ETV Bharat / state

New Haflong railway station: নিউ হাফলং ষ্টেচনত ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি

author img

By

Published : Dec 23, 2022, 12:37 PM IST

ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ এটা প্ৰতিনিধি দলে পৰিদৰ্শন কৰে নিউ হাফলং ৰেল ষ্টেচন (New Haflong railway station)৷ নিউ হাফলং ষ্টেচনটোত উপস্থিত হৈ ষ্টেচনটোৰ বিভিন্ন দিশৰ বুজ লয় প্ৰতিনিধি দলটোৱে ৷

New Haflong railway station
নিউ হাফলং ৰেল ষ্টেচনত ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি

হাফলং, 22 ডিচেম্বৰ: ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে পৰিদৰ্শন কৰে পাহাৰীয়া জিলা ডিমা হাছাওৰ নিউ হাফলং ষ্টেচন (New Haflong railway station) । ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ অধ্যক্ষ ৰমেশ চন্দ্ৰৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ভিষ্টাডম টুৰিষ্ট ৰেলেৰ (vistadome train) আহি নিউ হাফলং ষ্টেচনত উপস্থিত হয় আৰু নিউ হাফলং ষ্টেচনটোত উপলব্ধ বিভিন্ন সা-সুবিধাৰ দিশটোৰ অধ্যয়নৰ লগতে পৰিদৰ্শন কৰে ।

বৃহস্পতিবাৰে দিল্লীৰ পৰা অহা পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ এই প্ৰতিনিধি দলটোৱে নিউ হাফলং ষ্টেচনত উপস্থিত হৈ যোৱা মে’ মাহত প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰা নিউ হাফলং ষ্টেচনৰ ভূমিস্খলন হোৱা স্থানসমূহো পৰিদৰ্শন কৰে ৷ লগতে নিউ হাফলং ষ্টেচনত ৰেলযাত্ৰীসকলৰ বাবে থকা বিভিন্ন সা-সুবিধাৰ দিশটোৰো বুজ লয় প্ৰতিনিধি দলটোৱে (Various facilities for passengers at New Haflong Station) ৷ যাত্ৰীৰ স্বাচ্ছন্দ্যৰ বিষয়টো সন্দৰ্ভতো প্ৰতিনিধি দলটোৱে আলোচনা কৰে ।

ৰমেশ চন্দ্ৰৰ নেতৃত্বত অহা পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি দলটোয়ে নিউ হাফলং ষ্টেচনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি প্ৰশংসা কৰাৰ লগতে উল্লেখ কৰে যে, নিউ হাফলং ষ্টেচনটো প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰাৰ(Flood badly effected Dima Haso District) 205 দিনৰ ভিতৰত নতুন ধৰণেৰে সজাই তোলাৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ আনচুল গুপ্তা, ডিআৰএম জি এছ লাখৰাৰ লগতে সহকৰ্মীসকলৰ যুটীয়া প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে ৷

পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি দলটোৱে নিউ হাফলং ষ্টেচনটো পৰিদৰ্শন কৰাৰ সময়চোৱাত জেষ্ঠ ডি চি এমগৰাকীয়ে নিউ হাফলং ষ্টেচনত ৰেল যাত্ৰীসকলৰ বাবে নতুনকৈ কেনেধৰণৰ সা-সুবিধা সংযোজন কৰিব পাৰি, সেই সন্দৰ্ভত অৱগত কৰাৰ লগতে শীঘ্ৰেই নিউ হাফলং ষ্টেচনত ৰেল যাত্ৰীসকলৰ বাবে কোচ ইণ্ডিকেচন চিষ্টেম আৰম্ভ হ’ব বুলি উল্লেখ কৰে ।

ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি দলটোৰ সৈতে উপস্থিত থাকে উত্তৰ পূৱ সীমান্ত ৰেলৰ লামডিং ডিভিচনৰ এডিআৰ এম এছ এছ খংৰিম্মাই চিএমআই মুকেশ কুমাৰ, ৰাজু কুমাৰ আৰু নিউ হাফলং ষ্টেচনৰ ষ্টেচন মাষ্টৰ অনিল কুমাৰ ।

উল্লেখ্য যে, কেইবাদিনো হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনৰ ৰেলযাত্ৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল চলিত বৰ্ষৰ মে’ মাহত ৷ ফলত ডিমা হাছাও জিলালৈ ৰেলৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছিল ৷ কেইবাটাও স্থানত ৰেলপথৰ ব্যাপক ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : Eviction at Batadrava: চৰকাৰৰ নিৰ্মমতাৰ বিৰুদ্ধে আন্দোলনত নমাৰ হুংকাৰ আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.