সুস্থ অৱস্থাতে আছে জয়মালা : জনালে অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে

author img

By

Published : Sep 20, 2022, 10:13 AM IST

Assam State Forest Department officials inspected the Jayamala elephant in person

অৱশেষত জয়মালাক প্ৰত্যক্ষ কৰিলে অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে ৷ প্ৰতিনিধিৰ দলটো উপস্থিত হোৱাৰ সময়ত ১৫ লাখ টকা ব্যয়েৰে নিৰ্মিত এটা পুখুৰীত গা ধুই আছিল জয়মালাই ৷ হাতীটো সুস্থ অৱস্থাত থকাৰ কথা জনালে দলটোৱে ৷ অসম চৰকাৰৰ ওচৰতো প্ৰতিবেদন দাখিল বন বিভাগৰ দলটোৰ ৷

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ: অৱশেষত জয়মালাক স্বচক্ষে প্ৰত্যক্ষ অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে(Assam delegate team to Tamil Nadu) ৷ বন সংৰক্ষক হিতেশ মিশ্ৰ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু প্ৰখ্যাত পশু চিকিৎসক কুশল কোঁৱৰ শৰ্মাই (Assam State Forest Department officials) একেবাৰেই কাষৰ পৰা পৰিদৰ্শন কৰিবলৈ সক্ষম হয় জয়মালাক ৷

তামিলনাডুৰ শ্ৰী ভিলিপুথুৰৰ আন্দাল মন্দিৰত হাতীটো সুস্থ অৱস্থাত থকা বুলি জনালে অসম চৰকাৰৰ প্ৰতিনিধিৰ দলটোৱে (Jayamala elephant in Tamil Nadu) ৷ অসমৰ প্ৰতিনিধিৰ দলটোৱে জয়মালাই 15 লাখ টকা ব্যয়েৰে নিৰ্মিত এটা পুখুৰীত গা ধুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

উল্লেখযোগ্য যে, 15 বছৰ আগতেই পাঁচ বছৰীয়া হাতী এটাক তামিলনাডুৰ শ্ৰীভিল্লীপুথুৰ আন্দাল মন্দিৰলৈ অনা হৈছিল ৷ হাতীটোক মন্দিৰ কৰ্তৃপক্ষই জয়মালতা নামেৰে নামাকৰণ কৰে ৷ কিন্তু হাতীটোক বৰ্বৰভাৱে অত্যাচাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন দল-সংগঠনে হাতীটোক ঘূৰাই অনাৰ বাবে দাবী জনাইছিল ।

সুস্থ অৱস্থাত আছে জয়মালা

ইয়াৰ পাছতেই অসম চৰকাৰৰ এটা প্ৰতিনিধি দলে হাতীটোক পৰ্যবেক্ষণ কৰাৰ বাবে তামিলনাডুৰ মন্দিৰটোত উপস্থিত হয় ৷ কিন্তু অসমৰ দলটোক হাতীটোক চোৱাৰ ক্ষেত্ৰত স্পষ্টভাৱে বাৰণ কৰে মন্দিৰ কৰ্তৃপক্ষই ৷ তামিলনাডু চৰকাৰে এই ভিডিঅ’টো ভুৱা বুলি উল্লেখ কৰে ৷

ইয়াৰ পাছতেই তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক এক প্ৰতিবেদন দাখিল কৰি (TN government tells Madras High Court) অসমক জয়মালা ঘূৰাই নিদিয়ে বুলি নিজৰ স্থিতি স্পষ্ট কৰে ৷

তামিলনাডু চৰকাৰৰ এই স্থিতিৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Guwahati High court) নিৰ্দেশত ৰাজ্যিক বন সংৰক্ষক হিতেশ মিশ্ৰ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, বন জীৱনৰ অধ্যাপক কে কে শৰ্মাৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হয় ৷ এই দলটোৱে তামিলনাডুত উপস্থিত হৈ সোমবাৰে জয়মালাক প্ৰত্যক্ষ কৰে ৷

অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে হাতীটোৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত অসম চৰকাৰক এখন প্ৰতিবেদনো দাখিল কৰে(Health condition of Jayamala elephant) ৷

লগতে পঢ়ক: সুদা হাতে তামিলনাডুৰ পৰা উভতিল অসম চৰকাৰৰ উচ্চস্তৰীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.