ETV Bharat / bharat

বিতৰ্কিত টুইট পোষ্ট কৰা কমল ৰছিদ খানক মুম্বাইত গ্ৰেপ্তাৰ

author img

By

Published : Aug 30, 2022, 10:02 AM IST

Updated : Aug 30, 2022, 1:21 PM IST

২০২০ চনৰ এটা বিতৰ্কিত টুইটৰ বাবে মঙলবাৰে মালাদ আৰক্ষীয়ে কমল ৰছিদ খানক গ্ৰেপ্তাৰ কৰে (Kamal Rashid Khan arrested by Mumbai Police )৷ টুইটটোত তেওঁ লিখিছিল যে বিৰাট কোহলীৰ হতাশাৰ কাৰণ হৈছে অনুষ্কা শৰ্মা (KRK arrested for 2020 controversial tweet)৷ বিৰাট হৈছে প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ যাৰ হতাশাৰ সমস্যা আছে, আৰু এয়া এগৰাকী অভিনেত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ফল ৷

Kamal Rashid Khan arrested by Mumbai Police
বিতৰ্কিত টুইট পোষ্ট কৰা কমল ৰছিদ খানক মুম্বাইত গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 30 আগষ্ট: বলীউডৰ বিতৰ্কিত টুইটৰ ক্ষেত্ৰত এটা অন্যতম নাম অভিনেতা কমল ৰছিদ খান ৷ ২০২০ চনৰ এটা বিতৰ্কিত টুইটৰ বাবে মঙলবাৰে মুম্বাই বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতেই মালাদ আৰক্ষীয়ে কমল ৰছিদ খানক গ্ৰেপ্তাৰ কৰে (Kamal Rashid Khan arrested by Mumbai Police )৷ আৰক্ষীয়ে জনোৱা অনুসৰি আজি বৰিৱালী আদালতত হাজিৰ কৰা হ’ব অভিনেতাগৰাকীক (KRK arrested for 2020 controversial tweet)৷

কে আৰ কেয়ে টুইটটোত উল্লেখ কৰিছিল যে বিৰাট কোহলীৰ হতাশাৰ কাৰণ হৈছে অনুষ্কা শৰ্মা ৷ বিৰাট হৈছে প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ যাৰ হতাশাৰ সমস্যা আছে আৰু এয়া এগৰাকী অভিনেত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ফল ৷ এই বিতৰ্কিত টুইটোৰ পিছতেই 2020 চনত অভিনেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ৷

উল্লেখ্য যে বিভিন্ন সময়ত অভিনেতাজনে বলীউডৰ চলচ্চিত্ৰ সমালোচনাৰ বাবেও শিৰোনাম দখল কৰি আহিছে ৷ তেওঁ কেইবাখনো হিন্দী আৰু ভোজপুৰী চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে কেইবাখনো চলচ্চিত্ৰও প্ৰযোজনা কৰিছে ৷ বিতৰ্কিত অভিনেতাজনে বিগ বছতো অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: লা ট্ৰব ইউনিভাৰ্চিটীলৈ পুনৰ আহিল শ্বাহৰুখৰ নামেৰে নামাকৰণ কৰা স্কলাৰশ্বিপ

Last Updated :Aug 30, 2022, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.