ETV Bharat / bharat

ত্ৰিপুৰাত ড্ৰাগছ আৰু HIV ৰ বাবে স্থান নাই : CM বিপ্লৱ দেৱ

author img

By

Published : Dec 2, 2021, 2:02 PM IST

বুধবাৰে বিশ্ব এইডছ দিৱস উপলক্ষে আগৰতলাৰ প্ৰজ্ঞা ভৱনত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb in AIDS Day programme) । এই অনুষ্ঠানতে এইডছ নিয়ন্ত্ৰণ সমিতিৰ এটা ৱেব প’ৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইচ আই ভিৰ সংক্ৰমণ সন্দৰ্ভত তেওঁ সকলোকে সজাগ হ'বলৈ আহ্বান জনায় ।

Tripura Chief Minister Biplab Kumar Deb participated in AIDS Day programme
বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ অংশগ্ৰহণ

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : এইচ আই ভিত আক্ৰান্ত লোকসকলক উন্নত চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ত্ৰিপুৰাত ৰাষ্ট্ৰীয় মানৰ প্ৰতিষ্ঠান স্থাপনৰ পৰিকল্পনা কৰিছে চৰকাৰে । বুধবাৰে বিশ্ব এইডছ দিৱস উপলক্ষে ত্ৰিপুৰাৰ আগৰতলাৰ প্ৰজ্ঞা ভৱনত আয়োজিত এক অনুষ্ঠানত(AIDS Day programme in Tripura) অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এই মন্তব্য কৰে ।

তেওঁ কয় যে, যুৱক-যুৱতীসকলক ড্ৰাগছৰ দৰে অশুভ শক্তিৰ পৰা ৰক্ষা কৰিবলৈ আৰু এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মহিলাৰ লগতে সকলোৱে সমন্বিত প্ৰচেষ্টা চলোৱা প্ৰয়োজন । তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ পৰিসংখ্যাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে(Increasing HIV infection in Tripura) ।

সংক্ৰমিত লোকসকলক আগতীয়াকৈ চিনাক্ত কৰি উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে । এই ক্ষেত্ৰত এন এছ এছকে ধৰি স্বেচ্ছাসেৱক সংগঠনসমূহক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে কয় যে, ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তথ্য সন্দৰ্ভত তেওঁ বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰিছে আৰু ৰাজ্যখনত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱাটো চিন্তাৰ বিষয় বুলি তেওঁ মন্তব্য কৰে(Biplab Kumar Deb against HIV) ।

অনুষ্ঠানটোত অংশ লৈ তেওঁ কয় যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যদি প্ৰয়োজনবোধ কৰে, তেন্তে মহাবিদ্যালয়সমূহৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ এইচ আই ভি পৰীক্ষা কৰোৱা উচিত(Biplab Kumar Deb in AIDS Day event) । শিক্ষাৰ্থীসকল এইচ আই ভিত আক্ৰান্ত হোৱাক লৈ চিন্তা ব্যক্ত কৰি তেওঁ কয় যে, দুৰ্ভাগ্যবশতঃ ত্ৰিপুৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংক্ৰমণ অধিক বৃদ্ধি পাইছে । এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা লুকুৱাই নাৰাখি সঠিক সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যুৱ প্ৰজন্মৰ সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে চৰকাৰে ষ্টাৰ্টআপ আৰু আই টি হাব আদি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । কিন্তু এনেবোৰ কামৰ সৈতে জড়িত হোৱাৰ পূৰ্বে যুৱক-যুৱতীসকল সু-স্বাস্থ্যৱান হোৱাৰ প্ৰয়োজন আছে । যুৱ প্ৰজন্মৰ স্খলনৰ সমস্যাক আৰম্ভণিৰ পৰা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । য'তেই অস্বাভাৱিক সংক্ৰমণৰ হাৰ পৰিলক্ষিত হয়, তাতেই সংক্ৰমণ বৃদ্ধিৰ কাৰণ চিনাক্ত কৰি অধিক পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, এইচ আই ভিৰ সংক্ৰমণ প্ৰতিৰোধৰ অন্যতম উপায় হৈছে যুৱকসকলক চিৰিঞ্জৰ জৰিয়তে ড্ৰাগছ ব্যৱহাৰ কৰাত বাধা দিয়া । তেওঁ ড্ৰাগছৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পোষকতা কৰে । এইচ আই ভিৰ সংক্ৰমণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ তেওঁ ৰাইজ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক আহ্বান জনায় । উল্লেখ্য যে, এইডছ দিৱসৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইডছ নিয়ন্ত্ৰণ সমিতিৰ এটা ৱেব প’ৰ্টেল(AIDS Control Society's web portal launched) মুকলি কৰে ।

লগতে পঢ়ক: Tripura Municipal Election: নিৰ্বাচনক ভেকোঁভাওনা আখ্যা মানিক সৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.