ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 14, 2022, 12:56 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

NATIONAL HERALD CASE: ইডিৰ চমনৰ বিৰুদ্ধে ২১ জুলাইত কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ

অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ বৈঠকত ইডিৰ বিৰুদ্ধে ২১ জুলাইত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত । কাৰণ ইডিয়ে যিদিনা কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক নেচনেল হেৰাল্ড গোচৰত সোধ-পোচৰ বাবে উপস্থিত হোৱাৰ নিৰ্দেশ দিছে (National Herald case)।

Cheating in the name of marriage: বিবাহ বিচ্ছেদৰ ভুৱা নথিৰে ৭ গৰাকী মহিলাক বিয়া পাতিলে শিৱশংকৰে

হায়দৰাবাদৰ এটা প্ৰৱঞ্চকৰ কাহিনী । দ্বিতীয় বিবাহে লটি-ঘটি খুৱালে একাংশ মহিলাক । ভুৱা বিবাহ বিচ্চেদৰ নথিৰে কেইবাগৰাকী মহিলাক বিয়া পাতিলে প্ৰৱঞ্চকটোৱে (Man Married 7 women using fake divorce documents)। কেৱল এয়াই নহয় মহিলা কেইগৰাকীৰ পৰা লাখ লাখ টকা লৈ উধাও প্ৰৱঞ্চকটো ।

Tragic incident in Jonai: গা ধুৱলৈ গৈ সলিল সমাধি ঘটিল এটি শিশুৰ

জোনাইত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ জোনাইত গা ধুৱলৈ গৈ সলিল সমাধি ঘটিল এটি শিশুৰ (Children died in water while bathing in Chika River) । মৃত শিশুটিৰ নাম মুকেশ পায়েঙ ৷

Dalai Lama left Dharamshala: এদিনীয়া ভ্ৰমণসূচীৰে জম্মুলৈ ৰাওনা তিব্বতীয় ধৰ্মগুৰু দালাই লামা

৬ জুলাইত সমগ্ৰ বিশ্বৰ তিব্বতীসকলে চতুৰ্দশ দালাই লামাৰ ৮৭ সংখ্যক জন্মদিন উদযাপন কৰিছিল (87th birthday of Dalai Lama)। হিমাচল প্ৰদেশৰ ধৰ্মশালাত দালাই লামাৰ জন্মদিনৰ আয়োজন কৰা হৈছিল । ইয়াৰ পাছতে বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে ধৰ্মগুৰুগৰাকী জম্মু অভিমুখে ৰাওনা হয় ।

Vineet Bagaria Suicide Case: ন্যায় বিচাৰি চিলাপথাৰত প্ৰতিবাদ

পশুপ্ৰেমী বিনীত বাগাৰীয়াই (Animal activist Vineet Bagaria) আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে চিলাপথাৰ নগৰৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক ৷ বিনীত বাগাড়ীয়া আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে সন্ধিয়া চিলাপথাৰ নগৰত হাতে হাতে একোডালকৈ মমবাতি লৈ পদযাত্ৰাৰে এক মৌন সমদল বাহিৰ কৰে (Candlelight march over Vineet Bagaria death in Jonai) ৷

AICC letter to DGP Tripura: কংগ্ৰেছ ভৱনৰ সুৰক্ষাৰ দাবীত ত্ৰিপুৰা আৰক্ষীলৈ AICC ৰ পত্ৰ

লক্ষণীয় হৈ উঠিছে ত্ৰিপুৰাৰ ৰাজনৈতিক প্ৰেক্ষাপট(Tense situation in Tripura) । নিৰাপত্তাহীনতাত ভূগিছে ত্ৰিপুৰাৰ কংগ্ৰেছ দলে । কেইদিনমান পূৰ্বে BJP ৰ দুৰ্বৃত্তই কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ(Miscreants attack Congress leader vehicle in Tripura) কৰাৰ পাছতেই কংগ্ৰেছ ভৱন আৰু কংগ্ৰেছ কৰ্মীৰ সুৰক্ষাৰ দাবীত অল ইণ্ডিয়া কংগ্ৰেছ কমিটীয়ে পত্ৰ প্ৰেৰণ কৰিলে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ ।

Free crossing over rail line issue: জোনাইৰ চিগাত ৰে’ল বিভাগে খান্দিলে এটা গুৰুত্বপূৰ্ণ পথৰ দুয়োপাৰ

জোনাইৰ চিগাত ৰেল বিভাগে খান্দিলে এটা সদাব্যস্ত পথ ৷ জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (515 NH in Jonai) সমীপৰ তাকে তিনিআলিৰ পৰা চিগা পঞ্চায়তৰ প্ৰায় ৩০ খন গাঁৱক সংযোগ কৰা এই পথছোৱাৰ দুয়োপাৰ ৰে’ল বিভাগে জেচিবিৰে খান্দি পেলোৱাত (Railway department dug both sides of railway line after an accident) সম্প্ৰতি বৃহত্তৰ অঞ্চলটোলৈ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে । ফলত চিগা পঞ্চায়তৰ অন্তৰ্গত ৩০ খন গাঁৱৰ ৰাইজে বিকল্প পথ নথকাত ৰোগী, শিক্ষাৰ্থীকে আদি কৰি অঞ্চলটোৰ ৰাইজে সন্মুখীন সৈছে ডাঙৰ সমস্যাৰ ।

HIV patients increasing in Tripura: ত্ৰিপুৰাৰ নিচামুক্তি কেন্দ্ৰত HIV ৰোগীৰ সংখ্যা বৃদ্ধি

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা । দেশৰ অন্যান্য প্ৰান্তৰ লগতে ত্ৰিপুৰাতো HIV সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে(HIV patients increasing in Tripura) । বিশেষকৈ নিচামুক্তি কেন্দ্ৰসমূহত HIV ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য ।

PM Kisan Samman Nidhi : কেনেকৈ লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন ?

ৰাজ্যৰ কৃষকসকলৰ বাবে এক জৰুৰি নিৰ্দেশনা ৷ 31 জুলাইৰ ভিতৰত নিজ নিজ বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ আৰু ই-কে ৱাই চি (E-KYC) সংযোগ কৰিলে লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন (PM Kisan Samman Nidhi) ৷ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ কৃষি বিভাগে ৷

Dangoria Puja in Dibrugrah : আৰম্ভপূৰ্ণভাৱে মৰাণত আয়োজন ডাঙৰীয়া পূজা

লোকে লোকাৰণ্য হৈ পৰিল ডিব্ৰুগড়ৰ লেকাই ঠাকুৰথানৰ ঐতিহাসিক মৈদামনি ডাঙৰীয়া থান (Devotees gathering at Historical Moidamoni Dangoria Than) ৷ বিগত প্ৰায় দুটা বছৰৰ অন্তত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় ঐতিহাসিক ঠাকুৰথান মৈদামনীৰ ডাঙৰীয়া থানত ডাঙৰীয়া পূজা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.