ETV Bharat / state

Goalpara Police Firing: আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱান্টেড জাকাৰীয়া

author img

By

Published : Dec 2, 2021, 3:54 PM IST

Updated : Dec 2, 2021, 5:04 PM IST

Goalpara police firing
Goalpara police firing

গোৱালপাৰাত পুনৰ অপৰাধীলৈ গুলী চালনা আৰক্ষীৰ । আৰক্ষীৰ গুলিত আহত জাকাৰীয়া শিকদাৰ । আৰক্ষীৰ বাবে ম’ষ্ট ৱান্টেড আছিল জাকাৰীয়া শিকদাৰ ।

গোৱালপাৰা, 2 ডিচেম্বৰ : অসমত যেন সলনি হৈছে অপৰাধীৰ বিচাৰৰ পদ্ধতি ৷ শেহতীয়াকৈ অপৰাধীলৈ অসম আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক্ৰম যেন তেনেই সাধাৰণ হৈ পৰিছে (Assam police encounter) ৷ ৰাজ্যৰ প্ৰায় কেইখন জিলাতেই আৰক্ষীয়ে অপৰাধী গ্ৰেপ্তাৰ কৰাৰ পাচতেই খবৰ আহে গুলী চালনাৰ ৷ প্ৰায় সমূহ ঘটনাৰ মাজতে কিন্তু পৰিলক্ষিত হয় সাদৃশ্য ৷ আৰক্ষীৰ আটকৰ পাচত জিম্মাৰ পৰা অপৰাধীয়ে পলায়নৰ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চালনা কৰে ৷ কোনোবা মৰে কোনোবা ঘূণীয়া হয় ৷

এইবাৰ স্থান গোৱালপাৰা ৷ যোৰহাটৰ অনিমেষ গণপ্ৰহাৰ আৰু হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওতেই মৃত্যু ঘটাৰ যি ঘটনা তাৰ চৰ্চা চলি থকাৰ মাজতে গোৱালপাৰাত আৰক্ষীৰ গুলী ম’ষ্ট ৱান্টেড অপৰাধীলৈ (Police firing at Goalpara) ৷ গোৱালপাৰাত ম’ষ্ট ৱান্টেড অপৰাধীক কাবু কৰিবলৈ গুলী চলালে গোৱালপাৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত আহত জাকাৰীয়া শিকদাৰ ৷

আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱান্টেড জাকাৰীয়া

কুখ্যাত বাইক চোৰ হিচাপে আৰক্ষীৰ অপৰাধীৰ তালিকাত আছে এই জাকাৰী শিকদাৰৰ (Most wanted criminal in Goalpara) নাম ৷ জাকাৰীয়াৰ বিৰুদ্ধে আছে বহু কেইটা অপৰাধজনিত গোচৰ ৷

বুধবাৰে নিশা এখন চাৰিচকীয়া বাহেনে আহি থকা অৱস্থাত জাকাৰীয়াক অনুসৰণ কৰে আৰক্ষীয়ে ৷ এই কথা জানিব পাৰি আৰক্ষীলৈ লক্ষ্য কৰি বন্দুক টোঁৱাই জাকাৰীয়াই (Goalpara firing news) ৷ আৰক্ষীয়ে প্ৰত্যুত্তৰত আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত গুলীবিদ্ধ হয় জাকাৰীয়া ৷ চলন্ত বাহনখন ৰখাই পলায়নৰ চেষ্টা কৰা জাকাৰীয়াৰ ভৰিত গুলী লাগে ৷

গুলীবিদ্ধ শিকদাৰক উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷ ধৃত জাকাৰীয়া শিকদাৰৰ লগত অহা ছাকলেন মুস্তাক নামৰ আন এজনক আটক আৰক্ষীৰ ৷ জানিব পৰা মতে, গুলিবিদ্ধ শিকদাৰৰ ঘৰ গোৱালপাৰাৰ বগুৱান আমবাৰীত ৷ বাইক চোৰ হিচাপে কুখ্যাত জাকাৰীয়া । আৰক্ষীয়ে জাকাৰীয়াৰ পৰা জব্দ কৰিছে এটা পইন্ট 5 পিস্তল আৰু এটা সন্দেহযুক্ত পুতলা পিস্তল ৷

লগতে পঢ়ক : Shot in Sonai Rupai Wildlife Sanctuary : সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

Last Updated :Dec 2, 2021, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.