ETV Bharat / state

Assam govt peace talks with militants : মূলসুঁতিলৈ আহিব বৰাকৰ দুই বিদ্রোহী সংগঠন

author img

By

Published : Dec 11, 2022, 4:22 PM IST

Updated : Dec 11, 2022, 8:52 PM IST

Assam govt peace talks with militants
মূলসুঁতিলৈ আহিব বৰাকৰ দুই বিদ্রোহী সংগঠন

ব্রু বিদ্রোহী সংগঠনটোৰ লগতে মূলসুঁতিলৈ আহিব ইউনাইটেড ডেমক্রেটিক লিবাৰেচন ফ্ৰণ্ট অৱ বৰাক ভেলী নামৰ সংগঠনটো (Bru and UDLFBV ceasefire)। কাটলিচেৰাত সোমবাৰে আয়োজন কৰা আত্মসমর্পণ অনুষ্ঠানত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্রী পীযুষ হাজৰিকা । ১৯৯০ চনৰ পৰাই মিজোৰাম-বৰাক সীমান্তত সক্ৰিয় হৈ থকা ব্রু উগ্ৰপন্থী সংগঠনটোৱে অপহৰণ, হত্যা আদিকে ধৰি বহু হিংসাত্মক কার্যকলাপত জড়িত হৈ আছিল ।

গুৱাহাটী,১১ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আৰম্ভ কৰা শান্তি প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে কেইবাটাও উগ্রপন্থী সংগঠনে অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ অহাৰ পাছত এইবাৰ বৰাকৰ আন দুটা উগ্রপন্থী সংগঠনে মূলসুঁতিলৈ ঘূৰি অহাৰ প্ৰস্তুতি চলাইছে । অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰ অনুসৰি অস্ত্ৰ সমৰ্পণৰ বাবে এইবাৰ সাজু হৈছে ১,০০০ ব্রু বিদ্রোহী সংগঠনটোৰ সদস্যসকল (Bru militant outfits to come to the mainstream)। সমান্তৰালভাৱে মূলসুঁতিলৈ আহিব ইউনাইটেড ডেমক্রেটিক লিবাৰেচন ফ্ৰণ্ট অৱ বৰাক ভেলী (ইউ ডি এল এফ বি ভি) নামৰ সংগঠনটো (UDLFBV militant outfits to come to the mainstream)।

Assam govt peace talks with militants
মূলসুঁতিলৈ আহিব বৰাকৰ দুই বিদ্রোহী সংগঠন

১২ ডিচেম্বৰত অৰ্থাৎ কাইলৈ দুয়োটা বিদ্রোহী সংগঠনে আত্মসমর্পণেৰে আলোচনাৰ মেজলৈ অহাৰ বাবে দিয়া সন্মতিৰ পাছতে এক বৃহৎ অনুষ্ঠানৰ জৰিয়তে উগ্ৰপন্থী সংগঠন দুটাক অস্ত্ৰ সম্বৰণৰ প্ৰস্তুতি চলাইছে আৰক্ষী বিভাগে (Two militant group outfits to come to mainstream)। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই প্ৰকাশ কৰা মতে কাটলিচেৰাত ১২ ডিচেম্বৰত এই উদ্দেশ্যে অনুষ্ঠিত হ'ব লগা আত্মসমর্পণ অনুষ্ঠানত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্রী পীযুষ হাজৰিকা ।

উল্লেখ্য যে যোৱা দীর্ঘ সময় ধৰি অস্ত্ৰ বিৰতিত থকা ইউ ডি এল এফ বি ভি আৰু ব্ৰু সংগঠন দুটাৰ সদস্যসকলৰ সৈতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই আত্মসমৰ্পণৰ সন্দৰ্ভত কেইবালানিও অনানুষ্ঠানিক বৈঠকত বহিছিল । এই বৈঠকতে সংগঠন দুটাই তেওঁলোকৰ দাবী সন্দৰ্ভত উত্থাপন কৰা বিষয়সমূহ মধ্যস্থতাকাৰীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰাৰ অন্তত আত্মসমৰ্পণৰ বাবে সাজু হৈছে ।

