ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 30, 2022, 1:05 PM IST

TOP 10 AT 1PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

চিপৰাঙৰ নালেৰে প্ৰহাৰ কৰি চুবুৰীয়াক হত্যা নিচাসক্ত যুৱকৰ

দৰঙৰ কটাহীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে (Brutal murder in Darrang)৷ মঙলবাৰে নিশা নিচাসক্ত যুৱকে চিপৰাঙৰ নালেৰে কোবাই কোৱাই হত্যা কৰিলে চুবুৰীয়াক (youth stabbed a neighbour)৷ ইতিমধ্যে পাথৰিঘাট আৰক্ষীয়ে হত্যাকাৰী জিতুমনি নাথক আটক কৰিছে (Police arrested killer youth)।

বিতৰ্কিত টুইট পোষ্ট কৰা কমল ৰছিদ খানক মুম্বাইত গ্ৰেপ্তাৰ

২০২০ চনৰ এটা বিতৰ্কিত টুইটৰ বাবে মঙলবাৰে মালাদ আৰক্ষীয়ে কমল ৰছিদ খানক গ্ৰেপ্তাৰ কৰে (Kamal Rashid Khan arrested by Mumbai Police )৷ টুইটটোত তেওঁ লিখিছিল যে বিৰাট কোহলীৰ হতাশাৰ কাৰণ হৈছে অনুষ্কা শৰ্মা (KRK arrested for 2020 controversial tweet)৷ বিৰাট হৈছে প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ যাৰ হতাশাৰ সমস্যা আছে, আৰু এয়া এগৰাকী অভিনেত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ফল ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আগৰতলাত যুৱ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

তৃণমূল কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল আগৰতলা (Tripura TMC youth protest)। যুৱ তৃণমূল কংগ্ৰেছে ৰাজভৱনলৈ উলিয়ালে প্ৰতিবাদী সমদল । প্ৰতিবাদত তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ অংশগ্ৰহণ ।


পুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ

আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত অসম-অৰুণাচল প্ৰদেশৰ যুটীয়া প্ৰতিনিধি দলৰ বৈঠকৰ পাছতে আগ্ৰাসী হৈ উঠিছে অৰুণাচলী সকল (Assam Arunachal border border dispute continues)। অসমৰ প্ৰশাসনিক বিষয়া অবিহনে চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত জৰীপত নামিল অৰুণাচল প্ৰদেশৰ বন বিভাগ ।

আব্দুল খালেকক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

আগন্তুক নিৰ্বাচনলৈ টিএমচি দলৰ ৰণকৌশল সম্পৰ্কে মন্তব্য কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । উমানন্দ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰা আব্দুল খালেকক সমালোচনা (Abdul Khalek controversial statement on Umananda)। বিজেপি আৰু এআইইউডিএফ দলকো সমালোচনা কৰে ৰিপুন বৰাই ।

জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিঙৰ নামত ছাত্ৰক উপৰ্যুপৰি প্ৰহাৰ

ৰাজ্যত পুনৰ ৰেগিংকাণ্ড ৷ এইবাৰ দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ৰেগিঙৰ ঘটনা (Ragging incident in JNV Darrang)৷ ৰেগিং কৰাৰ নামত এজন ছাত্ৰক শাৰীৰিকভাৱে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Student beaten up in the name of ragging ) ৷

কলগাছিয়াত দিন দুপৰতেই ড্ৰাগছৰ মুকলি বেহা

ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ তাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ব্যৱসায় । ফলত নৱ প্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে বৰপেটা জিলাৰ কলগাছিয়াত(Drugs business in Kalgasia)। এতিয়া উক্ত অঞ্চলটোত মুকলি ভাবে চলিছে ড্ৰাগছ সেৱন ।

Mothers plus Horlicks ৰ পেকেটত ওলাল মৰা পইতাচোৰা

বিভিন্ন সময়ত বহুজাতিক কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্যৰ পেকেটত মৰা পতংগৰ অৱশিষ্ট উদ্ধাৰৰ খবৰ প্ৰকাশ পাই আহিছে (Carelessness of multinational companies) ৷ শেহতীয়াকৈ এইবাৰ ধেমাজিত Mother plus Horlicks ৰ পেকেটত ওলাল মৰা পইতাচোৰা (Dead cockroach in Horlicks packet) ৷

কলিয়াবৰত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ, শংকিত পথচাৰী

কলিয়াবৰৰ কেলিডেন-ৰেকাপাহাৰ বাগিচা সংযোগী পথৰ কাষত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ (Free roaming of wild elephants in Kaliabor) ৷ বিগত কেইবাদিনো ধৰি প্ৰায় চল্লিছটাকৈ বনৰীয়া হাতীৰ এটা জাকে পোৱালিসহ খাদ্যৰ সন্ধানত অৱস্থান কৰিছে বাগিচাখনৰ সমীপত ৷ হাতীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত হৈছে পথাচাৰী ৷

লা ট্ৰব ইউনিভাৰ্চিটীলৈ পুনৰ আহিল শ্বাহৰুখৰ নামেৰে নামাকৰণ কৰা স্কলাৰশ্বিপ

2019 চনত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নামেৰে নামাকৰণ কৰা শ্বাহৰুখ খান লা ট্ৰব বিশ্ববিদ্যালয় পি এইচ ডি স্কলাৰশ্বিপ পুনৰ আহিছে (Shah Rukh Khan news la trobe university)। সবিশেষ আগলৈ-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.