Free crossing over rail line issue: জোনাইৰ চিগাত ৰে’ল বিভাগে খান্দিলে এটা গুৰুত্বপূৰ্ণ পথৰ দুয়োপাৰ

By

Published : Jul 14, 2022, 12:04 PM IST

thumbnail

জোনাইৰ চিগাত ৰেল বিভাগে খান্দিলে এটা সদাব্যস্ত পথ ৷ জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (515 NH in Jonai) সমীপৰ তাকে তিনিআলিৰ পৰা চিগা পঞ্চায়তৰ প্ৰায় ৩০ খন গাঁৱক সংযোগ কৰা এই পথছোৱাৰ দুয়োপাৰ ৰে’ল বিভাগে জেচিবিৰে খান্দি পেলোৱাত (Railway department dug both sides of railway line after an accident) সম্প্ৰতি বৃহত্তৰ অঞ্চলটোলৈ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে । ফলত চিগা পঞ্চায়তৰ অন্তৰ্গত ৩০ খন গাঁৱৰ ৰাইজে বিকল্প পথ নথকাত ৰোগী, শিক্ষাৰ্থীকে আদি কৰি অঞ্চলটোৰ ৰাইজে সন্মুখীন সৈছে ডাঙৰ সমস্যাৰ । কিয়নো বুধবাৰে ৰে’লপথচোৱাৰে পাৰ হ’ব খোজা অৱস্থাত ৰে’লে মহিতীয়াই নিয়ে এখন অট’(Free crossing over rail line issue) ৷ অৱশ্যে কথামপি প্ৰাণ ৰক্ষা পৰে অট’ চালকগৰাকীৰ ৷ ইয়াৰ পিচতে ৰে’ল বিভাগে এই পথটোৰ দুয়োপাৰ খান্দি পেলায় । সেয়েহে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি পথছোৱাৰ ওপৰত ক্ৰচিঙৰ ব্যৱস্থা কৰিবলৈ ৰে’ল বিভাগৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছে অঞ্চলটোৰ ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.