ETV Bharat / state

CM in Dhemaji: 1220.21 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প লৈ ধেমাজিত মুখ্যমন্ত্ৰী

author img

By

Published : Dec 23, 2022, 12:12 PM IST

“বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ধেমাজি জিলাত মুঠ 1220.21 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন, আধাৰশিলা স্থাপন তথা ভূমিপূজন কৰিব (Development projects in Dhemaji) ৷

CM Himanta Biswa Sarma visits Dhemaji
CM Himanta Biswa Sarma visits Dhemaji

CM in Dhemaji
1220.21 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প লৈ ধেমাজিত মুখ্যমন্ত্ৰী

ধেমাজি, 23 ডিচেম্বৰ: কেইবাটাও কাৰ্যসূচী হাতত লৈ আজি ধেমাজিলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma visits Dhemaji) ৷ এই ভ্ৰমণকালত জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উপহাৰ দিব বুলি আশা পালিছে ধেমাজিবাসীয়ে ৷ “বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ধেমাজি জিলাত মুঠ 1220.21 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন, আধাৰশিলা স্থাপন তথা ভূমিপূজন কৰিব (Development projects in Dhemaji) ৷

প্ৰকল্প সমূহ:

1.ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁঠনি প্ৰকল্পৰ আধাৰশিলা স্থাপন ৷ এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত পুঁজি 605.24 কোটি টকা ৷

2) ধেমাজি সংহত উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন ৷ এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত পুঁজিৰ পৰিমাণ 49.89 কোটি টকা ৷

3) দেউৰীবিলত জিলা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন ৷ এই ক্ৰীড়া প্ৰকল্পৰ বাবে নিৰ্ধাৰিত পুঁজি হৈছে 50.53 কোটি টকা ৷

4) চিলাপথাৰত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ (মিনি ষ্টেডিয়াম) আধাৰশিলা স্থাপন ৷ ইয়াৰ বাবে নিৰ্ধাৰিত পুঁজিৰ পৰিমাণ 12.36 কোটি টকা ৷

5) ধেমাজিৰ চৰকাৰী ITI-ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে কৰ্মশালা আৰু কাৰিকৰী পৰীক্ষাগাৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন ৷ নিৰ্ধাৰিত পুঁজি, 5.03 কোটি টকা ৷

6) ধেমাজিৰ চৰকাৰী পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে কৰ্মশালা আৰু কাৰিকৰী পৰীক্ষাগাৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন ৷ যাৰ বাবে নিৰ্ধাৰিত পুঁজি 5.03 কোটি টকা ৷

7) ঢকুৱাখনাৰ পৰা বুটিকুৰ হৈ তেলিজানলৈ 32.675 কি;মি: দৈঘ্যৰ পথচোৱাৰ উন্নীতকৰণ আঁচনিৰ আধাৰশিলা স্থাপন ৷
নিৰ্ধাৰিত পুঁজি 273.50 কোটি টকা ৷

8) লোটাচুৰৰ পৰা চিচিকলঘৰলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে 7.45 কি:মি: দৈঘ্যৰ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন ৷
নিৰ্ধাৰিত পুঁজি 19.76 কোটি টকা ৷

9) ধেমাজি চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয় বটুৱামিৰি হৈ দুসুঁতিমুখলৈ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন ৷
নিৰ্ধাৰিত পুঁজি 15.09 কোটি টকা ৷

10) ধেমাজি ৰে’লৱে ষ্টেচনৰ ফিদাৰ পথৰ থানা তিনিআলিৰ পৰা জামুগুৰি পাঁচআলি শান্তিপুৰ হৈ আদিকলীয়ালৈ 5.50 কি:মি: দৈঘ্যৰ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন ৷
নিৰ্ধাৰিত পুঁজি 13.47 কোটি টকা ৷

11) অঁকাজান লিকাবালি- নিলখ পথৰ গাইনদীৰ ওপৰত 480 মিটাৰ দৈঘ্যৰ দলং আৰু পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন ৷
নিৰ্ধাৰিত পুঁজি 49.49 কোটি টকা ৷

12) মেছাকি, জয়ৰামপুৰ, গালি আৰু বুটিকোৰত একোটাকৈ 33/11 কে.ভি.ৰ বিদ্যুত উপ কেন্দ্ৰৰ আধাৰশিলা স্থাপন ৷
নিৰ্ধাৰিত পুঁজি 43.87 কোটি টকা ৷

13) চিচিকলঘৰৰ পৰা দেউৰীঘাটলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে 7.3 কি:মি: দৈঘ্যৰ পথ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন ৷ এই প্ৰকল্পৰ বাবে নিৰ্ধাৰিত পুঁজি 18.68 কোটি টকা ৷

14) সোণাৰি গাঁৱৰ পৰা দিজমুৰলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন ৷ 30.79 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে এই প্ৰকল্পৰ বাবে ৷

15) ধেমাজিৰ কাড়িচুক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ নতুনকৈ নিৰ্মাণ কৰা 7.80 কি:মি: দৈঘ্যৰ পথৰ শুভ উদ্বোধন ৷ পথটোৰ মুঠ প্ৰকল্প ব্যয় 10 কোটি টকা ৷

16) 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলিখাগুৰিৰ পৰা লক্ষীপথাৰলৈ নতুনকৈ নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন ৷
প্ৰকল্প ব্যয় 8.75 কোটি টকা ৷

17) বালিজানত নতুনকৈ নিৰ্মাণ কৰা 33/11 কেভি MVAGIS বিদ্যুৎ উপকেন্দ্ৰৰ শুভ উদ্বোধন ৷ ইয়াৰ
প্ৰকল্প ব্যয় 8.66 কোটি টকা ৷

ইয়াৰ লগতে ধেমাজি জিলাত নতুনকৈ নিৰ্মাণ কৰা বিজেপিৰ কাৰ্যালয়টোও উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: Eviction at Batadrava: চৰকাৰৰ নিৰ্মমতাৰ বিৰুদ্ধে আন্দোলনত নমাৰ হুংকাৰ আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.