World Breastfeeding Week : বানপানীৰ সময়ত শিশুৰ স্তনপানৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ

author img

By

Published : Aug 4, 2022, 6:27 PM IST

UNICEF

নৱজাতকৰ বাবে স্তনপান অতি গুৰুত্বপূৰ্ণ । কিন্তু অসমত বানপানীৰ সময়ত বহু শিশু স্তনপানৰ পৰা বঞ্চিত হৈছে । শিশুসকল যাতে স্তনপানৰ দ্বাৰা বঞ্চিত হ'ব নোৱাৰে তাৰ বাবে UNICEF অসমে বিভিন্ন পদক্ষেপ হাতত লৈছে । বিশ্ব স্তন্যপান সপ্তাহৰ (World Breastfeeding Week) লগত সংগতি ৰাখি এই সম্পৰ্কত ইউনিচেফ অসমৰ Chief field officer ড০ মধুলিকা জনাথনৰ এক বিশেষ লেখা ।

স্তন্যপান অথবা মাতৃদুগ্ধপান হ'ল শিশুসকলৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰম্ভণি (Breastfeeding is the best start in children lives)। স্তন্যপান হৈছে কেঁচুৱাৰ পুষ্টিৰ সৰ্বশ্ৰেষ্ঠ উৎস, যাৰ ফলত ইয়াৰ মগজুৰ বিকাশ হোৱাৰ উপৰিও মাতৃ গৰাকীও তেওঁৰ জীৱনৰ বাবে লাভান্বিত হয় । এই স্তন্যপানৰ প্ৰয়োজনীয়তা আৰু জীৱন ৰক্ষাৰ বাবে থকা ইয়াৰ গুৰুত্ব অসমত শেহতীয়াকৈ হোৱা বানপানীৰ সময়ত অধিক স্পষ্ট হৈ পৰিছে (Importance of Breastfeeding for children)।

আমি জানো যে এই শেহতীয়া বানপানীৰ সময়ত অসমৰ বহু অঞ্চলৰ গৰ্ভৱতী মহিলা, স্তন্যপান কৰাই থকা মাতৃ, নৱজাতক আৰু শিশুকে ধৰি বহুতো পৰিয়ালে বানপানীৰ বাবে তেওঁলোকৰ নিজৰ ঘৰ এৰি ৰিলিফ কেম্প তথা সাহায্য শিবিৰত থকিবলৈ বাধ্য হৈছিল । এই পৰিস্থিতিৰ ফলত তেওঁলোক খাদ্য, বিশুদ্ধ খোৱাপানী আৰু অনাময়কে ধৰি আনুসংগিক মৌলিক সেৱা, স্বাস্থ্যসেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ পৰা বঞ্চিত নহ'লেও তেওঁলোকৰ বাবে এই অধিকাৰসমূহ নিশ্চয়কৈ সীমিত হৈছিল ।

এনে সংকটৰ সময়ত শিশুৱে একাধিক ভাবুকিৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোক সংক্ৰামক ৰোগ আৰু গুৰুতৰ পুষ্টিহীনতাৰ সন্মুখীন হয় । এই সময়ত মাতৃসকলে সাহায্য শিবিৰত হোৱা অত্যাধিক ভিৰৰ বাবে যদি নিজৰ শিশুক স্তন্যপান কৰাব নোৱাৰে তেন্তে নৱজাতকৰ ওপৰত পৰা এনে প্ৰভাৱৰ ফলত তেওঁলোকৰ সামগ্ৰিক বিকাশত প্ৰভাৱ পৰিব পাৰে ।

এই সংকটৰ সময়ত অংগনৱাড়ী কৰ্মীসকলে ল'ব পাৰে শিশুসকলৰ জীৱন সলনি কৰিব পৰা পদক্ষেপ । অসমৰ বজালী জিলাৰ ভবানীপুৰ অঞ্চলৰ এগৰাকী অংগনৱাড়ী কৰ্মী চম্পালী দাসে এই সংকটৰ সময়ত লৈছিল এনে কিছু মনকৰিবলগীয়া পদক্ষেপ, যাক সাহায্য শিবিৰৰ মূল্যাঙ্কন আৰু নিৰীক্ষণত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থা (ASDMA)ক সমৰ্থন কৰাৰ বাবে আয়োজিত এক অনুশীলনৰ সময়ত মই লগ পাইছিলো ।

চম্পালীয়ে সাহায্য শিবিৰ হিচাপে ব্যবহৃত এখন বিদ্যালয়ৰ মেনেজাৰক তেওঁক বিদ্যালয়খনৰ প্ৰথম মহলাৰ দুটা কোঠা আৱণ্টন কৰোৱাবলৈ সৈমান কৰাইছিল য’ত তেওঁ স্তন্যপান কৰাই থকা মাতৃসকলৰ বাবে এটা স্তন্যপান কৰোৱা কোঠা আৰু আনটোত শিশুসকলক ব্যস্ত ৰখাৰ বাবে এটা খেলা ঘৰৰ ব্যৱস্থা কৰিছিল ।

