ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 23, 2022, 1:11 PM IST

TOP 10 AT 1PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Encounter in Guwahati: দুই চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ মহানগৰ আৰক্ষীৰ

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে (Encounter in Guwahati)৷ গুৱাহাটীৰ নবীন নগৰ অঞ্চলত দুই চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল গীতানগৰ আৰক্ষীয়ে ৷

CM in Dhemaji: 1220.21 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প লৈ ধেমাজিত মুখ্যমন্ত্ৰী

“বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ধেমাজি জিলাত মুঠ 1220.21 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন, আধাৰশিলা স্থাপন তথা ভূমিপূজন কৰিব (Development projects in Dhemaji) ৷

New Haflong railway station: নিউ হাফলং ষ্টেচনত ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি

ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ এটা প্ৰতিনিধি দলে পৰিদৰ্শন কৰে নিউ হাফলং ৰেল ষ্টেচন (New Haflong railway station)৷ নিউ হাফলং ষ্টেচনটোত উপস্থিত হৈ ষ্টেচনটোৰ বিভিন্ন দিশৰ বুজ লয় প্ৰতিনিধি দলটোৱে ৷

Smugglers arrested with ganja: চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত গাড়ীসহ গাঞ্জা সৰবৰাহকাৰীক

বলীউডৰ একশ্যন চিনেমাত দেখুওৱাৰ দৰেই কাহিনী ৷ চিনেমাৰ কায়দাৰে খেদি খেদি গাড়ীসহ দুই গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ত

কৰিলে বিশ্বনাথ আৰক্ষীয়ে (Two Ganja smugglers arrested) ৷

Sahitya Akademi award: কাবুলিৱালানি বাঙালি বিজি গ্ৰন্থৰ বাবে দেৱজিত বসুমতাৰী সাহিত্য অকাদেমি বঁটা

চিৰাঙৰ ৰাজা দেৱজিত বসুমতাৰীলৈ সাহিত্য অকাদেমি (অনুবাদ) বঁটা (Sahitya Akademi award to Devajit Basumatary) । পঢ়ুৱৈৰ সংখ্যা কমি অহাত দুখ প্ৰকাশ সাহি অকাদেমি বঁটা প্ৰাপ্ত চিৰাঙৰ ৰাজা দেৱজিত বসুমতাৰীৰ । অধিক হাৰত গ্ৰন্থ মেলাৰ আয়োজন কৰি পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনায় সাহিত্যিকগৰাকীয়ে ।

Baby born in moving train : গোলাঘাটত চলন্ত ৰে'লতে জন্ম পালে এটি সন্তান

জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া, ক'ত হ'ব কোনেও নাজানে ! সেই কথা যেন পুনৰবাৰ প্ৰমাণ হ'ল । বেংগালুৰুৰ পৰা অসমৰ তিনিচুকীয়া অভিমুখী চলন্ত ৰে'লতে এইবাৰ সন্মান জন্ম দিলে এগৰাকী প্ৰসূতিয়ে (Woman gives birth to baby in moving train)।

AATSA Memorandum to OIL Authority: থলুৱাৰ সংস্থাপনৰ দাবীৰে ভাৰতীয় তেল নিগম কৰ্তৃপক্ষলৈ আটছাৰ স্মাৰক পত্ৰ

কলিয়াবৰ আটছা জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ এক প্ৰতিনিধিৰ দলে ৰাঙলুস্থিত চিকনী ভাৰতীয় তেল নিগমৰ পাম্পিং ষ্টেশ্যন কৰ্তৃপক্ষৰ জৰিয়তে নিগমৰ উৰ্ধ্বতম কৰ্তৃপক্ষলৈকে স্থানীয় দক্ষ আৰু অদক্ষ শ্ৰমিকক নিয়োগ কৰাৰ দাবীৰে বৃহস্পতিবাৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে (AATSA submits Memorandum to OIL Authority) ৷

Wild elephant menace: বিহালীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

ৰাজ্যজুৰি অব্যাহত হাতী মানুহৰ সংঘাত । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বিহালীতো প্ৰতিদিনেই বন্যহস্তীয়ে চলাই গৈছে উপদ্ৰৱ(Wild elephant menace in Assam) । বিগত কেইবাদিনো ধৰি বিহালীৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে (Wild elephant scare at Bihali) ।

Sela Tunnel Completed : এডিজি সীমান্ত পথৰ চেলা সুৰংগ পৰিদৰ্শন

বৃহস্পতিবাৰে এডিজি সীমান্ত পথ সংস্থাৰ (পূব) পি কে এইচ সিঙে চেলা সুৰংগ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে (BRO ADG visit Sela Tunnel) । তেওঁৰ আগমনৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ চূড়ান্ত এলাইনমেণ্টত পৰিদৰ্শন কৰে এডিজিয়ে ।

North East festival 2022:উত্তৰ-পূৱ মহোৎসৱ আয়োজন কৰিবলৈ সাজু হৈছে দিল্লী

দিল্লীত অনুষ্ঠিত হ’ব উত্তৰ-পূব মহোৎসৱৰ দশম সংস্কৰণ । মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.