ৰে’ল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ডুপ্লিকেট ছলমান খানৰ !

author img

By

Published : Sep 20, 2022, 9:50 AM IST

Updated : Sep 20, 2022, 11:12 AM IST

salman

হুবহু ছলমান খানৰ চেহেৰাৰ ব্যক্তিজন হৈছে আজম আলী আনছাৰী (Duplicate Salman Khan Azam Ali Ansari) । সোমবাৰে লক্ষ্ণৌ চিটি ষ্টেচনত আৰপিএফৰ সন্মুখত আত্মসমৰ্পণ কৰে আনছাৰীয়ে (Duplicate Salman Khan surrendered before RPF) ।

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : আৰক্ষীৰ জালত ছলমান খান ! ৰে'ল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ছলমান খানৰ ! কিন্তু কিয় ? কি অপৰাধ ছলমান খানৰ ? নিশ্চিতভাৱে এই প্ৰশ্নটোৱে হয়তো আপোনাক এই মূহুৰ্তৰ বাবে ভবাই তুলিছে । পিছে প্ৰকৃত ৰহস্যটো হৈছে ডুপ্লিকেট ছলমান খানেহে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।

ছলমান খানৰ হুবহু শাৰীৰিক অৱয়বৰ এগৰাকী ব্যক্তিয়ে ছলমান খানৰ অভিনয় কৰিবলৈ গৈ ধৰা পৰে আৰু আত্মসমৰ্পণ কৰে (Duplicate Salman Khan surrendered) । হুবহু ছলমান খানৰ চেহেৰাৰ এই ব্যক্তিজন হৈছে আজম আলী আনছাৰী (Duplicate Salman Khan Azam Ali Ansari) । সোমবাৰে লক্ষ্ণৌ চিটি ষ্টেচনত আৰপিএফৰ সন্মুখত আত্মসমৰ্পণ কৰে আনছাৰীয়ে (Duplicate Salman Khan surrendered before RPF) ।

বিভাগীয় সূত্ৰ অনুসৰি, ২৩ আগষ্টত ডালিগঞ্জৰ ওচৰৰ ৰে'লপথত ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰাৰ পিছত 'ডুপ্লিকেট ছলমান খান' নামেৰে জনাজাত আনছাৰী কেইবা সপ্তাহ ধৰি পলাতক হৈ আছিল ।

সূত্ৰত প্ৰকাশ পোৱা মতে, আনছাৰীয়ে ভিডিঅ'টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । ভিডিঅ'টোত দেখা গৈছে লক্ষ্ণৌ চিটি ষ্টেচনৰ ওচৰৰ ৰে'লপথত ৰে'লৱে ট্ৰেকত পৰি আনছাৰীয়ে ছলমান খানৰ এখন বিখ্যাত চলচ্চিত্ৰ গীত 'তেৰে নাম হামনে কিয়া হে'ৰ এটা ট্ৰেকত ওঁঠ লৰাই থকা দেখা গৈছে (Salman movie song Tere Naam Humne Kiya Hai) ।

আৰপিএফ বিষয়াসকলে জনোৱা মতে, ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত আনছাৰীৰ বিৰুদ্ধে আৰপিএফ আইনৰ ১৪৭, ১৪৫ আৰু ১৬৭ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল (sections of RPF Act) । তেওঁলোকে লগতে প্ৰকাশ কৰিছে যে উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰপিএফে আনছাৰীৰ সন্ধানত কেইবাটাও অভিযান চলায় ।

অৱশেষত ডুপ্লিকেট ছলমানে আত্মসমৰ্পণ কৰে । আহাতে, আৰপিএফৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আনছাৰীয়ে ভিডিঅ'টো নিৰ্মাণৰ বাবে ক্ষমা বিচৰা বুলিও আৰপিএফ পৰিদৰ্শক সুৰেশ কুমাৰে কয় । "ৰে'লপথবোৰ সংবেদনশীল স্থান । ৰে'লপথত বা ওচৰত এনে ধৰণৰ কাৰ্যৰ আশ্ৰয় লোৱাটো আইনবিৰোধী । আমি লোকসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ ।" কুমাৰে লগতে কয় ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী

Last Updated :Sep 20, 2022, 11:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.