HRC on Batdrava eviction:বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে

author img

By

Published : Dec 22, 2022, 10:24 AM IST

Updated : Dec 22, 2022, 12:48 PM IST

HRC on Batdrava eviction

বটদ্ৰৱাৰ উচ্ছেদ প্ৰসংগক লৈ নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে (Human Rights Commission)। বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰি নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মানৱ অধিকাৰ আয়োগে । অহা 18 জানুৱাৰীৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে (HRC seeks report on Batadrava eviction) ।

নগাঁও, 22 ডিচেম্বৰ: সোমবাৰে বটদ্ৰৱাৰ এহেজাৰ বিঘা ভূমিত এহেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰি উচ্ছেদ চলাইছিল নগাঁও জিলা প্ৰশাসনে । য'ত 302 টা পৰিয়ালে বেদখল কৰি বসবাস কৰি আছিল দীৰ্ঘদিনৰ পৰা । বটদ্ৰৱাৰ বৃহৎ চৰকাৰী ভূমি উচ্ছেদৰ বাবে জিলা প্ৰশাসনে বিগত এসপ্তাহৰ পৰাই চলাইছিল ব্যাপক প্ৰস্তুতি (eviction of Batdrava) । বিশাল আৰক্ষী বাহিনীৰ ফ্লেগমাৰ্চৰ অন্তত অৱশেষত সোমবাৰে উচ্ছেদ চলাইছিল প্ৰশাসনে ।

উচ্ছেদ চলোৱাৰ পূৰ্বেই বটদ্ৰৱাৰ চৰকাৰী ভূমিত থকা 230 টা পৰিয়াল নিজেই বাসগৃহ ভাঙি আঁতৰি গৈছিল । কিন্তু ইয়াৰে 72 টা পৰিয়ালক প্ৰশাসনে বুল্ডজাৰৰ সহায়ত উচ্ছেদ কৰিছিল । বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি, লালুং বস্তি আদিত অভিযান উচ্ছেদ কৰা হৈছিল 72 টা পৰিয়ালক । সম্প্ৰতি গৃহহীন কেইবাটাও পৰিয়াল আছে পথৰ দাঁতিৰ মুকলি আকাশৰ তলত । বাসস্থানৰ অভাৱত হাহাকাৰ কৰিছে একাংশ উচ্ছেদিত পৰিয়ালে ।

তাৰ মাজতে বটদ্ৰৱাৰ উচ্ছেদ প্ৰসংগক লৈ নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মানৱ অধিকাৰ আয়োগে (Human Rights Commission)। বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰি নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে । অহা 18 জানুৱাৰীৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে (HRC seeks report on Batadrava eviction) ।

HRC seeks report on Batadrava eviction
বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰিলে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে

উল্লেখ্য যে, সোমবাৰে পুৱাৰ পৰা নিশা পৰ্যন্ত জিলা প্ৰশাসনে উচ্ছেদ চলাই বটদ্ৰৱাৰ মুঠ 11 শ বিঘা চৰকাৰী ভূমি কৰে বেদখলমুক্ত । বটদ্ৰৱাৰ ভোমোৰাগুৰি, হাইডুবি, লালুং বস্তিৰ চৰকাৰী ভূমিত বেদখল কৰিছিল মুঠ 302 টা পৰিয়ালে (Encroachment at Batadrava) । ইয়াৰে 230 টা পৰিয়ালে প্ৰশাসনৰ জাননী লাভ কৰিয়েই বেদখল কৰা স্থান এৰি আঁতৰি গৈছিল ।

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদনত দৃঢ়তাৰে কয় যে, বিজেপিয়ে ৰাজ্যখন চলাই থকালৈকে অসমৰ আৰু চৰকাৰী বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত থাকিব (Eviction drive in Assam)। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনা শূন্যকালীন ঘন্টাত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই বিষয়টো আলোচনা কৰাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিজেপি চৰকাৰে উচ্ছেদৰ অনুশীলন অব্যাহত ৰাখিব আৰু “ইয়াৰ বিষয়ে কোৱাৰ কোনো অৰ্থ নাই”।

তেওঁ কয় যে, বেদখল উচ্ছেদ এক অবিৰত প্ৰক্ৰিয়া আৰু ই বন্ধ নহয় (Eviction against encroachments)। বটদ্ৰৱাৰ লগতে ৰাজ্যজুৰি বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, বটদ্ৰৱাৰ দৰে সত্ৰই অসমীয়া মানুহৰ পৰিচয় আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে । হিন্দু হওক বা মুছলমান হওক সকলো মানুহে সত্ৰৰ ভূমি খালী কৰিব লাগিব (Remarks on eviction against encroachments)।

কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে যেতিয়া বটদ্ৰৱাত উচ্ছেদিত লোকসকলৰ খোৱা পানী আৰু খাদ্যৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহ চোৱাচিতা কৰিবলৈ চৰকাৰক আহ্বান জনায়, তেতিয়া মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্ছেদ কৰা লোকক খোৱা পানী যোগান ধৰাৰ কোনো নীতি নাই (Himanta Biswa Sarma on eviction)। তেওঁলোকে ভূমি বেদখল কৰি আইন ভংগ কৰিছে ৷ গতিকে চৰকাৰে তেওঁলোকৰ বাবে শিবিৰ পাতিব নোৱাৰে । এয়া এন জি অ'ৰ কাম ৷

লগতে পঢ়ক: Eviction against encroachments: হিন্দু-মুছলমান সকলোৱে এৰিব লাগিব সত্ৰৰ ভূমি: মুখ্য়মন্ত্ৰী

Last Updated :Dec 22, 2022, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.