ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 11, 2022, 7:08 PM IST

Top 10 at 7 PM
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Mangaldoi civil hospital incident: মঙলদৈ অসামৰিক চিকিৎসালয়ত গৰম তেলে পুৰিলে দেৱশিশুক

মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত দ্বায়িত্বজ্ঞানহীনতা ৷ নাৰ্চৰ ভুলৰ বাবেই গৰম তেলে পুৰিলে এটি নৱজাতকক ৷ শিশুটি ICU ত থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ নৱজাতকটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ পুৰিলে গৰম তেলে ৷

CM of Himachal Pradesh: মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সুখবিন্দৰ সিং সুখুৱে

ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে চিমলাৰ ঐতিহাসিক ৰিজ গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত সুখবিন্দৰ সিং সুখুক মুখ্যমন্ত্ৰী আৰু মুকেশ অগ্নিহোত্ৰীক উপ-মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱায় (Himachal CM oath taking ceremony)। সুখবিন্দৰ সিং সুখু হিমাচলৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী ।

Assam govt peace talks with militants : মূলসুঁতিলৈ আহিব বৰাকৰ দুই বিদ্রোহী সংগঠন

ব্রু বিদ্রোহী সংগঠনটোৰ লগতে মূলসুঁতিলৈ আহিব ইউনাইটেড ডেমক্রেটিক লিবাৰেচন ফ্ৰণ্ট অৱ বৰাক ভেলী নামৰ সংগঠনটো (Bru and UDLFBV ceasefire)। কাটলিচেৰাত সোমবাৰে আয়োজন কৰা আত্মসমর্পণ অনুষ্ঠানত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্রী পীযুষ হাজৰিকা । ১৯৯০ চনৰ পৰাই মিজোৰাম-বৰাক সীমান্তত সক্ৰিয় হৈ থকা ব্রু উগ্ৰপন্থী সংগঠনটোৱে অপহৰণ, হত্যা আদিকে ধৰি বহু হিংসাত্মক কার্যকলাপত জড়িত হৈ আছিল ।

Satellite Township in Assam: নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

নগাঁও কাগজ কলৰ বিশাল ভূখণ্ডক উপগ্ৰহীয় চহৰৰ বাবে ব্যৱহাৰ কৰা হ'ব (Satellite Township at Nagaon Paper Mill)। জি এম ডি এৰ তৰফৰ পৰা নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ছিংগাপুৰ চৰকাৰৰ বিশেষজ্ঞ সংস্থা 'মেছাৰ্ছ ছুৰবানা জুৰং ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড'ক উপগ্ৰহীয় চহৰৰ মাষ্টাৰ প্লেন আৰু উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ বাবে পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছে। শীঘ্ৰেই সংস্থাটোৱে আগবঢ়াব চূড়ান্ত প্ৰেজেণ্টেশ্যন ।

Rahul Gandhi enjoys Bullock Cart: গৰুগাড়ীত উঠি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা

দেশজুৰি অব্যাহত আছে ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা' (Bharat Jodo Yatra)৷ আজি ভাৰত জোড়ো যাত্ৰাৰ 95 তম দিন ৷ দেওবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজস্থানৰ বুন্দি জিলাৰ আৰ্নেথাৰ পৰা যাত্ৰা আৰম্ভ কৰে (Rahul Gandhi in Rajasthan)৷ এই যাত্ৰাৰ মাজতে ৰাহুল গান্ধীয়ে কোৰ্টাৰৰ খুৰ্দ গাঁৱত উপস্থিত হৈ চাহ আৰু পুৱাৰ আহাৰ গ্ৰহণ কৰে ৷ পুৱাৰ আহাৰ গ্ৰহণৰ পিছতেই প্ৰাক্তন জিলা প্ৰধান মহাবীৰ মীনাই এখন গৰু গাড়ী অনাত সেই গৰু গাড়ীত উঠি ৰাহুল গান্ধীয়ে কিছু দূৰ ভ্ৰমণ কৰে(Rahul Gandhi indigenous style in Bundi ) ৷

Boy committed suicide at Daspur : পিতৃয়ে ধমক দিয়াৰ বাবেই কিশোৰ পুত্ৰৰ আত্মহনন

কোন দিশে আজি যুৱ প্ৰজন্ম ? একাংশৰ বাবে পিতৃ-মাতৃৰ অনুশাসনো আজিৰ দিনত বোজা হৈ পৰিছে ৷ তাৰেই প্ৰমাণ এজন 14 বছৰীয়া কিশোৰ ৷ পিতৃৰ সাধাৰণ ধমকতে নিজ গৃহতে আত্মহননৰ পথ বাচি ল’লে কিশোৰটিয়ে (Boy committed suicide after father cruse him for hair style at Daspur) ৷

Satra Land Enchrochment in Barpeta: বৰপেটাত সত্ৰৰ ভূমি বেদখল বিজেপি নেতাৰ

অসমৰ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিছে তিনিজনীয়া সদস্যৰে সত্ৰ আয়োগ অসম (Satra lands Commission) ৷ সত্ৰ আয়োগ অসমৰ দলটিয়ে ৰাজ্যৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় বিষয়সমূহৰ সঠিক তথ্য আহৰণ কৰি থকাৰ সময়তেই এইবাৰ বৰপেটাত বিজেপি নেতাই সত্ৰৰ মাটি বেদখলকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে ।

CBI officials reached MLC Kavitha house : তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কন্যা কে কবিতাৰ বাসগৃহত চিবিআইৰ দল

তেলেংগানাৰ বিধায়িকা তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ বাসগৃহত চিবিআইৰ দল (CBI officials reached MLC Kavitha house)। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ তদন্তৰ বাবে দলটো উপস্থিত হৈছে নেত্ৰীগৰাকীৰ বাসগৃহত । চিবিআইয়ে নেত্ৰীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে ।

FIFA World Cup 2022: ইংলেণ্ডক হৰুৱাই পুনৰ বিশ্বকাপ জয়ৰ লক্ষ্যৰে ছেমিফাইনেলত ফ্ৰান্স

শনিবাৰে নিশা অনুষ্ঠিত ফিফা বিশ্বকাপৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে ইংলেণ্ডক 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে (FIFA World Cup)৷ বুধবাৰে ফ্ৰান্সে ফাইনেলত স্থান লাভৰ বাবে মৰক্কোৰ বিৰুদ্ধে খেলিব ।

Sidharth Shukla: 17 বছৰ পূৰ্বে বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় আছিল সিদ্ধাৰ্থ শুক্লা

প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাই 17 বছৰৰ আগতে ভাৰতত প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল । সবিশেষ আগলৈ-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.