Operation against corruption: উৎকোচ লৈ আটক হ’ল সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল
Published: Aug 4, 2022, 6:19 PM

Operation against corruption: উৎকোচ লৈ আটক হ’ল সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল
Published: Aug 4, 2022, 6:19 PM
পূৰ্বতকৈ অধিক সষ্টম হৈছে অসম আৰক্ষী ৷ দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে (Operation against corruption) । এইবাৰ উৎকোচ লৈ থকা অৱস্থাতে আটক হ’ল চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল ৷
ডিব্ৰুগড়, 4 আগষ্ট : ৰাখে ‘হৰি’ মাৰে কোনে, মাৰে ‘হৰি’ ৰাখে কোনে ? পিচে আজি হৰিক বচাবলৈ নাই কোনো ৷ ‘হৰি’ আজি পৰিল অসম আৰক্ষীৰ জালত ৷
অ’ ৰ’ব ৷ আমি কোৱা এই ‘হৰি’জন পিছে কোনো সেই ফকৰা যোজনাফাকিৰ হৰি নহয় ৷ এই হৰিজন হৈছে চৰাইদেউ জিলাৰ সাপেখাটি ৰাইজৰ চকুৰ কুটাহে ৷ কিয়নো চৰকাৰী কামৰ বিনিময়ত চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল হৰি প্ৰসাদ দাসে ৰাইজৰ পৰা লয় ঘোচ (Hari Prasad Das caught red handed) ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷
বৃহস্পতিবাৰে দশা বেয়া আছিল লাট মণ্ডল হৰি প্ৰসাদ দাসৰ ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি অৰ্থাৎ বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অভিযান চলিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ (Directorate of Vigilance and Anti Corruption) । এই অভিযানত উৎকোচৰ ধন গ্ৰহণ কৰা সময়ত হাতে লোটে ধৰা পৰে চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল হৰি প্ৰসাদ দাস ।
বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত হৰি প্ৰসাদ দাস ৷ অভিযুক্ত আটকাধীন লাট মণ্ডলজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰিখিছে অভিযানকাৰী দলটোৱে ।
