ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 20, 2022, 11:02 AM IST

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

সুস্থ অৱস্থাতে আছে জয়মালা : জনালে অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে

অৱশেষত জয়মালাক প্ৰত্যক্ষ কৰিলে অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে ৷ প্ৰতিনিধিৰ দলটো উপস্থিত হোৱাৰ সময়ত ১৫ লাখ টকা ব্যয়েৰে নিৰ্মিত এটা পুখুৰীত গা ধুই আছিল জয়মালাই ৷ হাতীটো সুস্থ অৱস্থাত থকাৰ কথা জনালে দলটোৱে ৷ অসম চৰকাৰৰ ওচৰতো প্ৰতিবেদন দাখিল বন বিভাগৰ দলটোৰ ৷

শ্ৰীলংকাৰ নৌ সেনাই আটক কৰিলে ভাৰতৰ ৮ মাছমৰীয়াক

শ্ৰীলংকাৰ অধীনৰ পানীত মাছ ধৰাৰ অভিযোগত আটক ভাৰতীয় মাছমৰীয়া (Indian fisherman detained in Sri Lanka)। মাছমৰীয়া কেইজন তামিলনাডুৰ পুডুকোট্টাই জিলাৰ ।

ৰঙিয়াত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন

ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন জব্দ (Drugs seized in Rangia) । ঘটনা সন্দৰ্ভত বহিঃৰাজ্যৰ এজনক গ্ৰেপ্তাৰ (One Drugs dealer arrest in Rangia) ৷

মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কিশোৰ সম্ৰিটেক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰদ্ৰোহৰ লগতে কেইবাটাও গোচৰ ৰুজু হৈছে কিশোৰ সম্ৰিটেৰ বিৰুদ্ধে । নতুন সংসদ ভৱন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে (Former MLA Kishor Samrite arrested)। গ্ৰেপ্তাৰৰ ক্ষেত্ৰত দিল্লী আৰক্ষীক সহযোগ কৰে ভূপাল আৰক্ষীয়ে ।

প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি সাধন মাজুলীত

মাজুলীৰ পতিয়ৰি আৰু গুৱালাবাৰী অঞ্চলত ধুমুহাৰ তাণ্ডৱ (Devastating Storm In Parts Of Majuli) । মঙলবাৰে পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে অঞ্চলটোৰ (Heavy storm in Majuli) ।

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদত বহিল বঞ্চিত শিক্ষক

চচলত প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত বহিল প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকল (Venture teachers protest in Chachal) ৷ প্ৰাপ্য অধিকাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

ছোনিয়াৰ সেউজ সংকেত : AICC ৰ সভাপতিৰ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা শশী থাৰুৰৰ

২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া । মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৮ অক্টোবৰ আৰু প্ৰয়োজন সাপেক্ষে ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব (Congress president election )। ১৯ অক্টোবৰত ফলাফল ওলাব । ইতিমধ্যে ছোনিয়া গান্ধীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে সেউজ সংকেত লাভ কৰিছে শশী থাৰুৰে (Shashi Tharoor gets Sonia Gandhis nod) ৷

আমগুৰিত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

আমগুৰিত চুলাই মদৰ বিৰুদ্ধে আমগুৰি আবকাৰী বিভাগৰ তীব্ৰ অভিযান (Operation against illegal wine at Amguri) ৷ আমগুৰি আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক নাৰায়ণ বড়োৰ নেতৃত্বত আমগুৰিৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷

ৰে’ল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ডুপ্লিকেট ছলমান খানৰ !

হুবহু ছলমান খানৰ চেহেৰাৰ ব্যক্তিজন হৈছে আজম আলী আনছাৰী (Duplicate Salman Khan Azam Ali Ansari) । সোমবাৰে লক্ষ্ণৌ চিটি ষ্টেচনত আৰপিএফৰ সন্মুখত আত্মসমৰ্পণ কৰে আনছাৰীয়ে (Duplicate Salman Khan surrendered before RPF) ।

ঘোষণা কৰা হ’ল মিচিং ভাষাৰ পৰীক্ষাৰ ফলাফল

প্ৰাথমিক পৰ্যায়ৰ পৰাই গণিত আৰু ইংৰাজীৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হ’ব (Maths and science will taught in English)। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ জাতীয় দল-সংগঠনে অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ । এই ক্ষেত্ৰত নিজৰ স্থিতিত অটল থাকি ২০২১-২২ বৰ্ষৰ মিচিং আগম কেবাঙৰ দ্বাৰা আয়োজিত ছমহীয়া মিচিং ভাষা পৰীক্ষাৰ ফলাফল সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে(Missing Language Course Result Declared) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.