ভেৰিয়েন্ট কৰ’ণাৰ অমিক্ৰণে(Omicron variant of Corona reached india) ৷ কৰ্ণাটকত দুজনকৈ লোক আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীৰ এই নতুন প্ৰকাৰত ৷

Goalpara Police Firing: আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱান্টেড জাকাৰীয়া

গোৱালপাৰাত পুনৰ অপৰাধীলৈ গুলী চালনা আৰক্ষীৰ । আৰক্ষীৰ গুলিত আহত জাকাৰীয়া শিকদাৰ । আৰক্ষীৰ বাবে ম’ষ্ট ৱান্টেড আছিল জাকাৰীয়া শিকদাৰ ।

Anti Drugs Mission : কাৰ্বি পাহাৰত ড্ৰাগছ মাফিয়া বনাম আৰক্ষী

ৰাজ্যৰ আন আন বহু জিলা তুলনাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত অধিক সক্ৰিয় হৈ থকা দেখা গৈছে ড্ৰাগছ মাফিয়া সকলক(Drugs racket in Kaarbi hills) ৷ সমানে তৎপৰ হৈছে আৰক্ষী বিভাগো ৷ বৃহস্পতিবাৰে, জপৰাজানত বৃহৎ পৰিমানৰ নিচাযুক্ত কেপচুল জব্দ ৷

Goa National Kickboxing Championship: ডিব্ৰুগড়ৰ খেলুৱৈৰ সুনাম অৰ্জন

শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হৈছিল নেশ্যনেল কিক-বক্সিং চেম্পিয়নশ্বিপ (Goa National Kickboxing Championship 2021)। এই প্ৰতিযোগিতাত ভাগ লোৱা ভাৰতীয় দলটোত ৯ গৰাকী খেলুৱৈ আছিল ডিব্ৰুগড়ৰ । ডিব্ৰুগড়ৰ খেলুৱৈসকলে ১৭ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পাছতে আনন্দমুখৰ পৰিৱেশ জিলাখনত ।

Nutrition Concern Issue : স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ভাৰতৰ ৬৮ শতাংশ পেকেটৰ খাদ্য সামগ্ৰী

আপুনি স্বাস্থ্যৰ প্ৰতি কিমান সজাগ ? আপুনি জানেনে ভাৰতৰ বজাৰত উপলব্ধ প্ৰায় খাদ্যতে প্ৰয়োজনতকৈ অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা হয় চেনী অথবা নিমখ । যি বোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । এয়া আমি কোৱা কথা নহয় । শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে ভাৰতৰ প্ৰায় ৬৮ শতাংশ পেকেটৰ খাদ্য সামগ্ৰীত জোখতকৈ বেছি দিয়া হয় চেনী আৰু নিমখ (Packaged foods have excess salt and sugar) ।

IAF Air Show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত প্ৰদৰ্শন কৰিব বিখ্যাত এয়াৰ শ্ব’ ৷ স্বৰ্নিম বিজয় বৰ্ষ( Swarnim Vijay Varsh) উদযাপন উপলক্ষে ডিচেম্বৰৰ ৪ তাৰিখে অনুষ্ঠিত হ’ব এই বিশেষ শ্ব’ ৷

Protest Against Price Hike: শিৱসাগৰত KMSS আৰু SMSSৰ অৱস্থান ধৰ্মঘট

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ (Protest against price hike in Assam)। এইবাৰ শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

Har Ghar Dastak Drive: সমষ্টিবাসীক প্ৰতিষেধক ল'বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ

ক'ভিড টীকাকৰণ ১০০ শতাংশ নিশ্চিত কৰাৰ উদ্দেশ্যে দেশত আৰম্ভ হৈছে হৰ ঘৰ দস্তক অভিযান । বোকাখাতত এই অভিযান পৰ্যৱেক্ষণৰ বাবে উপস্থিত মন্ত্ৰী অতুল বৰা (Atul Bora observes Har Ghar Dastak campaign)। মন্ত্ৰীগৰাকীৰ উপস্থিতিত বহু লোকে ল'লে প্ৰতিষেধক ।

Asom Divas Celebration : আজিও এলাগী হৈ ৰ'ল চ্যুকাফা মৈদাম

আজি অসম দিৱস অথবা চ্যুকাফা দিৱস(Asom Divas celebrate in Assam) ৷ সাত ৰাজ এক কৰি বৰ অসমৰ ভেটি গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰিছে ৰাজ্যবাসীয়ে(Founder of Ahom Kingdom) ৷ কিন্তু আজিও উপেক্ষিত হৈ ৰ’ল চাওলুং চ্যুকাফাৰ সমাধিস্থলী ৷ স্বৰ্গদেউৰ মৈডাম অৰ্থাৎ সমাধিস্থলী সংৰক্ষণ কৰাত এইপৰ্যন্ত গুৰুত্ব আৰোপ নকৰিলে পুৰাতত্ব বিভাগে (Archaeological Survey of India) ৷

ত্ৰিপুৰাত ড্ৰাগছ আৰু HIV ৰ বাবে স্থান নাই : CM বিপ্লৱ দেৱ

বুধবাৰে বিশ্ব এইডছ দিৱস উপলক্ষে আগৰতলাৰ প্ৰজ্ঞা ভৱনত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb in AIDS Day programme) । এই অনুষ্ঠানতে এইডছ নিয়ন্ত্ৰণ সমিতিৰ এটা ৱেব প’ৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইচ আই ভিৰ সংক্ৰমণ সন্দৰ্ভত তেওঁ সকলোকে সজাগ হ'বলৈ আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.