7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 4, 2022, 7:03 PM IST

TOP 10 AT 7 PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Hima Das in CWG 2022: মহিলাৰ 200 মিটাৰ হিটছৰ চেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ

বাৰ্মিংহামত ট্ৰেকত নামিল ধিং এক্সপ্ৰেছ হিমা দাস (Dhing express Hima Das) । ২০০ মিটাৰ দৌৰত অংশ ল'লে অসম কন্যা হিমা দাসে (Commonwealth Games 2022) । কমনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰ হিটছত প্ৰথম স্থানত হিমা দাস (Hima Das qualifies for Women's 200 meter Semi-final) । ছেমি ফাইনেলত প্ৰেৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ । হিমাক আশীৰ্বাদ কৰিবলৈ ৰাইজক আহ্বান পিতৃ-মাতৃৰ ৷

Jihadi activities in Madrasa: জমিউল হুদা মাদ্ৰাছা উৎখাত প্ৰশাসনৰ

মৈৰাবাৰী চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছাখন উৎখাত প্ৰশাসনৰ(Eviction at Jamiul Huda Madrassa in Moirabari) ৷ জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত উৎখাত কৰা হয় মাদ্ৰাছাখন(Eviction at Jamiul Huda Madrassa in Moirabari) ৷ মাদ্ৰাছাখনৰ মুফতি মুস্তাফাক আৰক্ষীয়ে 28 জুলাইত আটক কৰি চীল কৰিছিল মাদ্ৰাছাখন ৷

Pijush Hazarika on Jihadi: জেহাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পালে গ্ৰেপ্তাৰ হ’ব AIUDFৰ লোকো

জেহাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পালে এ আই ইউ ডি এফৰ লোকো গ্ৰেপ্তাৰ হ’ব ৷ জেহাদীৰ লগত সম্পৰ্ক থকা মাদ্ৰাছা ভাঙি পেলোৱা হৈছে আৰু প্ৰমাণ পালে অন্য মাদ্ৰাছাৰ ওপৰতো ব্যৱস্থা লোৱা হ’ব । যোৰহাটত এই মন্তব্য পীযুষ হাজৰিকাৰ (Pijush Hazarika on Jihadi issue)৷

NAAC Evaluation : প্ৰত্যায়নৰ চতুৰ্থ চক্ৰৰ বাবে NAAC ৰ তেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন

ৰাষ্ট্ৰীয় মূল্যায়ন তথা প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council), চমুকৈ নাক (NAAC)ৰ ছয়জনীয়া এটি সঁজাতী দলে বিশ্ববিদ্যালয় প্ৰত্যায়নৰ চতুৰ্থ চক্ৰৰ বাবে ১ আগষ্টৰ পৰা ৩ আগষ্টলৈ তেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে (NAAC evaluation of Tezpur University) ।

Minister Jayantmalla Baruah: মানৱ সম্পদ সৃষ্টিৰ বাবে দক্ষতা বিকাশত বিশেষ গুৰুত্ব চৰকাৰৰ

এম এছ এম ই খণ্ডৰ বিকাশৰ বাবে গুৱাহাটীৰ আসাম স্কীল ডেভেল'পমেণ্ট মিছনত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ(Four MoUs signed at Assam Skill Development Mission)। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সৈতে ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজত চুক্তি । এইচ চি এল টেকন'লজিছ আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি ।

Erosion Protection Work : চৰকাৰলৈ বাট নাচাই বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা বিহপুৰীয়াৰ ৰাইজৰ

বৃহস্পতিবাৰে মিচিং সংগঠন TMPK, MMK আৰু TMMK বিহপুৰীয়া জিলা সমিতিৰ উদ্যোগত চাংগা ডিক্ৰং আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে বাঁহ, গছৰ ডাল আদিৰেই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে (Erosion protection work by general people of Bihpuria)।

Assam CM Himanta Biswa Sharma appeal: লাচিত বৰফুকনৰ বীৰগাথা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ আহ্বান

মহাবীৰ লাচিত বৰফুকনৰ বীৰগাথা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ আহ্বান মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM Himanta Biswa Sharma appeal)। মহাবীৰ লাচিতৰ দেশপ্ৰেম আৰু জন্মভূমিৰ প্ৰতি আত্মোৎসৰ্গৰ মনোভাৱ দেশৰ নৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ বাবে এক অনন্য অনুপ্ৰেৰণাৰ উৎস । লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁৰ বিষয়ে দেশবাসীক বিতংভাৱে অৱগত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দেশৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছে ।

Plantation programme: ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পাঁচ লাখ গছপুলি ৰোপণ

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস ৷ বিটিআৰৰ পাঁচ জিলাত ৰোপণ কৰা হ'ব পাঁচ লাখ গছপুলি(Tree Plantation Programme in Kokrajhar) ৷

Operation against corruption: উৎকোচ লৈ আটক হ’ল সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল

পূৰ্বতকৈ অধিক সষ্টম হৈছে অসম আৰক্ষী ৷ দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে (Operation against corruption) । এইবাৰ উৎকোচ লৈ থকা অৱস্থাতে আটক হ’ল চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল ৷

World Breastfeeding Week : বানপানীৰ সময়ত শিশুৰ স্তনপানৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ

নৱজাতকৰ বাবে স্তনপান অতি গুৰুত্বপূৰ্ণ । কিন্তু অসমত বানপানীৰ সময়ত বহু শিশু স্তনপানৰ পৰা বঞ্চিত হৈছে । শিশুসকল যাতে স্তনপানৰ দ্বাৰা বঞ্চিত হ'ব নোৱাৰে তাৰ বাবে UNICEF অসমে বিভিন্ন পদক্ষেপ হাতত লৈছে । বিশ্ব স্তন্যপান সপ্তাহৰ (World Breastfeeding Week) লগত সংগতি ৰাখি এই সম্পৰ্কত ইউনিচেফ অসমৰ Chief field officer ড০ মধুলিকা জনাথনৰ এক বিশেষ লেখা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.