ETV Bharat / bharat

Tihar jail Inquiry Committee reports : তিহাৰ কাৰাগাৰৰ বহু স্থানত এতিয়াও নাই চিচিটিভি কেমেৰা !

author img

By

Published : Dec 13, 2022, 2:23 PM IST

তিহাৰ কাৰাগাৰৰ বহু স্থানত নাই চিচিটিভি কেমেৰা (CCTV camera in Tihar Jail)। লেফটেনেণ্ট গৱৰ্ণৰে গঠন কৰি দিয়া সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে । সমিতিখনে উক্ত স্থানবোৰত চিচিটিভি কেমেৰা স্থাপনৰ পৰামৰ্শ দিছে ।

Tihar jail Inquiry Committee reports
তিহাৰ কাৰাগাৰৰ বহু স্থানত এতিয়াও নাই চিচিটিভি কেমেৰা

নেশ্যনেল ডেস্ক,১৩ ডিচেম্বৰ : ভাৰতৰ তিহাৰ কাৰাগাৰত একাংশ প্ৰভাৱশালী কয়েদীক বিশেষ সুবিধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল (VIP treatment controversy in Tihar jail)। তাৰ পাছতে লেফটেনেণ্ট গৱৰ্ণৰে এক তদন্ত সমিতি গঠন কৰি দিছিল আৰু তদন্ত সমিতিয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে । তদন্ত সমিতিয়ে প্ৰতিবেদনত কৈছে যে কাৰাগাৰৰ বহু স্থানত এতিয়াও চিচিটিভি কেমেৰা নাই । তাৰ ভিতৰত আছে কাৰাগাৰ অধীক্ষক আৰু উপ-অধীক্ষকৰ কাৰ্যালয় ।

সমিতিখনে উক্ত স্থানবোৰত চিচিটিভি কেমেৰা স্থাপনৰ পৰামৰ্শ দিছে (Committee recommends installation of CCTV in Tihar)। অৱশ্যে, গোপনীয়তাৰ কথা চিন্তা কৰি কাৰাগাৰৰ ডিজি আৰু এআইজিৰ কাৰ্যালয়সমূহত কেমেৰা স্থাপনৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে কয় যে তিহাৰ কাৰাগাৰত দিল্লীৰ মন্ত্ৰী সৈতেন্দ্ৰ জৈনক প্ৰদান কৰা কথিত ভিআইপি সেৱাৰ তদন্তৰ বাবে গঠন কৰা সমিতিয়ে কাৰাগাৰ পৰিচালনাৰ কেইবাটাও ত্ৰুটিৰ কথা উল্লেখ কৰিছে (Satyendar Jain Tihar jail controversy)। দিল্লী চৰকাৰৰ গৃহ বিভাগৰ মুখ্য সচিব অশ্বিনী কুমাৰৰ নেতৃত্বত গঠিত সমিতিখনত আইন বিভাগৰ মুখ্য সচিব আৰু সতৰ্কতা বিভাগৰ সচিবও আছে। শেহতীয়াকৈ, এই সমিতিয়ে লেফটেনেণ্ট গভৰ্ণৰৰ ওচৰত প্ৰতিবেদনো দাখিল কৰিছে ।

তদন্ত সমিতিয়ে প্ৰতিবেদনত উল্লেখ কৰিছে যে কাৰাগাৰত বন্দী হৈ থকা বহুতো প্ৰভাৱশালী আৰু ধনী কয়েদীয়ে আন কয়েদীৰ কাৰাগাৰৰ একাউণ্ট কাৰ্ডৰ অপব্যৱহাৰ কৰি আছে । ইয়াক প্ৰতিৰোধ কৰিবলৈ, সমিতিয়ে কাৰাগাৰৰ সঞ্চালক প্ৰধানক কাৰ্ডখনৰ সঠিক ব্যৱহাৰৰ বাবে নতুন এছ.ও.পি. প্ৰস্তুত কৰিবলৈ আৰু এক কাৰ্যকৰী বায়'মেট্ৰিক প্ৰণালী ৰূপায়ণ কৰিবলৈ পৰামৰ্শ দিছে । কাৰাগাৰৰ কয়েদীসকলক ভয় খুৱাই প্ৰভাৱশালী কয়েদীৰ হৈ কাম কৰিবলৈ বাধ্য কৰাৰ প্ৰথা নিয়ন্ত্ৰণ কৰিবলৈ এছ.ও.পি. প্ৰস্তুত কৰাৰো পৰামৰ্শ দিছে সমিতিয়ে ।

উল্লেখ্য যে শেহতীয়াকৈ দিল্লীৰ মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ কাৰাগাৰৰ ভিতৰৰ কিছুমান ভিডিঅ' ভাইৰেল হৈ পৰিছিল । কাৰাগাৰৰ ভিতৰত তেওঁক বিশেষ আতিথ্য দিয়া হৈছে বুলি ভিডিঅ'বোৰৰ জৰিয়তে অভিযোগ কৰা হৈছে । তাৰ পাছতে লেফটেনেণ্ট গৱৰ্ণৰে বিষয়টো তদন্তৰ বাবে তিনিজনীয়া সমিতিখন গঠন কৰি দিছিল ।

তিহাৰ কাৰাগাৰক দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কাৰাগাৰ বুলি গণ্য কৰা হয় । ইয়াক কেইবাটাও অংশত বিভক্ত কৰা হয়, যাৰ ভিতৰত আছে ৯ খন কেন্দ্ৰীয় কাৰাগাৰ । প্ৰতিখন কাৰাগাৰত বিভিন্ন কয়েদী আছে আৰু কয়েদীসকলক তেওঁলোকৰ নাম, লিংগ, অপৰাধ আৰু শাস্তিৰ ওপৰত নিৰ্ভৰ কৰি বিভক্ত কৰা হয় । ই প্ৰায় ৪০০ একৰ ভূমিত বিয়পি আছে আৰু লগতে কাগজ নিৰ্মাণ, টেইলাৰিং, মৃৎশিল্প, জোতা বনোৱা আৰু বেকিং আদিৰ দৰে ব্যৱসায় চলাই আছে । দিল্লীত ৩ খন গুৰুত্বপূৰ্ণ কাৰাগাৰ আছে, যাৰ ভিতৰত আছে তিহাৰ, ৰোহিনী আৰু মাণ্ডোলী ।

লগতে পঢ়ক :Attacked on Parliament of India : সংসদ ভৱন আক্ৰমণৰ ২১ বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.