ETV Bharat / state

Eviction at Batadrava: চৰকাৰৰ নিৰ্মমতাৰ বিৰুদ্ধে আন্দোলনত নমাৰ হুংকাৰ আমছুৰ

author img

By

Published : Dec 23, 2022, 9:00 AM IST

AAMSU reacts on Batadrava eviction
বটদ্ৰৱাৰ উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

ভূমি বেদখলৰ বিৰুদ্ধে চলা এই উচ্ছেদ সন্দৰ্ভত সদৌ অসম সংখালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (AAMSU reacts on Batadrava eviction)। আমছুৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সভাপতি ৰেজাউল কৰিম সৰকাৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (AAMSU criticizes Assam CM)।

বটদ্ৰৱাৰ উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 23 ডিচেম্বৰ: যোৱা সোম আৰু মঙলবাৰে বটদ্ৰৱাৰ কেইবাটাও স্থানত উচ্ছেদ চলাই নগাঁও জিলা প্ৰশাসনে (Eviction drive in Batadrava) ৷ সত্ৰৰ ভূমি অৱৈধভাৱে দখল কৰি বসবাস লোকসকলক সেই স্থানৰ পৰা উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হয় (Encroached land eviction in Batadrava) ৷ এই উচ্ছেদৰ সময়ত যাতে কোনো উত্তেজনা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাদিনো আগৰে পৰা উক্ত স্থানত আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছিল ৷

ভূমি বেদখলৰ বিৰুদ্ধে চলা এই উচ্ছেদ সন্দৰ্ভত সদৌ অসম সংখালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (AAMSU reacts on Batadrava eviction) । আমছুৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সভাপতি ৰেজাউল কৰিম সৰকাৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

উল্লেখ্য যে, মুঠ 302 টা পৰিয়ালে দীৰ্ঘদিনৰ পৰা ভূমি বেদখল কৰি বসতি স্থাপন কৰি আহিছিল সেই স্থানত ৷ উচ্ছেদ চলোৱাৰ পূৰ্বেই বটদ্ৰৱাৰ চৰকাৰী ভূমিত থকা 230 টা পৰিয়াল নিজেই বাসগৃহ ভাঙি আঁতৰি গৈছিল (Satra land encroached in Batadrava)। কিন্তু ইয়াৰে 72 টা পৰিয়ালক প্ৰশাসনে বুল্ডজাৰৰ সহায়ত উচ্ছেদ কৰিছিল । বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি, লালুং বস্তি আদিত অভিযান উচ্ছেদ কৰা হৈছিল 72 টা পৰিয়ালক (Batadrava eviction news)।

ৰেজাউল কৰিম সৰকাৰে কয়, ‘‘চৰকাৰে বিভিন্ন সময়ত বেআইনীভাৱে উচ্ছেদ চলাই আহিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সময়ে সময়ে সংখ্যালঘুসকলক টাৰ্গেট কৰি এনেধৰণৰ কাম কৰে । চৰকাৰে সংখ্যালঘুসকলক গিনিপিগ সজাই সম্পূৰ্ণ বেআইনীভাৱে উচ্ছেদ চলায় । উচ্ছেদ চলা ঠাইত থকা লোকসকলক অন্ততঃ খোৱাপানী যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে । কিন্তু তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে নলা, নৰ্দমা, পুখুৰী, খাল, নদীৰ পানী খাবলৈ কৈছে উচ্ছেদিতসকলক’’ ।

মুখ্যমন্ত্ৰীৰ পৰিয়াল নাইবা মন্ত্ৰী-বিধায়কে তেনে পানী খাইনে বুলি প্ৰশ্ন উত্থাপন কৰি আমছু নেতৃত্বই কয়, ‘‘আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই‌ । কিন্তু তাত থকা লোকসকলক প্ৰথমে জাননী প্ৰেৰণ কৰক । উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰক । কেৱল মাত্ৰ মুছলমান হিচাপে জন্ম লোৱা বাবেই চৰকাৰে সংখ্যালঘু সকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলায়’’ ।

চৰকাৰৰ এই স্থিতিৰ বিৰুদ্ধে অহা 7 জানুৱাৰী তাৰিখে সকলো সংখ্যালঘু দল-সংগঠন মিলিত হৈ সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । তেওঁ লগতে, পৰৱৰ্তী সময়ত অবিৰত আন্দোলন চলিব বুলিও হুংকাৰ দিয়ে । ‘‘আমাক চৰকাৰৰ ভিক্ষা নালাগে । ভূমিনীতি আৰু সংবিধান মতে যি পাওঁ সেই অধিকাৰ লাগে । উচ্ছেদিতসকল বাংলাদেশী নহয় (Land encroachment in Assam) । যদিহে প্ৰমাণ আছে তেন্তে ভাৰতৰ পৰা উলিয়াই দিয়ক’’ ।

আমছুৰ সভাপতি সৰকাৰে লগতে কয়, ‘‘সোণাই-ৰূপাই আৰু আন আন বেদখলকৃত বনাঞ্চল বেদখল মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহস নাই । কেৱল দুৰ্বল সংখ্যালঘুৰ ওপৰত চৰকাৰৰ বুল্ড'জাৰ চলে । উচ্ছেদিত স্থানৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ । বিজেপিৰ লাভালাভৰ বাবেই হিন্দু-মুছলমানক ভাগ কৰে মুখ্যমন্ত্ৰীয়ে’’ ।

ইফালে, বিধায়ক দিগন্ত কলিতাই নগাঁও, বাটদ্ৰৱাত বাংলাদেশী সোমাই আছে দিয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰেজাউল কৰিম সৰকাৰে ৷ দিগন্ত কলিতাই কিয় এই কথা গৃহ বিভাগক অৱগত কৰা নাই বুলি প্ৰশ্ন কৰি দিগন্ত কলিতাক আইনৰ আওতালৈ আনিব লাগে বুলিও দাবী উত্থাপন কৰে আমছুৱে ৷

লগতে পঢ়ক: HRC on Batdrava eviction:বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.