" মই শিবিৰত ছয় মাহৰ পৰা ছয় বছৰ বয়সৰ প্ৰায় সাতগৰাকী স্তন্যপান কৰাই থকা মাতৃ আৰু প্ৰায় ১৫ টা শিশু দেখিছিলো । মই এই শিবিৰত শিশুসকলক স্তন্যপান কৰোৱাৰ বাবে এটা কক্ষ স্থাপন কৰা আৰু লগতে শিশুসকলৰ বাবে এটা খেলা ঘৰৰ ব্যবস্থা কৰাৰ বাবে গুৰুত্ব দিছিলো । খেলা ঘৰটো এই কাৰণেই জৰুৰী যাতে এই সংকটৰ পৰিস্থিতিত তেওঁলোকক এক স্বাভাৱিক পৰিৱেশ দিব পৰা যায়," চম্পালীয়ে কয় ।

মাতৃসকলক উচ্চ মানদণ্ডৰ পৰামৰ্শ আৰু ব্যৱহাৰিক সমৰ্থন প্ৰদান কৰাৰ বাবে অসমত স্বাস্থ্যসেৱা কৰ্মচাৰীসকলক দক্ষতা বৃদ্ধিৰ বাবে ইউনিচেফ অসমে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে আৰু এই দক্ষতা বিকাশৰ কামটো ইউনিচেফৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ যাতে, বিশেষকৈ মাতৃসকলে পাৱলগীয়া অত্যাৱশ্যকীয় নিয়মীয়া সেৱাসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰি । ইয়াৰ বাবে, আমি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সৈতে নৱজাতক গাখীৰ বিকল্প আইন (Infant Milk Substitute Act) অনুসৰণ কৰি শিশুসকলৰ প্ৰতি পুষ্টিৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে মাত মাতি আহিছোঁ । ইয়াৰ বাহিৰেও আমি অসমৰ সকলো জিলাৰ প্ৰায় ৩০০ গৰাকী বিষয়াক প্ৰশিক্ষণৰ দিছো যাৰ ফলত অংগনৱাড়ী কৰ্মীসকলে এই পৰিয়ালবোৰলৈ শুকান ৰেচন বিতৰণ কৰা, সাহায্য শিবিৰত শিশুসকলক গৰম ৰন্ধা আহাৰ পৰিবেশন কৰা আৰু লগতে শিশু-অনুকূল খেলা ঘৰ আৰু স্তন্যপানৰ কোঠা স্থাপনত সহায় কৰিছে ।

ইউনিচেফ অসমে তেজপুৰ বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ সৈতে অসমৰ ১২ খন জিলাত শিশুসকলৰ পুষ্টিৰ নিশ্চিতকৰণৰ বাবে বান-সঁহাৰি কাৰ্য্য হিচাবে মাইক্ৰ'নিউট্ৰিয়েণ্ট পৰিপূৰক সহ নিয়মীয়া স্ক্ৰীণিঙৰ বাবে কাৰিকৰী সহায় আগবঢ়াই আহিছে । আটাইতকৈ বেছি বান প্ৰভাৱিত জিলাসমূহৰ প্ৰায় ৪৬ টা সাহায্য শিবিৰ পৰিদৰ্শন কৰি আমি এই শিবিৰসমূহত স্তন্যপান কৰোৱা কক্ষ স্থাপনৰ প্ৰয়োজনীয়তা তথা পুষ্টিকৰ সেৱাৰ অৱস্থিতিৰ বিষয়ে জিলা কৰ্তৃপক্ষক অৱগত কৰিছো ।

মনকৰিবলগীয়া যে নতুনকৈ সৃষ্টি হোৱা বজালী জিলাৰ ভাবনীপুৰ অঞ্চলত এই বছৰ অভূতপূৰ্ব বানপানী দেখা গৈছিল । ASDMA ৰ মতে, জিলাখনত বানপানীত ৫,০৮১ টা শিশুসহ ৪৯,৪০২ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছিল । জিলা প্ৰশাসনে বানপীড়িত লোকসকলক ৰাখিবলৈ জিলাখনত ১২ টা সাহায্য শিবিৰ খুলিব লগা হৈছিল আৰু ২৪ জুনলৈকে ২৪৫ টা শিশুসহ প্ৰায় ২,০০০ লোক এই সাহায্য শিবিৰত বাস কৰিছিল ।

চম্পালীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ যথেষ্ট গুৰুত্ব আছে কাৰণ ৰাজ্যখনত স্তন্যপান কৰোৱাৰ মাত্ৰা ৬৪ শতাংশৰ (২০১৫-১৬ বৰ্ষৰ) পৰা ৪৯ শতাংশলৈ হ্ৰাস (২০১৯-২০২০ বৰ্ষৰ সংখ্যা) (NFHS-৪ আৰু NFHS-৫ ৰ মতে)। বৰ্তমান আমাৰ ৰাজ্যখনত জন্মৰ পৰা প্ৰথম ছয় মাহত প্ৰতি ১০ গৰাকী শিশুৰ মাত্ৰ ছয়জনক হে স্তন্যপান কৰোৱা হয় (NFHS-৫ মতে)।

