ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 13, 2022, 3:02 PM IST

Top 10 at 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Indo China standoff: চীনে দাবী কৰিলেও অৰুণাচল কেতিয়াও চীনৰ অংশ নহয়; স্থানীয় লোক

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত সংঘাত হোৱাৰ পিছত সষ্টম হৈছে ভাৰতীয় সেনা আৰু স্থানীয় ৰাইজ (Indo China standoff) । ইতিমধ্যে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ইয়াংস্তে নামৰ ঠাইলৈ সেনাৰ দল মোটায়েন কৰা হৈছে । তথ্য অনুসৰি মুঠ 6 জন ভাৰতীয় সেনাৰ লোক গুৱাহাটীৰ সেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Indo China border clash)।

Tihar jail Inquiry Committee reports : তিহাৰ কাৰাগাৰৰ বহু স্থানত এতিয়াও নাই চিচিটিভি কেমেৰা !

তিহাৰ কাৰাগাৰৰ বহু স্থানত নাই চিচিটিভি কেমেৰা (CCTV camera in Tihar Jail)। লেফটেনেণ্ট গৱৰ্ণৰে গঠন কৰি দিয়া সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে । সমিতিখনে উক্ত স্থানবোৰত চিচিটিভি কেমেৰা স্থাপনৰ পৰামৰ্শ দিছে ।

Attacked on Parliament of India : সংসদ ভৱন আক্ৰমণৰ ২১ বছৰ

ভাৰতৰ সংসদ ভৱন আক্ৰমণৰ ২১ বছৰ (21th anniversary of Parliament attack)। সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন । আক্ৰমণত ৯ গৰাকী লোক শ্বহীদ হৈছিল ।

Assam assembly winter session: ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অহা ২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (Assam assembly winter session)। বিধানসভা সচিবালয়ে ইতিমধ্যে পাঁচোটা দিনৰে কাৰ্যসূচী প্ৰকাশ কৰিছে ৷

Protest in Guwahati : উচ্ছেদ বন্ধৰ দাবীত গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীৰ প্ৰতিবাদ

গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest in Guwahati)। ব্যৱসায়ীসকলক বলপূৰ্বক উচ্ছেদ বন্ধ কৰাৰ দাবীত গুৱাহাটী পথ ব্যৱসায়ী উন্নয়ন মঞ্চৰ উদ্য়োগত প্ৰতিবাদত বহিল হাজাৰ হাজৰ ব্যৱসায়ী । প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ।

Bharat Jodo Yatra: ৯৭ দিনত প্ৰৱেশ কৰিলে ভাৰত জোড়ো যাত্ৰাই

ভাৰত জোড়ো যাত্ৰা আজি পুৱা ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাৰ পৰা আৰম্ভ হৈছে (Bharat Jodo Yatra at Rajasthan)। পুৱাই আৰম্ভ হোৱা এই যাত্ৰাত শচীন পাইলট আৰু মুখ্যমন্ত্ৰী অশোক গেহলটেও অংশগ্ৰহণ কৰে ।

CAA protest in Assam: কা বিৰোধী স্থিতিত অটল AJYP সভাপতি উজ্জ্বল চুতীয়া

ৰাজ্যত কা বিৰোধী আন্দোলনে ইতিমধ্যে তিনিটা বছৰ অতিক্ৰম কৰিলে(Citizenship Amendment Act) ৷ ২০১৯ চনত আঘোনমহীয়া সোণগুটি ঘৰলৈ চপোৱাৰ সময়তে ভৰপক হৈছিল কা বিৰোধী আন্দোলন ৷ চৌদিশে হিংসাত্মক ৰূপ লৈছিল(3 Years of CAA protest) । ফলস্বৰূপে পাচঁজন তেজাল যুৱকে প্ৰাণ আহুতি দিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছিল । এইক্ষেত্ৰত মঙলবাৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে কা আগতেও মনা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নামানে(AJYCP protest against CAA) ৷

Siddhartha Rajkhowa firing: সম্পত্তিৰ বাবেই সিদ্ধাৰ্থক হত্যাৰ চেষ্টা চলাইছিল আত্মীয়ই

ডিব্ৰুগড়ত সংঘটিত গুলী চালনাৰ ঘটনাৰ আঁৰত আছে সম্পত্তি কেন্দ্ৰিক সংঘাত (property centric attempt to murder) ৷ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিলে এই চাঞ্চল্যকৰ তথ্য ৷ তিনিজন অভিযুক্তক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ উদ্ধাৰ হৈছে গুলীচালনাত ব্যৱহৃত পিস্তলটো (firing in Dibrugarh)৷

Nora Fatehi Jacqueline Fernandez news:জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে নোৰা ফাতেহীয়ে

বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে । গোচৰটোত জেকলিনক বিদ্বেষপূৰ্ণ কাৰণত নোৰাৰ বিৰুদ্ধে মানহানিকৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

Badminton player of Teok: ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতালৈ টীয়কৰ খেলুৱৈ

ৰাজ্যৰ ক্ৰীড়া জগতখনলৈ পুনৰ সুখবৰ । শেহতীয়াকৈ হিমা, নয়নমণি, লাভলিনা, অম্লানৰ পাছত এইবাৰ জিলিকিছে টীয়কৰ বৰ্ণিল । টীয়কৰ কাকজান আৰন্ধৰা নৰা গাঁৱৰ উদীয়মান খেলুৱৈ বৰ্ণিল আকাশ চাংমায়ে অসম তথা দেশৰ বিভিন্ন স্থানত বেডমিন্টন খেলি নিজ পাৰদৰ্শিতাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে(Badminton player From Teok Barnil Akash Sangmai) । বৰ্ণিলে অহা ২৬ ডিচেম্বৰৰ পৰা ভুৱনেশ্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতাত(National level badminton tournament in Bhubaneswar) অসমক প্ৰতিনিধিত্ব কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.