ETV Bharat / state

Siddhartha Rajkhowa firing: সম্পত্তিৰ বাবেই সিদ্ধাৰ্থক হত্যাৰ চেষ্টা চলাইছিল আত্মীয়ই

author img

By

Published : Dec 13, 2022, 12:54 PM IST

ডিব্ৰুগড়ত সংঘটিত গুলী চালনাৰ ঘটনাৰ আঁৰত আছে সম্পত্তি কেন্দ্ৰিক সংঘাত (property centric attempt to murder) ৷ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিলে এই চাঞ্চল্যকৰ তথ্য ৷ তিনিজন অভিযুক্তক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ উদ্ধাৰ হৈছে গুলীচালনাত ব্যৱহৃত পিস্তলটো (firing in Dibrugarh)৷

Siddhartha Rajkhowa firing
Siddhartha Rajkhowa firing

ডিব্ৰুগড়, 13 ডিচেম্বৰ: ডেৰ মাহ পূৰ্বে সংঘটিত এটা গুলীচালনাৰ ঘটনা (firing in Dibrugarh) ৷ ডিব্ৰুগড়ত সংঘটিত এই ঘটনাটোৰ ক্ষেত্ৰত শেহতীয়াকৈ সফলতা লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ জালত পৰিছে ঘটনাৰে জড়িত তিনিজনকৈ অভিযুক্ত ৷ সম্পত্তিৰ বাবেই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি ইতিমধ্যে আৰক্ষীয়ে তদন্তত ধৰা পেলাইছে ৷ অচিনাক্ত দুৰ্বৃত্ত বুলি প্ৰথমে সন্দেহ কৰা আক্ৰমণকাৰীকেইজন আছিল পিছে ভুক্তভোগীৰ আত্মীয় (Siddhartha rajkhowa firing) ৷

30 অক্টোবৰৰ সন্ধিয়া ডিব্ৰুগড়ত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ এজন বাইক আৰোহীক গুলীচালনা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই । ডিব্ৰুগড় চহৰৰ পৰা কমাৰণিচিঙাৰ গৃহ অভিমুখে গৈ থকা অৱস্থাত ডিব্ৰুগড়ৰ লালুকাত এখন ট্ৰায়াৰ দোকানৰ সন্মুখত হঠাৎ গুলীবিদ্ধ হৈছিল লোকজন । ইয়াৰ পাছতে ব্যক্তিজন কিছু দূৰ গৈয়ে পথৰ কাষত ধলি পৰে । স্থানীয় ৰাইজৰ তৎপৰতাত লগে লগে AMCH ত ভৰ্তি কৰা হয় ৰাজখোৱাক (Dibrugarh firing incident) । ডিব্ৰুগড় আদালতৰ কৰ্মচাৰী আছিল সিদ্ধাৰ্থ ৰাজখোৱা ওৰফে নাজিৰ ।

সম্পত্তিৰ বাবেই সিদ্ধাৰ্থক হত্যাৰ চেষ্টা চলাইছিল আত্মীয়ই

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি পবিত্ৰ ৰাজখোৱা, প্ৰদীপ ৰাজখোৱা নামৰ দুজনক আটক কৰি সোধ-পচ কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত (Probe on Dibrugarh firing)। অৱশেষত সোমবাৰে আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত অৰূপ গগৈ ওৰফে টিপুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । টিপুৰ স্বীকাৰোক্তিৰ ভিত্তিতে জপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে গুলীচালনাত ব্যৱহৃত পিস্তলটো ।

নলাৰ কাষৰ পৰা 9MM পিষ্টলটো উদ্ধাৰ কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ঘটনাত জড়িত তিনিওজন সিদ্ধাৰ্থ ৰাজখোৱাৰ সম্পৰ্কীয় বুলি জানিবলৈ দিছে ডিব্ৰুগড়ৰ আৰক্ষীৰ অধীক্ষক শ্বেতাংক মিশ্ৰাই । লগতে এই সমগ্ৰ ঘটনা ঘটনাৰ আঁৰত সম্পত্তি কেন্দ্ৰিক সংঘাত থকাৰ কথা তদন্তত পোহৰলৈ অহা বুলি জানিবলৈ দিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।


লগতে পঢ়ক: Dibrugarh Firing Incident update: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.