Plantation programme: ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পাঁচ লাখ গছপুলি ৰোপণ

author img

By

Published : Aug 4, 2022, 6:30 PM IST

tree-plantation-programme-in-kokrajhar-for-uppl-7th-foundation-day

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস ৷ বিটিআৰৰ পাঁচ জিলাত ৰোপণ কৰা হ'ব পাঁচ লাখ গছপুলি(Tree Plantation Programme in Kokrajhar) ৷

কোকৰাঝাৰ, 4 আগষ্ট: বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস(UPPL 7th Foundation Day) ৷ ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰা পথাৰত ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পাঁচ লাখ গছপুলি ৰোপণ

ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ বৃক্ষৰোপণৰে(Tree Plantation Programme in Kokrajhar) শুভাৰম্ভ কৰে বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সাধাৰণ সম্পাদক নিলুৎ স্বৰ্গীয়াৰী আৰু বিজেপিৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্মই ৷ উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ইউপিপিএলে বৃহস্পতিবাৰে বিটিআৰৰ পাঁচখন জিলাত পাঁচ লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য লৈছে ৷

tree-plantation-programme-in-kokrajhar-for-uppl-7th-foundation-day
ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পাঁচ লাখ গছপুলি ৰোপণ

ইপিনে, গছপুলি ৰোপণৰ অন্তত সংবাদমাধ্যমৰ আগত কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী আৰু কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজ কুমাৰ ব্ৰহ্মই কয় যে, বিশ্বজুৰি গোলকীয় উত্তাপ বৃদ্ধিয়ে মানৱ সভ্যতা তথা জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । গোলকীয় উষ্ণতা ৰোধ কৰা তথা পৰিৱেশ সেউজ কৰাৰ উদ্দেশ্যেৰে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি ইউপিপিএল আৰু বিজেপিৰ নেতাদ্বয়ে মন্তব্য কৰে ৷

tree-plantation-programme-in-kokrajhar-for-uppl-7th-foundation-day
ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পাঁচ লাখ গছপুলি ৰোপণ

আনহাতে, ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পাঁচ লাখ গছপুলি ৰোপণ কৰাৰ লগতে আগন্তুক এমাহত ১০ লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে বুলি সদৰী কৰে নিলুৎ স্বৰ্গীয়াৰীয়ে । ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, জিলা সাধাৰণ সম্পাদক সূৰজ বসুমতাৰী আৰু জিলা সহকাৰী সাধাৰণ সম্পাদক অমূল্য সুত্ৰধৰ ৷

লগতে পঢ়ক : সমাজৰ কল্যাণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ UPLL : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.