ETV Bharat / state

Shot in Sonai Rupai Wildlife Sanctuary : সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

author img

By

Published : Dec 2, 2021, 1:28 PM IST

Shot in Sonai Rupai Wildlife Sanctuary
বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

শোণিতপুৰৰ মিছামাৰীত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মী আৰু চোৰাং কাঠকটীয়াৰ মাজত গুলীয়াগুলি সংঘটিত(Shot in Sonai Rupai Wildlife Sanctuary) । এই সংঘৰ্ষত গুলীবিদ্ধ হয় এজন চোৰাং কাঠকটীয়া(Wood cutter shot in Sonai Rupai) । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছে আহত চোৰাং কাঠকটীয়াজন ।

ৰঙাপৰা, ২ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশত অৱস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠকটীয়াৰ দপদপনি । অভয়াৰণ্যখনৰ ভিতৰত চৰাই-চিৰিকটিৰ মাতৰ বিপৰীতে যন্ত্ৰচালিত কৰতৰ শব্দহে ৰজনজনাই থাকে । বন বিভাগৰ নিষেধাজ্ঞাৰ পাচতো চোৰাংভাৱে কাঠ কাটি নিয়ে একাংশ অসাধু লোকে ।

বুধবাৰে এনে চোৰাং কাঠকটীয়াই অভয়াৰণ্যখনৰ দুৰ্গম অঞ্চলত গোপনে কাঠ কাটি থকাৰ তথ্য লাভ কৰাৰ পাচতে অভিযান চলায় বন বিভাগৰ লোকে ৷ অভয়াৰণ্যত অভিযান চলাই থকাৰ সময়তে চোৰাং কাঠকটীয়াই বনকৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা(Shot in Sonai Rupai Wildlife Sanctuary) কৰে । প্ৰত্যুত্তৰত বনকৰ্মীয়েও গুলীচালনা কৰে ।

Illegal wood cutter shot in Sonai Rupai Wildlife Sanctury
সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

চোৰাং কাঠকটীয়া আৰু বনকৰ্মীৰ মাজত বহু সময় ধৰি গুলীয়াগুলি (Firing in Sonai Rupai Wildlife Sanctury) অব্যাহত থাকে । পিচত বনকৰ্মীৰ গুলীত চালানচা দৈমাৰী নামৰ চোৰাং কাঠকটীয়াজন গুলীবিদ্ধ হয়(Illegal wood cutter shot in Missamari) । উল্লেখ্য যে, চালানচা দৈমাৰীৰ ঘৰ ৰঙাপৰাৰ যোগীবিলৰ বালাপাৰাত ।

বনকৰ্মীৰে হোৱা সংঘৰ্ষৰ সময়ত চালানচা দৈমাৰীৰ পেটত গুলী লাগে । নিশাই তেওঁক ৰঙাপৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । বৰ্তমান গুলিবিদ্ধ চোৰাং কাঠকটীয়াজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছে ।

বনকৰ্মীৰ দলেটোৱে ঘটনাস্থলীৰ পৰা এটা হাতে সজা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত দীৰ্ঘদিনৰ পৰা অবৈধ চোৰাং কাঠ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । অভয়াৰণ্যখনৰ ভিতৰত থকা মূল্যৱান গছ-গছনি কাটি নিশাৰ ভাগতে বন বিভাগৰ চকুত ধূলি দি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চোৰাংভাৱে সৰবৰাহ কৰি আহিছে চোৰাং কাঠ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক: Two Thief arrested in Manikpur : মাণিকপুৰত দুই ট্ৰেক্টৰ চোৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.