শ্ৰীলংকাৰ নৌ সেনাই আটক কৰিলে ভাৰতৰ ৮ মাছমৰীয়াক

author img

By

Published : Sep 20, 2022, 10:45 AM IST

Sri Lanka

শ্ৰীলংকাৰ অধীনৰ পানীত মাছ ধৰাৰ অভিযোগত আটক ভাৰতীয় মাছমৰীয়া (Indian fisherman detained in Sri Lanka)। মাছমৰীয়া কেইজন তামিলনাডুৰ পুডুকোট্টাই জিলাৰ ।

নেশ্যনেল ডেস্ক,২০ ছেপ্টেম্বৰ : ভাৰত আৰু শ্ৰীলংকাৰ সামুদ্ৰিক সীমা অতিক্ৰম কৰাৰ অপৰাধত প্ৰায়ে মাছমৰীয়াসকল আটক হোৱা দেখা যায় । কেতিয়াবা যদি ভাৰতৰ নৌ বাহিনীৰ হাতত শ্ৰীলংকাৰ মাছমৰীয়া আটক হয় কেতিয়াবা আকৌ ভাৰতীয় মাছমৰীয়াই সামুদ্ৰিক সীমা উলংঘন কৰি শ্ৰীলংকাৰ নৌ বাহিনীৰ হাতত আটক হ'বলগীয়া হয় ।

সামুদ্ৰিক সীমা উলংঘন কৰি এইবাৰ ৮ গৰাকী ভাৰতীয় মাছমৰীয়া আটক হ'ল শ্ৰীলংকাৰ নৌ বাহিনীৰ হাতত (SL Navy apprehends Indian fishermen)। মাছমৰীয়া কেইজন তামিলনাডুৰ পুডুকোট্টাই জিলাৰ বুলি জানিব পৰা গৈছে ।

সোমবাৰে বিয়লিৰ ভাগত মুল্লাইথিভু আৰু নেদুন্থিভুৰ মাজত শ্ৰীলংকাৰ অধীনৰ পানীত মাছ ধৰাৰ অভিযোগত দেশখনৰ নৌসেনাই মাছমৰীয়া কেইজনক আটক কৰে । লগতে মাছমৰীয়া কেইজনে ব্যৱহাৰ কৰা নাও এখনো জব্দ কৰে ।

লগতে পঢ়ক :চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ অভিযুক্তক আটক কৰিলে চিমলা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.