ETV Bharat / bharat

Sela Tunnel Completed : এডিজি সীমান্ত পথৰ চেলা সুৰংগ পৰিদৰ্শন

author img

By

Published : Dec 22, 2022, 7:49 PM IST

বৃহস্পতিবাৰে এডিজি সীমান্ত পথ সংস্থাৰ (পূব) পি কে এইচ সিঙে চেলা সুৰংগ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে (BRO ADG visit Sela Tunnel) । তেওঁৰ আগমনৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ চূড়ান্ত এলাইনমেণ্টত পৰিদৰ্শন কৰে এডিজিয়ে ।

Sela Tunnel
Sela Tunnel

তেজপুৰ, ২২ ডিচেম্বৰ : বৃহস্পতিবাৰে সীমান্ত পথ সংস্থাৰ (পূব) এডিজি পি কে এইচ সিঙে চেলা সুৰংগ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে (BRO ADG visit Sela Tunnel) । তেওঁৰ আগমনৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ চূড়ান্ত এলাইনমেণ্টত পৰিদৰ্শন কৰে এডিজিয়ে । তেওঁক এই বিষয়ে অৱগত কৰায় মুখ্য অভিযন্তা ভৰ্টকৰ ব্ৰিগ্ৰেডিয়েৰ ৰমন কুমাৰে । উক্ত চেলা সুৰংগ পৰিদৰ্শন কৰি প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজতো প্ৰকল্পস্থলীত কাম কৰা দলটোক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে এডিজিয়ে শলাগ লয় (Sela Tunnel in Arunachal China border) ।

চেলা সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ
চেলা সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ

উল্লেখ্য, তেওঁ উক্ত অঞ্চল ভ্ৰমণৰ সময়তে পশ্চিম কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথো পৰিদৰ্শন কৰি আছে । অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (Border Roads Organisation) প্ৰচেষ্টাত অটল আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰীক্ষণ কৰা হৈছে । সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম দ্বৈত লে'নযুক্ত পথ সুৰংগ হিচাপে স্বীকৃত হৈছে (world high altitude tunnel Sela Tunnel) ।

চেলা সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ
চেলা সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ

মুঠ 11.204 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু পদপথৰ দূৰত্বৰ এই সুৰংগই পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ অৰ্থাৎ চেলা পাছৰ সমগ্ৰ স্নিগ্ধ তুষাৰাবৃত্ত পৰ্বতমালা অতিক্ৰম কৰি ভাৰত-চীন সীমান্তলৈ যাব পাৰিব । লগতে প্ৰায় 9.220 কিলোমিটাৰ দূৰত্ব কমিব । দুটা সুৰংগত এটা টিউবৰ দৈৰ্ঘ্য 8.8 কিলোমিটাৰ পথৰ উপৰি এই সফলতাই দুটা টিউব অৰ্থাৎ 1,555 মিটাৰ দুয়োফালৰ টিউব আৰু 90 মিটাৰ টিউবৰ পৰা ওলাই সংযোগ হোৱা চেলা টানেল সংযুক্ত কৰিছে ।

সুৰংগৰ ভিতৰত থাকিব অত্যাধুনিক লাইট চিচি টিভি কেমেৰা আৰু প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিবৰ বাবে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইছেচনৰ বিষয়া দায়িত্বত থাকিব আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি । উল্লেখ্য, সীমান্ত পথ সুৰক্ষা সংস্থা ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইছেচনৰ সঞ্চালক ডিজিবিআৰে ২০২১ চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল ।

চেলা সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ
চেলা সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ

এই সুৰংগৰ ইতিমধ্যে সম্পূৰ্ণ খনন অতিক্ৰম কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰৰ সংযোগ প্ৰদান কৰাৰ বাবে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত চেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল (PM Modi laid foundation stone of Sela Tunnel) ।

সুৰংগটোৰ নিৰ্মাণ 1 এপ্ৰিল, 2019 তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম বিস্ফোৰণ 31 অক্টোবৰ, 2019 তাৰিখে সংঘটিত হৈছিল । বৰ্তমান চেলা সুৰংগৰ ( টানেলৰ) খনন দ্ৰুত গতিত হৈছে । ইয়াৰ ফলত 1,555 মিটাৰ সুৰংগৰ এস্কেপ টিউবৰ শেষৰ বিস্ফোৰণটোও সমাপ্ত হৈছে । যিটো নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে । কোভিড-19ৰ সীমাবদ্ধতা আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতি সত্ত্বেও বিগত 6-10 মাহত কামৰ গতি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ।

অৱশ্যে এই বছৰ জানুৱাৰী মাহৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাতৰ বাবে আৰু পৰৱৰ্তী সময়ত অত্যধিক বৰষুণৰ বাবে সংযুক্ত পথৰ কাম সম্পূৰ্ণ হৈ উঠা নাই । যাৰ বাবে 2022 চনৰ অক্টোবৰ মাহৰ পৰিবৰ্তে 2023 চনৰ এপ্ৰিল মাহত পথৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Sahitya Akademi Award 2022: বঁটা লাভ কৰি উৎফুল্লিত জুৰি দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.