ETV Bharat / sports

FIFA World Cup 2022: ইংলেণ্ডক হৰুৱাই পুনৰ বিশ্বকাপ জয়ৰ লক্ষ্যৰে ছেমিফাইনেলত ফ্ৰান্স

author img

By

Published : Dec 11, 2022, 11:10 AM IST

England vs France
England vs France

শনিবাৰে নিশা অনুষ্ঠিত ফিফা বিশ্বকাপৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে ইংলেণ্ডক 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে (FIFA World Cup)৷ বুধবাৰে ফ্ৰান্সে ফাইনেলত স্থান লাভৰ বাবে মৰক্কোৰ বিৰুদ্ধে খেলিব ।

নিউজ ডেস্ক, 11 নৱেম্বৰ: কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হৈয়েই ফ্ৰান্সৰ খেলুৱৈসকলে ইতিমধ্যে বিশ্বকাপ জয় কৰাৰ দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু তেওঁলোকে আচলতে সেইদৰে উদযাপন কৰিছিল হেৰী কেনৰ মিছ কৰা পেনাল্টি শ্বটটোৰ বাবেহে । শনিবাৰে নিশা অনুষ্ঠিত চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে ইংলেণ্ডক 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে (England vs France match report) ৷

মেচখন তেতিয়াও শেষ হোৱা নাছিল যদিও ফ্ৰান্স ২-১ গ’লত আগবাঢ়ি আছিল ৷ তেতিয়াই ৮৪ মিনিটত ইংলেণ্ডৰ অধিনায়ক কেনে এটা পেনাল্টি শ্ট ল’বলৈ সুযোগ পায় ৷ তেওঁৰ শ্বটটো গ’ল পোষ্টৰ ওপৰেৰে দিক্ ভ্ৰস্ত হৈ যায় (France beat England in FIFA quarter final) ৷ ফলত ফ্ৰান্সে ছেমিফাইনেলত স্থান লাভৰ বাবে ২-১ গ’লত জয়লাভ কৰে ।

ইংলেণ্ডৰ প্ৰশিক্ষক গেৰেথ চাউথগেটে কয় যে, সেয়া ফুটবল । "সেই পৰিস্থিতিত মোৰ কোনো মানুহ নাই আৰু যদি আমাৰ দল জিকিলহেতেন তেন্তে মোৰো হুবহু একেই অনুভৱ হ'লহেঁতেন" বুলি তেওঁ উল্লেখ কৰে ৷ ১৯৫৮ আৰু ১৯৬২ চনত পেলেৰ নেতৃত্বত ব্ৰাজিলে ক্ৰমাগতভাৱে প্ৰতিযোগিতাত জয়লাভ কৰাৰ পিছত ফ্ৰান্সে বিশ্বকাপৰ খিতাপ সফলতাৰে দখল কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’বলৈ আগবঢ়িছে । ১৯৩৪ আৰু ১৯৩৮ চনত ইটালীয়েও একেৰাহে দুটা বিশ্বকাপ জয় কৰিছিল ।

বুধবাৰে ফ্ৰান্সে ফাইনেলত স্থান লাভৰ বাবে মৰক্কোৰ বিৰুদ্ধে খেলিব । ‘‘বিগত সময়ত বিশ্ব চেম্পিয়নসকলে পৰৱৰ্তী বিশ্বকাপত সদায় ভাল প্ৰদৰ্শন কৰা নাছিল আৰু আমি সেইটো কৰিবলৈ সক্ষম হৈছো । ফ্ৰান্সে সেই কথা ভালদৰেই জানে’’ বুলি উল্লেখ কৰে দলটোৰ প্ৰশিক্ষকগৰাকীয়ে ।

২০০২ চনত ফ্ৰান্সৰ দলটো গ্ৰুপ পৰ্যায়ত বাহিৰ হৈছিল । ২০০৬ চনত ফ্ৰান্স পেনাল্টি শ্বুটআউটত ইটালীৰ হাতত পৰাস্ত হৈছিল আৰু তাৰ পিছত ২০১০ চনত চাৰি বছৰৰ পাছত গ্ৰুপ পৰ্যায়ত নক আউট হৈছিল । শনিবাৰে অৰেলিয়ান চুমেনিয়ে ফ্ৰান্সক অগ্ৰগতি দিছিল যদিও ইংলেণ্ডৰ অধিনায়ক কেনে ৫৪ মিনিটত পেনাল্টিৰ দ্বাৰা এটা গ’ল দিয়াৰ লগে লগে স্ক’ৰ সমতা স্থাপন কৰিছিল । ৭৮ মিনিটত অলিভিয়াৰ জিৰ’ডে হেডাৰেৰে ফ্ৰান্সক পুনৰ আগুৱাই লৈ যায় আৰু কেনে পুনৰ সমতা স্থাপনৰ লাভ কৰে । তেতিয়াই তেওঁ নিজৰ শ্বটটো ব্লাষ্ট অভাৰ কৰাত স্কৰ 2-1 হয় ।

চাউথগেটে কয় যে, যেতিয়া আপুনি দ্বিতীয়টো পেনাল্টি পায় আৰু আপোনাক সঁচাকৈয়ে ভালদৰে চিনি পোৱা গ’লৰক্ষক সমুখত থাকিলে গ’ল কৰাতো অতি কঠিন হৈ পৰে । "সেই পৰিস্থিতিত বহু কথা জড়িত হৈ আছে । তেওঁ শ্ৰেষ্ঠ, কিন্তু শ্ৰেষ্ঠতা এতিয়াও 85 শতাংশহে ৷ গতিকে শ্ৰেষ্ঠসকলেও কেতিয়াবা সুযোগ হেৰুৱাব লগা হয় ৷ চূড়ান্ত হুইচেলৰ পিছত কেনে খেলপথাৰতে আঁঠু লৈ দুখ প্ৰকাশ কৰে । তেওঁ পূৰ্বৰ গ’লেৰে দেশৰ আগশাৰীৰ স্ক’ৰাৰ হিচাপে ৱেইন ৰুনীৰ সৈতে সমতাত আছিল যদিও সেয়া গুৰুত্বপূৰ্ণ নাছিল ।

বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথম আফ্ৰিকান দল মৰক্কোৱে এতিয়া ইতিহাস ৰচনা কৰিবলৈ ফ্ৰান্সৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে । পৰৱৰ্তী প্ৰতিদ্বন্দ্বিক লৈ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত ডেশ্বাম্পছে কয় যে, আজি নিশা ইংলেণ্ডৰ দৰে এটা অতি ভাল দলৰ বিৰুদ্ধে আমাক জয়ৰ সোৱাদ ল’বলৈ অনুমতি দিয়ক ।

লগতে পঢ়ক: Portugal vs Morocco match: ইতিহাসৰ সূচনা কৰি মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় দিলে ৰোণাল্ডো বাহিনীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.