ETV Bharat / state

আব্দুল খালেকক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

author img

By

Published : Aug 30, 2022, 11:20 AM IST

Abdul khalek
আব্দুল খালেকক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

আগন্তুক নিৰ্বাচনলৈ টিএমচি দলৰ ৰণকৌশল সম্পৰ্কে মন্তব্য কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । উমানন্দ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰা আব্দুল খালেকক সমালোচনা (Abdul Khalek controversial statement on Umananda)। বিজেপি আৰু এআইইউডিএফ দলকো সমালোচনা কৰে ৰিপুন বৰাই ।

বাইহাটা চাৰিআলি,৩০ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত তৎপৰতা আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছ দলে । ৰিপুন বৰাৰ নেতৃত্বত দলটোৱে ঠায়ে ঠায়ে আৰম্ভ কৰিছে ব্যাপক যোগদানৰ কাৰ্যসূচী । ইয়াৰ মাজতে বাইহাটা চাৰিআলিৰ কমলপুৰত সোমবাৰে নিশা উপস্থিত হয় অসম প্ৰদেশ তৃণমুল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা (Ripun Bora at Baihata Chariali)। দলৰ প্ৰস্তুতি আৰু ৰণকৌশল সম্পৰ্কে বিশেষ মন্তব্য আগবঢ়ালে সভাপতিগৰাকীয়ে ।

আগন্তুক নিৰ্বাচনত ১৪ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিলেও গৰিষ্ঠ সংখ্যক আসনত টিএমছি দলে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি উল্লেখ কৰে । ইফালে উমানন্দ সম্পৰ্কত শেহতীয়াকৈ বিতৰ্কিত মন্তব্য কৰা কংগ্ৰেছৰ সাংসদ আব্দুল খালেকক উভতি ধৰে ৰিপুন বৰাই (Ripun Bora slams Abdul Khalek)। ৰিপুন বৰাই উল্লেখ কৰা মতে অসমৰ উমানন্দৰ ইতিহাস বহু পুৰণি ।

আব্দুল খালেকক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

ইতিহাসক সকলোৱে শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে, মানিব লাগে আৰু ইতিহাস কোনো লোকে বিকৃত কৰিব নালাগে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে । নিজাববীয়াকৈ কোনেও নতুন ভিত্তিহীন কথা কৈ ইতিহাস নতুনকৈ লিখিবলৈ প্ৰয়াস কৰিব নালাগে বুলিও তেওঁ আব্দুল খালেকক সমালোচনা কৰে । শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পৰা বা এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ওপৰত আঘাত হানিব পৰা মন্তব্যৰ পৰা সকলোৱে বিৰত থাকিব লাগে বুলিও তেওঁ উল্লেখ কৰে ।

বিজেপি আৰু এ আই ইউ ডি এফৰ মাজৰ ভিতৰি বুজাবুজি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই (Assam BJP and AIUDF secret alliance)। বিহুনামৰ উদাহৰণ দি সভাপতিগৰাকীয়ে কয় যে এ আই ইউ ডি এফে ৰাজনীতিৰ নামত নাটক আৰু বেপাৰহে কৰি আছে । বিজেপি আৰু এ আই ইউ ডিৰ মাজত গোপন বুজাবুজি আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :পুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.