চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ অভিযুক্তক আটক কৰিলে চিমলা আৰক্ষীয়ে

author img

By

Published : Sep 18, 2022, 9:28 PM IST

Etv Bharatboyfriend-arresed-chandigarh-university-viral-video

অৱশেষত গ্ৰেপ্তাৰ হ’ল চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ধৃত ছাত্ৰীৰ প্ৰেমিকক (Boyfriend arresed Chandigarh University viral video) ৷ চণ্ডীগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ঘটনাৰ অভিযুক্তক চিমলা আৰক্ষীয়ে কৰিলে আটক ৷

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ: অৱশেষত গ্ৰেপ্তাৰ হ’ল চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ধৃত ছাত্ৰীৰ প্ৰেমিকক (Boyfriend arresed Chandigarh University viral video) ৷ উল্লেখ্য যে, শনিবাৰে নিশা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলৰ বাথৰূমৰ ভিতৰৰ পৰা ভিডিঅ' বনোৱাৰ সময়ত এগৰাকী ছাত্ৰী হাতে-লোটে ধৰা পৰে (Chandigarh University viral video) ৷

ছাত্ৰীগৰাকীয়ে কেবাদিনো ধৰি এনেদৰে হোষ্টেলৰ বাথৰূমৰ ভিতৰত স্নান কৰি থকা সহপাঠীৰ ভিডিঅ' ৰেকৰ্ড কৰি চিমলাৰ এগৰাকী বন্ধুলৈ প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে (Video viral on social media)৷ এই ঘটনাৰ পিছতে ছাত্ৰীসকলে নিশা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে হোষ্টেলৰ চৌহদত উত্তেজনাৰ সৃষ্টি হৈছিল (Ruckus in Chandigarh university) ৷

আনকি এই ঘটনাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰী আত্মহননৰ চেষ্টা চলোৱা বুলিও প্ৰচাৰ হৈছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে বিশ্ববিদ্যালয়খনৰ শ শ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ লগতে ঘটনা সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হৈছিল ৷ এই এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে ধৃত ছাত্ৰীগৰাকীক আটক কৰি ( Chandigarh universit student arrested) মোবাইল ফোনৰ লগতে ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰে ৷

এই তদন্তৰ ভিত্তিতে বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰী আত্মহননৰ চেষ্টা চলোৱা কথাটো ন্যাসৎ কৰে জ্যেষ্ঠ আৰক্ষী বিষয়াই ৷ তাৰ পিছতেই দেওবাৰে সন্ধিয়া চিমলা আৰক্ষীয়ে ধৃত ছাত্ৰীগৰাকীৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰে ৷ ইফালে বিশ্ববিদ্যালয়খনত উত্তেজনা বৃদ্ধি হোৱাৰ পিছতে বিশ্ববিদ্যালয় প্ৰশাসনে 2 দিনৰ বাবে (19 আৰু 20 ছেপ্টেম্বৰ) অধ্যয়ন বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৷

ঘটনা সন্দৰ্ভত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাটোক অতি দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিয়ে ৷ লগতে ঘটনাৰ তদন্ত কৰিবলৈ পঞ্জাৱ আৰক্ষীয়ে হিমাচল আৰক্ষীৰ পৰা সহযোগিতা বিচাৰিছিল বুলিও সদৰি কৰে (Himachal pradesh CM Jai Ram Thakur) ৷

লগতে পঢ়ক: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰীয়ে আত্মহননৰ চেষ্টা কৰা নাই: বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.