Jihadi activities in Madrasa: জমিউল হুদা মাদ্ৰাছা উৎখাত প্ৰশাসনৰ

author img

By

Published : Aug 4, 2022, 6:24 PM IST

Jihadi activities in Madrasa

মৈৰাবাৰী চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছাখন উৎখাত প্ৰশাসনৰ(Eviction at Jamiul Huda Madrassa in Moirabari) ৷ জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত উৎখাত কৰা হয় মাদ্ৰাছাখন(Eviction at Jamiul Huda Madrassa in Moirabari) ৷ মাদ্ৰাছাখনৰ মুফতি মুস্তাফাক আৰক্ষীয়ে 28 জুলাইত আটক কৰি চীল কৰিছিল মাদ্ৰাছাখন ৷

মৈৰাবাৰী, 4 আগষ্ট : বাংলাদেশৰ আনচাৰুল্লাহ বাংলা চুমকৈ এ বি টিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মৈৰাবাৰী চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছখন মৰিগাঁও জিলা প্ৰশাসনে ২৮ জুলাইত চীল কৰাৰ পাছত আজি অৰ্থাৎ বৃহস্পতিবাৰে মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উৎখাত কৰে(Eviction at Jamiul Huda Madrassa in Moirabari) । উল্লেখ্য যে, এই মাদ্ৰাছাখনৰ শিক্ষক মুফতি মুস্তাফাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আৰু কেইবাজনো মৌলবীক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছিল । মুফতি মুস্তাফাই ২০১৯ চনৰ পৰা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা ধনৰ লেনদেন কৰি আহিছিল ।

জমিউল হুদা মাদ্ৰাছ উৎখাত প্ৰশাসনৰ

তদুপৰি ২০১৯ চনত মুফতি মুস্তাফাই এই জমিউল হুদা মাদ্ৰাছাত বহিঃৰাষ্ট্ৰৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠন, জেহাদী সংগঠনৰ সদস্যক আশ্ৰয় দি আহিছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । মৈৰাবাৰী আৰক্ষীয়ে এই মাদ্ৰাছাখনৰ যাৱতীয় তথ্য পাতিৰ লগতে মফতি মুস্তাফাৰ পাচবুক, পাৰপত্ৰ, বেংকৰ পাচবুক, ম'বাইল ফোন আদি জব্দ কৰিছিল । ইয়াৰ পাছতেই বৃহস্পতিবাৰে পুৱাৰ পৰা মৰিগাঁও জিলা প্ৰশাসনে আৰক্ষীৰ এটা বৃহৎ দল লৈ কটকটীয়া নিৰাপত্তাৰ মাজত মাদ্ৰাছাখন ভাঙি চূৰমাৰ কৰে ।

মাদ্ৰাছা উৎখাত কৰাৰ সময়ত স্থানীয় কোনো লোকক ঘটনাস্থলীত সোমাবলৈ দিয়া নাই । এই মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা জিলা প্ৰশাসনে যোৱা ২৮ জুলাইত চীল কৰাৰ পাছত ইয়াতে পঢ়ি থকা কণকণ ছাত্ৰসকলকো সোধপোছৰ বাবে থানালৈ আনিছিল ৷ মাদ্ৰাছাখনৰ মুফতি মুস্তাফাই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আমিৰুদ্দিন আৰু মামুল ৰছিদৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে মুফতি মুস্তাফাই জেহাদীৰ বিশাল নেটৱৰ্ক গঢ়িবলৈ চেষ্টা কৰি আছে বুলি সন্দেহ কৰে ।

মৰিগাঁও জিলা প্ৰশাসনে মাদ্ৰাছাখন সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ কৰাৰ পাছত আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে কয় যে, জেহাদীৰে লিংক থকাৰ অভিযোগৰ বাবেই মাদ্ৰাছাখন উৎখাত কৰা হ’ল(Eviction drive carried out at Jamiul Huda Madrassa) । উল্লেখ্য যে, মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ পাছত(Jehadi Linkman Arrested in Morigaon) মৰিগাঁও জিলাত নিয়াই অভিযান চলাইছিল আৰু নিয়াৰ অভিযানত জেহাদীৰে সম্পৰ্ক থকাৰ সন্দেহত ধিঙৰ আমিৰ হামজা নামৰ আন এজন মৌলানাক গ্ৰেপ্তাৰ কৰা হয় । ধিঙৰ ভেৰভেৰী ছোবাহী মাদ্ৰাছাত শিক্ষকতা কৰিছিল আমিৰ হামজা নামৰ মৌলানাজনে ।

মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ পাছত মৈৰাবাৰীৰ নিকটৱৰ্তী সুৰুচলা গাঁৱৰ জামিয়া তাছলিনহাত টাইটেল বানাত মহিলা মাদ্ৰাছাৰ সাতজন শিক্ষকক আটক কৰি আৰক্ষীয়ে সোধপোছ কৰিছিল । ইপিনে ৩০ জুলাইত মুস্তাফাৰ পত্নী আৰু ভাতৃকো আৰক্ষীয়ে আটক কৰিছিল । এইদৰে এটাৰ পাছত এটা অভিযান চলাই আছে আৰক্ষীয়ে । ইপিনে মৰিগাঁও মিলনপুৰৰ আফচাৰুদ্দিন ভূঞা নামৰ এজন টিউচন মাষ্টৰ বুলি পৰিচিত লোককো মুফতি মুস্তাফাৰ লগত সু-সম্পৰ্ক থকাৰ সন্দেহত আটক কৰি সোধপোছ কৰিছিল আৰক্ষীয়ে । মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Jihadi activities from madrasa: মৰিগাৱঁত জেহাদী সংগঠনৰ মাদ্ৰাছা ছীল, লিংকমেন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.