ETV Bharat / bharat

মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কিশোৰ সম্ৰিটেক গ্ৰেপ্তাৰ

author img

By

Published : Sep 20, 2022, 10:42 AM IST

ৰাষ্ট্ৰদ্ৰোহৰ লগতে কেইবাটাও গোচৰ ৰুজু হৈছে কিশোৰ সম্ৰিটেৰ বিৰুদ্ধে । নতুন সংসদ ভৱন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে (Former MLA Kishor Samrite arrested)। গ্ৰেপ্তাৰৰ ক্ষেত্ৰত দিল্লী আৰক্ষীক সহযোগ কৰে ভূপাল আৰক্ষীয়ে ।

্
মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কিশোৰ সম্ৰিটক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,২০ ছেপ্টেম্বৰ : দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ জালত মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কিশোৰ সম্ৰিটে (Delhi police arrested Kishor Samrite)। কোলাৰৰ পেলেচ আৰ্চড কলনীত থকা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সমাজবাদী পাৰ্টিৰ প্ৰাক্তন বিধায়কগৰাকীক । আৰক্ষীয়ে প্ৰাক্তন বিধায়কগৰাকীক ভূপালত গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ যায় ।

সম্ৰিটেয়ে ভাবুকি দিছিল যদি তেওঁৰ ৭০ টা দাবী ৩০ ছেপ্টেম্বৰৰ পূৰ্বে পূৰণ কৰা নহয় তেন্তে নতুন সংসদ ভৱনটো তেওঁ ধ্বংস কৰি দিব (Allegation against Kishor Samrite)। প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰো অভিযোগ আছে ।

মধ্য প্ৰদেশৰ বালাঘাটৰ লাজীৰ পৰা প্ৰাক্তন বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে আদালতত হাজিৰ কৰোৱা হৈছিল । অধিক তদন্ত আৰু জেৰাৰ বাবে বিধায়কজনক অপৰাধ শাখাই ট্ৰেঞ্জিট ৰিমাণ্ডত বিচাৰিছিল । ভূপাল আদালতে আৰক্ষীৰ আবেদন ৰক্ষা কৰি ৱাৰেণ্ট জাৰি কৰে আৰু পাছত দলটো সম্ৰিটেৰ সৈতে দিল্লীলৈ ৰাওনা হয় (Former MLA Kishor Samrite arrested in Bhopal)।

কিশোৰ সম্ৰিটে বৰ্তমান সংযুক্ত ক্ৰান্তি পাৰ্টিৰ সভাপতি । তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ১৭ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে ।

ভূপাল আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া বিজয় খাত্ৰীয়ে কয় যে, দিল্লী অপৰাধ শাখাই কিশোৰ সম্ৰিটেক গ্ৰেপ্তাৰ কৰাৰ বাবে ভূপাল আৰক্ষীৰ পৰা সহায় বিচাৰিছিল । ভূপাল আৰক্ষীৰ দলে প্ৰাক্তন বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতৰ পৰা ট্ৰেঞ্জিট ৱাৰেণ্ট জাৰি কৰে আৰু দিল্লীলৈ ৰাওনা নোহোৱালৈকে দিল্লী আৰক্ষীক সমৰ্থন জনায় (Bhopal police helped Delhi police)।

যিহেতু বিষয়টো প্ৰাক্তন বিধায়কৰ সৈতে জড়িত আছিল সেয়ে অতি গোপনীয়ভাৱে আৰক্ষীয়ে পদক্ষেপ লৈছিল ।

লগতে পঢ়ক :ছোনিয়াৰ সেউজ সংকেত : AICC ৰ সভাপতিৰ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা শশী থাৰুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.