Erosion Protection Work : চৰকাৰলৈ বাট নাচাই বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা বিহপুৰীয়াৰ ৰাইজৰ

author img

By

Published : Aug 4, 2022, 6:28 PM IST

Bihpuria

বৃহস্পতিবাৰে মিচিং সংগঠন TMPK, MMK আৰু TMMK বিহপুৰীয়া জিলা সমিতিৰ উদ্যোগত চাংগা ডিক্ৰং আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে বাঁহ, গছৰ ডাল আদিৰেই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে (Erosion protection work by general people of Bihpuria)।

বিহপুৰীয়া, 4 আগষ্ট : বান বিধ্বস্ত ৰাজ্যত এতিয়া কেউফালে খহনীয়া আৰু ধ্বংসাত্মক দৃশ্য (Erosion and destructive scenes in flood ravaged state) । ৰাজ্যৰ বিভিন্ন স্থানত বানে মথাউৰি ছিগাৰ লগতে খহনীয়াত জাহ গৈছে বিভিন্ন অঞ্চল । বান পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে ছিগা মথাউৰি নিৰ্মাণ তথা পুনৰ নিৰ্মাণৰ লগতে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে ।

ইতিমধ্যে স্বয়ং মুখ্যমন্ত্ৰীয়ে উক্ত বিষয়সমূহত হস্তক্ষেপ কৰি জল সম্পদ বিভাগক জৰুৰীভাৱে কাৰ্যকৰী ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিছে (Chief Minister directed water resources department for effective measures) । কিন্তু তাৰ পিছতো এই কাৰ্য ত্বৰান্বিত নোহোৱাৰ অভিযোগ । লগতে অভিযোগ উঠিছে মথাউৰি নিৰ্মাণকে ধৰি খহনীয়া প্ৰতিৰোধৰ বাবে হাতত লোৱা ব্যৱস্থা অতি নিম্ন মানদণ্ডৰ তথা অবিজ্ঞানসন্মত বুলি ।

চৰকাৰলৈ বাট নাচাই বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা বিহপুৰীয়াৰ ৰাইজৰ

তাৰ মাজতে আকৌ বহু ঠাইত এতিয়াও কামেই হাতত লোৱা নাই জল সম্পদ বিভাগে (Water resources minister Piyush Hazarika) । এইবাৰ চৰকাৰলৈ বাট নাচাই নিজে বাঁহৰ গোঁজ পুতি খহনীয়া ৰোধৰ প্ৰচেষ্টাত নামিছে একাংশ ৰাইজ । উল্লেখ্য, বিহপুৰীয়াত আজিও অব্যাহত আছে সোৱণশিৰিৰ ভয়াৱহ খহনীয়া (Erosion in Sowansiri in Bihpuria) ।

লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও স্থানত সোৱণশিৰি আৰু ডিক্ৰং নৈৰ খহনীয়া কোনো নতুন বিষয় নহয় (Erosion of Sowansiri and Dicrong river) । নৈ দুখনৰ কাল খহনীয়াত ৰাজহ চক্ৰটোৰ বহুকেইখন গাঁৱৰ শ শ পৰিয়ালে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে । খহনীয়াত বহু পৰিয়ালৰ ঘৰৰ ভেটি উছন হোৱাৰ লগতে নৈৰ বুকুত জাহ গৈছে বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান ।

শেহতীয়াকৈ সোৱণশিৰিৰ খহনীয়াই বাঁহগড়া-ধূনাগুৰি গাঁও পঞ্চায়তৰ আউনীবাৰী মিচিং গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পূৰ্বতে খহনীয়াত হাজাৰ হাজাৰ বিঘা কৃষিভূমি জাহ যোৱাৰ পিছত এইবাৰ চৰকাৰলৈ বাট নাচাই স্থানীয় ৰাইজে নিজে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে (Erosion protection work by general people of Bihpuria) ।

বৃহস্পতিবাৰে মিচিং সংগঠন TMPK, MMK আৰু TMMK বিহপুৰীয়া জিলা সমিতিৰ উদ্যোগত চাংগা ডিক্ৰং আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত বাঁহ, গছৰ ডাল আদিৰেই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে । ইফালে সোৱণশিৰি আৰু খেৰসুঁতি নদীৰ মাজৰ দ্বীপত থকা পাভবেকেলী, ১নং আৰু ২নং কানিয়াজান, ১নং আৰু ২নং আউনীবাৰী, ২নং কংকুৰ আদি গাঁৱৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ খাতিৰত খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ ৰাজ্য চৰকাৰৰ জল সম্পদ বিভাগক স্থানীয় ৰাইজ আৰু সংগঠনৰ বিষয়ববীয়াই আহ্বান জনাইছে ।

লগতে পঢ়ক :Protest in Kalgachia: খহনীয়া প্ৰতিৰোধৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.