জন্মৰ প্ৰথম ঘণ্টাত একচেটিয়া স্তন্যপান আৰু পাছৰ পৰ্য্যায়ত শিশুসকলৰ নিৰন্তৰ স্তন্যপানে বহু সংক্ৰমণ আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিৰক্ষা প্ৰদান কৰে । ইয়াৰ বিপৰীতে দেখা যায় যে আংশিকভাৱে স্তন্যপান কৰোৱা শিশুসকল মাজত ডায়েৰিয়া হোৱাৰ আশংকা অধিক হয় আৰু যদি তেওঁলোকে জীৱন ৰক্ষাকাৰী চিকিৎসা নাপায় তেন্তে গুৰুতৰ পুষ্টিহীনতাৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা অধিক । ইয়াৰ উপৰিও, স্তন্যপান কৰোৱাৰ সময়ত বিকশিত হোৱা মাতৃ-কেঁচুৱাৰ বন্ধনে শিশুৰ জ্ঞানগত দক্ষতা আৰু আৱেগিক জ্ঞান গঢ়াত অৰিহণা যোগায় ।

স্তন্যপানৰ ফলত শিশুসকলে প্ৰায় ছয় মাহলৈকে প্ৰয়োজনীয় সকলো পুষ্টি লাভ কৰে, বিশেষকৈ জৰুৰীকালীন অৱস্থাত য'ত বিশুদ্ধ পানী, বিদ্যুৎ আৰু আন যিকোনো খাদ্য আৰু পানীয়ৰ অভাৱে শিশুসকলক সহজে ৰুগীয়া কৰিব পাৰে । মাতৃদুগ্ধৰ বিকল্প খাদ্যবোৰে দুৰ্বল নৱজাতকৰ স্বাস্থ্যৰ বাবে বিপদাশংকা সৃষ্টি কৰে আৰু এইসমূহ তেতিয়াহে প্ৰদান কৰিব লাগে যেতিয়া আন কোনো বিকল্প ব্যবস্থা নাথাকে । ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাই ফৰ্মুলা গাখীৰৰ সুৰক্ষিত আৰু উপযুক্ত ব্যৱহাৰ নিশ্চিত কৰিবলৈ অভিভাৱকসকল, কেয়াৰ গিভাৰসকল, দাতব্য সংস্থাসমূহ আৰু স্বাস্থ্যকৰ্মীসকলৰ বাবে স্পষ্ট নিৰ্দেশনা জাৰী কৰিছে ।

এই বিশ্ব স্তন্যপান সপ্তাহত, ইউনিচেফ অসমে চৰকাৰৰ ফালৰ পৰা কেৱল স্তন্যপান কাৰ্যসূচীৰ সমৰ্থনৰ বাবে বিনিয়োগকাৰী বিচৰা কাৰ্যক, বিশেষকৈ বানপানীৰ ফলত সংকটৰ সন্মুখীন হোৱা এলেকাবোৰত, অগ্ৰাধিকাৰ দিয়াৰ উপৰিও পৰিয়াল-অনুকূল নীতি ৰূপায়ণৰ দিশত কাম কৰাৰ ওপৰত গুৰুত্ব দিছে যাতে মাতৃসকলে স্তন্যপান কৰোৱাৰ বাবে সময় তথা নিৰ্দিষ্ট স্থান লাভ কৰিব পাৰে আৰু যাতে কৰ্মৰত মাতৃসকলে পৰ্যাপ্ত বেতনযুক্ত মাতৃত্বকালীন ছুটি লাভ কৰিব পাৰে ।

উল্লেখ্য যে স্তনপান সম্পৰ্কত এই ব্যাখ্যা আগবঢ়োৱা ড০ মধুলিকা জনাথনে ২০১৯ চনৰ ছেপ্টেম্বৰত UNICEF অসম আৰু উত্তৰ-পূবৰ ক্ষেত্ৰ কাৰ্যালয়ৰ মুৰব্বী হিচাপে যোগদান কৰিছিল । ইয়াৰ পূৰ্বে তেওঁ ২০১৫-২০১৯ চনলৈ UNICEF ঝাৰখণ্ডত ক্ষেত্ৰ কাৰ্যালয়ৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । য'ত তেওঁ কঠিন পৰিস্থিতিৰ মাজতো শিশুসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত UNICEF ৰ জৰিয়তে অৱদান আগবঢ়াইছে ।

(লেখক: ড০ মধুলিকা জনাথন, চিফ ফিল্ড অফিচাৰ, ইউনিচেফ অসম)

লগতে পঢ়ক :Sexual Health: পুৰুষে সন্মুখীন হোৱা 4 টা সাধাৰণ যৌন স্বাস্থ্যৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.