ৰঙিয়াত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন

author img

By

Published : Sep 20, 2022, 9:08 AM IST

Updated : Sep 20, 2022, 9:19 AM IST

Drugs seized in Rangia

ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন জব্দ (Drugs seized in Rangia) । ঘটনা সন্দৰ্ভত বহিঃৰাজ্যৰ এজনক গ্ৰেপ্তাৰ (One Drugs dealer arrest in Rangia) ৷

ৰঙিয়া,20 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্য আৰু ড্ৰাগছ বিৰোধী অভিযান (Anti drugs campaign of Assam Police)। অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে নিচা জাতীয় দ্ৰব্য । কিন্তু আৰক্ষীৰ তীব্ৰ তালাচীৰ পিছতো একাংশ দুষ্ট চক্ৰই ভিন্ন কৌশল অৱলম্বনেৰে চলাই নিব বিচাৰিছে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ (Drugs smuggling in Assam) ।

সোমবাৰে ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে (Drugs smuggling in Rangia)৷ বিশেষ সূত্ৰৰ পম খেদি ৰঙিয়াৰ সমীপৰ মৰাণজানা গাঁও পঞ্চায়তৰ অধীনৰ কেকেনিকুছিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে নিষিদ্ধ হেৰ'ইনৰ বিৰুদ্ধে অভিযান চলায় জব্দ কৰে বৃহৎ মূল্যৰ ড্ৰাগছখিনি (Large quantity of Heroin seized in Rangia) । এটা ভাড়া ঘৰত অভিযানকাৰী আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰে ৭ টাকৈ হেৰ'ইন ভৰ্তি চাবোনৰ পেকেট ।

মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰা হয় প্ৰায় ১০০ গ্ৰাম নিষিদ্ধ হেৰ'ইন (Drugs seized in Rangia) । নিষিদ্ধ হেৰ'ইন সৰবৰাহত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ এজনক ৷ ধৃত হেৰ'ইন সৰবৰাহকাৰীজন হৈছে মণিপুৰৰ ছাৱম্বুং গেট ইম্ফল ইষ্টৰ "চাগল শ্বেম বৈশ্বা সিং" ।

হেৰ'ইন সৰবৰাহকাৰীজনে দীৰ্ঘদিন ধৰি ভাড়াঘৰটোত হেৰ'ইনৰ ব্যৱসায় চলায় অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, বিগত কিছুদিনত অসম আৰক্ষীৰ মাৰাথন নিচাজাতীয় দ্ৰব্য আৰু ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছ বিক্ৰেতা, সৰবৰাহকাৰীৰ লগতে কেইবা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: সম্পত্তি কৰ আদায় কৰিব ব্যক্তিগত কোম্পানীয়ে

Last Updated :Sep 20, 2022, 9:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.