ETV Bharat / crime

Two Thief arrested in Manikpur : মাণিকপুৰত দুই ট্ৰেক্টৰ চোৰ আটক

author img

By

Published : Dec 2, 2021, 10:23 AM IST

নামনি অসমৰ বৃহত্তৰ এলেকা সামৰি অব্যাহত ৰখা ট্ৰেক্টৰ চুৰিত জড়িত দুটা চোৰ আটক(Two Thief arrested in Manikpur) ৷ লগতে এই কাৰ্যত জড়িত এজন মধ্যস্থতাকাৰীকো আটক আৰক্ষীৰ ৷

tractor-thief-arrested-at-manikpur-in-bongaigaon
মানিকপুৰত দুই কুখ্যাত ট্ৰেক্টৰ চোৰক আটক

বঙাইগাঁও, 2 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীয়ে নামনি অসমত দীৰ্ঘদিনে ট্ৰেক্টৰৰ চুৰিকাণ্ড সংঘটিত কৰি অহা ছুবাহান আলীক সোমবাৰে নিশা আটক কৰে(Two Thief arrested in Manikpur) ।

কলগাছিয়া থানাৰ অন্তৰ্গত গুণিয়ালগুৰিৰ বাসিন্দা ছুবাহান আলীয়ে নামনি অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ৫০ খন ট্ৰেক্টৰ প্ৰৱঞ্চনা কৰি ভাড়াত লৈ বিভিন্নজনৰ ওচৰত বিক্ৰী কৰি আহিছিল । প্ৰায় ৬ মাহ ধৰি ট্ৰেক্টৰৰ মালিকসকলে ছুবাহান আলীক বিচাৰি ফুৰে যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম নহয় । অৱশেষত মাণিকপুৰ আৰু কলগাছিয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত ছুবাহান আলীক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

আনকি ট্ৰেক্টৰ বেচা-কিনাৰ নামত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্ৰহণ কৰা ৰাশিদুল ইছলামক কৰায়ত্ব কৰি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । মাণিকপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে তিনিখনকৈ চুৰি ট্ৰেক্টৰ জব্দ কৰে যদিও বাকী ট্ৰেক্টৰসমূহ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : কৰিমগঞ্জত কুখ্যাত গৰু চোৰক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.