Anti Drugs Mission : কাৰ্বি পাহাৰত ড্ৰাগছ মাফিয়া বনাম আৰক্ষী

author img

By

Published : Dec 2, 2021, 6:39 PM IST

Anti drugs mission in Karbi anglang

ৰাজ্যৰ আন আন বহু জিলা তুলনাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত অধিক সক্ৰিয় হৈ থকা দেখা গৈছে ড্ৰাগছ মাফিয়া সকলক(Drugs racket in Kaarbi hills) ৷ সমানে তৎপৰ হৈছে আৰক্ষী বিভাগো ৷ বৃহস্পতিবাৰে, জপৰাজানত বৃহৎ পৰিমানৰ নিচাযুক্ত কেপচুল জব্দ ৷

ডিফু, ২ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা আন-আন অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান(Anti drugs mission of Assam police) ৷ এনে সময়তে ব্যাপক ৰূপত অভিযান চলিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত(Anti drugs mission in Karbi hills) ৷ ৰাজ্যৰ আন আন বহু জিলা তুলনাত জিলাখনত অধিক সক্ৰিয় হৈ থকা দেখা গৈছে ড্ৰাগছ মাফিয়া সকলক ৷ ইয়াৰ পৰিপ্ৰেক্ষিত কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা ৷ বিশেষকৈ জিলাখনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত অব্যাহত আছে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানা এলেকাৰ জপৰাজান সাপ্তাহিক বজাৰত বৰপথাৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰা আৰু উপ-পৰিদৰ্শক মনোজ্জল গগৈৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে এক নাকা তালাচী বহুৱায় ৷ বিয়লি ২ বজাত উক্ত নাকা তলাচীত সন্দেশবশতঃ এজন লোকক তালাচী চলোৱাত লোকজনৰ পৰা ১৫১২ টা নিচাযুক্ত SAMPFX+ কেপচুল উদ্ধাৰ কৰা হয়( SAMPFX plus Drugs seized in Karbi hills) ৷

আটকাধীন লোকজন গোলাঘাট জিলাৰ সৰু পথাৰ থানা এলেকাৰ কাৰিগাঁৱৰ ২নং নাওজানৰ মৃত নিপেন দাসৰ পুত্ৰ অতুল দাস (৩২)বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ হোৱা নিচাযুক্ত দ্ৰব্যৰ কেপচুল সমূহ বোকাজান মহকুমা আৰক্ষী বিষয়া (Bokajan Subdivision Police Officer) জন দাসৰ উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে এই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Two manipuri people with fake currency arrest : নকল নোটেৰে ভৰি পৰিছে মহানগৰীৰ বিভিন্ন স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.