Pijush Hazarika on Jihadi: জেহাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পালে গ্ৰেপ্তাৰ হ’ব AIUDFৰ লোকো

author img

By

Published : Aug 4, 2022, 6:44 PM IST

Pijush Hazarika on Jihadi issue

জেহাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পালে এ আই ইউ ডি এফৰ লোকো গ্ৰেপ্তাৰ হ’ব ৷ জেহাদীৰ লগত সম্পৰ্ক থকা মাদ্ৰাছা ভাঙি পেলোৱা হৈছে আৰু প্ৰমাণ পালে অন্য মাদ্ৰাছাৰ ওপৰতো ব্যৱস্থা লোৱা হ’ব । যোৰহাটত এই মন্তব্য পীযুষ হাজৰিকাৰ (Pijush Hazarika on Jihadi issue)৷

যোৰহাট, 4 আগষ্ট: যোৰহাটত এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika on Jihadi issue)। জেহাদীয়ে গুলিয়াই মাৰিলেও আপোচ নকৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ ওকণিৰ ভয়ত চুলি নুখুৰাই ৷ বুধবাৰে নগাঁৱত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, অসমীয়াই জেহাদীৰ সমৰ্থকক ক্ষমা খুজিবলগীয়া পৰিস্থিতি হ’লে অসমত থাকিবলৈ বাদ দিব লাগিব ৷ য’ত দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব, তাত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিছিল মন্ত্ৰী হাজৰিকাই (Minister Pijush Hazarika Comment on Jihadi in Assam) ৷

ইয়াৰ পাচতেই এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মন্ত্ৰী পীযুষ হাজৰিকাক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে আহ্বান জনাইছিল । লগতে তেওঁ যদি তেনে নকৰে তেন্তে ইয়াৰ পিছত অনিয়ন্ত্ৰিত আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছিল কৰিমউদ্দিন বৰভূঞাই ।

বিধায়ক কৰিমউদ্দিন বৰভূঞাক ওভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

কৰিমউদ্দিন বৰভূঞাৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে তেজপুৰত পীযুষ হাজৰিকাই কয়,"মই কি, মোৰ ল'ৰা আৰু ১৪ গোষ্ঠীয়েও বৰভূঞাৰ ওচৰত ক্ষমা নোখোজে । তেওঁলোকে ১৪ গোষ্ঠী শব্দটো বুজি পায়নে নাই মই নাজানো । কিন্তু মই কোনো জেহাদীৰ ওচৰত ক্ষমা খোজাতকৈ মই মৰি যাম, কিন্তু ক্ষমা নোখোজোঁ ।"

তেওঁ লগতে কয় যে, তেওঁলোকে যি কৰে কৰক, তেওঁ ভয় কৰা মানুহ নহয় । লগতে তেওঁলোকে যি আন্দোলন কৰে তাৰ বাবে শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে কয়, অনিয়ন্ত্ৰিত আন্দোলনৰ নামত জেহাদী কাৰ্যকলাপ যাতে নহয় । তেতিয়া সেয়া কঠোৰ হাতেৰে দমন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে (Pijush hazarika criticizes AIUDF) ।

ইফালে আজি যোৰহাটত এই সন্দৰ্ভত পুনৰ মন্তব্য কৰি জেহাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পালে এ আই ইউ ডি এফৰ লোকো গ্ৰেপ্তাৰ হ’ব বুলি পীযুষ হাজৰিকাই উল্লেখ কৰে (Jihadi issue in Assam)৷ তেওঁ লগতে কয় যে, জেহাদীৰ লগত সম্পৰ্ক থকা মাদ্ৰাছা ভাঙি পেলোৱা হৈছে আৰু প্ৰমাণ পালে অন্য মাদ্ৰাছাৰ ওপৰতো ব্যৱস্থা লোৱা হ’ব ।

লগতে পঢ়ক : Piyush Hazarika vs Karimuddin Barbhuyan : মই কৰিমউদ্দিন বৰভূঞাৰ ওচৰত ক্ষমা নোখোজোঁ, যি কৰে কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.