ETV Bharat / state

Satra Land Enchrochment In Barpeta: বৰপেটাত সত্ৰৰ ভূমি বেদখল বিজেপি নেতাৰ

author img

By

Published : Dec 11, 2022, 4:54 PM IST

অসমৰ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিছে তিনিজনীয়া সদস্যৰে সত্ৰ আয়োগ অসম (Satra lands Commission) ৷ সত্ৰ আয়োগ অসমৰ দলটিয়ে ৰাজ্যৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় বিষয়সমূহৰ সঠিক তথ্য আহৰণ কৰি থকাৰ সময়তেই এইবাৰ বৰপেটাত বিজেপি নেতাই সত্ৰৰ মাটি বেদখলকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে ।

Satra Land Enchrochment in Barpeta
বৰপেটাত সত্ৰৰ ভূমি বেদখল বিজেপি নেতাৰ

বৰপেটাত সত্ৰৰ ভূমি বেদখল বিজেপি নেতাৰ

বৰপেটা, ১১ডিচেম্বৰ: যি সময়ত সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সত্ৰ আয়োগ গঠনেৰে সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়ত বৰপেটাত বিজেপি নেতাই সত্ৰৰ মাটি বেদখলকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে (Satra Land Enchrochment at Ganakkuchi)। বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা গণককুছি সত্ৰৰ ৰাইজে বেদখলমুক্ত কৰাৰ দাবীত দেওবাৰে অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে (Mahapurush Madhavadeva) ৷ এই সত্ৰখনৰ দখলত থকা ৫ বিঘা মাটি এটা স্বেচ্ছাসেৱী সংস্থাৰ নামত বিজেপি নেতাজনে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে সত্ৰ সমিতিয়ে ৷

সত্ৰখনৰ ভকত আই-মাতৃসহ সত্ৰবাসী ৰাইজে অৱস্থান কাৰ্যসূচী গ্ৰহন কৰি 'বেদখলকাৰী মুকুট ৰঞ্জন দাস মুৰ্দাবাদ','সত্ৰৰ মাটি বেদখল কৰিব দিয়া নহ'ব' বুলি শ্ল'গান দি পৰিবেশ উত্তাল কৰে(Protest against Satra Land Enchrochment) ৷ উক্ত অৱস্থান কাৰ্যসূচীত বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়েও অংশগ্ৰহন কৰে ৷

অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে কয় যে গণককুছি সত্ৰ অকলশৰীয়া নহয় (Protest at Ganakkuchi Satra) ৷ গণককুছি সত্ৰৰ লগত অসমৰ গোটেই সত্ৰসমূহে স্বীকাৰ কৰিছে সত্ৰৰ ভুমি বেদখলমুক্ত হ'বই লাগিব ৷ তেওঁ কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মা এগৰাকী কথা দি কথা ৰখা মুখ্যমন্ত্ৰী । তেওঁৰ নেতৃত্বত সত্ৰৰ ভূমি বেদখল মুক্ত হ'বই ৷ ব্যক্তিগতভাবে কোনোবাই সত্ৰৰ ভুমি দখল কৰিব সেইটো হ'ব নোৱাৰে ৷ যিগৰাকী ব্যক্তিয়ে সত্ৰৰ ভূমি বেদখল কৰি আছে তেওঁ সোঁতৰ বিপৰীতে নগৈ ওলাই আহক ।

সত্ৰৰ ভকত, ৰাইজৰ লগত একত্ৰিত হৈ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি এই ভূমি সত্ৰৰ নামত উচৰ্গিত কৰিবলৈ তেওঁ আহ্বান জনায় ৷ উল্লেখ্য যে সত্ৰৰ মাটি বেদখলৰ অভিয়ুক্ত বিজেপি নেতা মুকুট ৰঞ্জন দাসে স্বীকাৰ কৰিছে যে তেওঁৰ নামত এবিঘা মাটি জিলা প্ৰশাসনে আবণ্টন দিছে যদিও তেওঁ ৫ বিঘা মাটি দখল কৰি খেতি কৰি আছে ৷

লগতে পঢ়ক:Swahid Divas in Goa: গোৱাত অসম আন্দোলনৰ শ্বহীদক স্মৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.