লক্ষণীয়ভাৱে বৰাক উপত্যকাৰ লগতে মিজোৰাম আৰু ত্ৰিপুৰাত যথেষ্ট সক্ৰিয় হৈ থকা ব্রু নাম উগ্ৰপন্থী সংগঠনটোৱে ত্ৰিপুৰাৰ পৰা ব্রু সম্প্ৰদায়ৰ লোকসকলক মিজোৰামলৈ স্থানান্তৰিত কৰাক লৈ যথেষ্ট সংগ্রাম চলাইছিল । ব্রু সম্প্ৰদায়ৰ এনে সংগ্ৰামৰ প্ৰতি সঁহাৰি জনাই ২০১৮ চনত কেন্দ্ৰীয় চৰকাৰে ব্ৰু সম্প্ৰদায়ক মিজোৰামত সংস্থাপিত কৰাই নহয়, এই সম্প্ৰদায়ৰ বিদ্ৰোহী সদস্যসকলক আলোচনালৈ অনাৰ বাবে সৈমান কৰাবলৈ সক্ষম হৈছিল (Bru community settled)। মন কৰিবলগীয়া যে ১৯৯০ চনৰ পৰাই মিজোৰাম-বৰাক সীমান্তত সক্ৰিয় হৈ থকা ব্রু উগ্ৰপন্থী সংগঠনটোৱে অপহৰণ, হত্যা আদিকে ধৰি বহু হিংসাত্মক কার্যকলাপত জড়িত হৈ আছিল । সীমান্তত চলোৱা এনে অপৰাধজনিত ঘটনা তথা হিংসাত্মক ঘটনা ৰোধৰ ক্ষেত্ৰত ব্রু উগ্রপন্থী সংগঠনটোক নিয়ন্ত্ৰণ কৰাৰ বাবে মিজোৰাম চৰকাৰে বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা দিছিল ।

মিজোৰামে দিয়া এনে দাবী তথা হেঁচাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে ব্ৰু সম্প্ৰদায়ৰ বিদ্ৰোহী সদস্যসকলক আলোচনাৰ মেজলৈ আনিবলৈ প্ৰচেষ্টা আৰম্ভ কৰে । অৱশেষত সোমবাৰে সংগঠনটোৱে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিব ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ইতিমধ্যে চলিত বৰ্ষতে অসমৰ ৮ টাকৈ আদিবাসী উগ্রপন্থী সংগঠন আলোচনাৰ মেজলৈ আহিছে । এই সংগঠনসমূহৰ ভিতৰত আছিল বীৰছা কমাণ্ডো ফ'ৰ্চ, আদিবাসী পিপলছ আর্মী, অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মী, আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম আৰু চাওতালী টাইগাৰ ফ'ৰ্চ । ২০১২ চনতে এই উগ্রপন্থী সংগঠনসমূহে যুদ্ধ বিৰতি কৰি শিবিৰত আশ্ৰয় লৈ আছিল ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৎপৰতাত বিভিন্ন শিবিৰত সিঁচৰতি হৈ থকা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক আত্মসমর্পণেৰে মূলসুঁতিলৈ আনিবলৈ সক্ষম হৈছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে দীৰ্ঘদিন ধৰি বৰাক উপত্যকাত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা ব্ৰু উগ্ৰপন্থী সংগঠনৰ ২২০ গৰাকী বিদ্ৰোহীয়ে বিশাল অস্ত্রভাণ্ডাৰসহ আত্মসমৰ্পণ কৰিছিল । এইবাৰ দুটা বিদ্ৰোহী সংগঠনৰ সহস্ৰাধিক কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিব ।

লগতে পঢ়ক :Majuli lakhimpur Bridge : মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে মাজুলী-লখিমপুৰ দলঙৰ নিৰ্মাণকাৰ্য

Last Updated :Dec 11, 2022, 8:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.