ETV Bharat / entertainment

লা ট্ৰব ইউনিভাৰ্চিটীলৈ পুনৰ আহিল শ্বাহৰুখৰ নামেৰে নামাকৰণ কৰা স্কলাৰশ্বিপ

author img

By

Published : Aug 30, 2022, 11:01 AM IST

2019 চনত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নামেৰে নামাকৰণ কৰা শ্বাহৰুখ খান লা ট্ৰব বিশ্ববিদ্যালয় পি এইচ ডি স্কলাৰশ্বিপ পুনৰ আহিছে (Shah Rukh Khan news la trobe university)। সবিশেষ আগলৈ-

Shah Rukh Khan
শ্বাহৰুখৰ নামেৰে নামাকৰণ কৰা স্কলাৰশ্বিপ

চিটাৰা ডেস্ক, 30 আগষ্ট : 2019 চনত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নামেৰে নামাকৰণ কৰা শ্বাহৰুখ খান লা ট্ৰব বিশ্ববিদ্যালয় পি এইচ ডি স্কলাৰশ্বিপ পুনৰ ঘূৰি আহিছে । শেহতীয়াকৈ ১৮ আগষ্টৰ পৰা এই স্কলাৰশ্বিপৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে আৰু 23 ছেপ্টেম্বৰলৈকে এই কাৰ্য চলি থাকিব ।

মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ আৰু লা ট্ৰব বিশ্ববিদ্যালয়ে অংশীদাৰিত্বৰে সৈতে এই স্কলাৰশ্বিপৰ সেৱা আগবঢ়াইছে ৷ ইয়াৰ মুল লক্ষ্য হৈছে ভাৰতৰ এগৰাকী উচ্চাকাংক্ষী মহিলা গৱেষকক তেওঁৰ জীৱন পৰিৱৰ্তন হ’ব পৰাকৈ সুযোগ প্ৰদান কৰা যাতে তেওঁৰ কাম-কাজে বিশ্বত অৰ্থপূৰ্ণ প্ৰভাৱ পেলাব পাৰে ৷ 2019 বৰ্ষৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে এই স্কলাৰশ্বিপ ঘোষণা কৰা হৈছিল য’ত কিং খানে এই স্কলাৰশ্বিপৰ কথা ঘোষণা কৰিবলৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈছিল (Shah Rukh Khan news) ৷

ইয়াৰ কিছু সময়ৰ পিছতে কেৰেলাৰ থ্ৰিছুৰৰ গোপীকা কোট্টানথাৰায়ল ভাছীক প্ৰথম স্কলাৰশ্বিপ প্ৰদান কৰা হয় । বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰে যে এইটোৱেই আছিল 800 ৰো অধিক আবেদনকাৰীৰ সৈতে স্কলাৰশ্বিপৰ বাবে সৰ্বাধিক সংখ্যক আবেদন আৰু সেয়েহে উৎসৱৰ সৌজন্যত এই বৃত্তিটো প্ৰদান কৰা হৈছে ।

নিৰ্বাচনৰ বাবে সৰ্বোচ্চ মাপকাঠী হ’ল প্ৰাৰ্থীগৰাকী ভাৰতত বাস কৰা এগৰাকী মহিলা ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু যোৱা 10 বছৰৰ ভিতৰত গৱেষণা ডিগ্ৰী সম্পূৰ্ণ কৰা হ’ব লাগিব । নিৰ্বাচিত শিক্ষাৰ্থীজনে চাৰি বছৰীয়া লা ট্ৰব বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ-মাচুল গৱেষণা বৃত্তি লাভ কৰিব ।

মহোৎসৱৰ পৰিচালক মিতু ভৌমিক লেংগেয়ে কয়, "আমি সকলোৱে জানো যে শ্বাহৰুখ এজন বিশাল হৃদয়ৰ ব্যক্তি আৰু এই কথা তেওঁ পুনৰ প্ৰমাণ কৰিছে । এই স্কলাৰশ্বিপ ভাৰতৰ এগৰাকী মহিলা গৱেষকৰ বাবে জীৱন সলনি কৰা সুযোগ (Shah Rukh Khan scholarship) । ভাৰত প্ৰতিভা আৰু স্পাৰ্কেৰে ভৰপূৰ ৷ আই এফ এফ এম (IFFM) ৰ সৈতে শ্বাহৰুখ বহুদিন ধৰি সংযুক্ত হৈ আছে, কিন্তু এতিয়া ই এটা কাৰণত হোৱাটোৱে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে । লা ট্ৰব বিশ্ববিদ্যালয় অষ্ট্ৰেলিয়াৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাটো বহু ছাত্ৰ-ছাত্ৰীৰে সপোনাৰ তালিকাত আছে" ৷

2019 চনত আই এফ এফ এমৰ শাৰিৰীক অনুষ্ঠানৰ সময়ত এই বৃত্তি ঘোষণা কৰা হৈছিল । কিন্তু যোৱা বছৰ মহামাৰী আৰু যাতায়ত নিষেধাজ্ঞাৰ বাবে বন্ধ কৰি দিয়া হৈছিল । বিশ্বৰ অন্যতম শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে নামকৰণ কৰা লা ট্ৰব বিশ্ববিদ্যালয়ত (La Trobe University) কপিল দেৱ, অমিতাভ বচ্চন, ৰাজকুমাৰ হিৰাণী আদি ভাৰতৰ একাংশ প্ৰখ্যাত বিশিষ্ট ব্যক্তিক আতিথ্য প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : বিতৰ্কিত টুইট পোষ্ট কৰা কমল ৰছিদ খানক মুম্বাইত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.