সম্পত্তি কৰ আদায় কৰিব ব্যক্তিগত কোম্পানীয়ে

author img

By

Published : Sep 19, 2022, 8:38 PM IST

Collection of GMC tax on private company

গুৱাহাটী মহানগৰীৰ গৃহ আৰু সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ কোম্পানীক দিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমে নিবিদা আহ্বান কৰিছে । এই তথ্য় সদৰি কৰিছে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে(Minister Ashok Singhal)।

গুৱাহাটী, ১৯ছেপ্টেম্বৰ: উন্নয়ন আৰু দুৰ্নীতিমুক্ত অসম গঢ়া ঢাক ঢোল বজাই থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনত জনসাধাৰণৰ পৰা কৰ সংগ্ৰহৰ বিষয়টোক যেন অধিক গুৰুত্ব দিয়া হৈছে । এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ গৃহ আৰু সম্পত্তি কৰ গুৱাহাটী পৌৰ নিগমে সংগ্ৰহ সংগ্ৰহ (Collection of GMC tax on private company) নকৰে । তাৰ ঠাইত গুৱাহাটী মহানগৰীৰ গৃহ আৰু সম্পত্তি কৰ (House and Property Tax in Guwahati city) সংগ্ৰহৰ দায়িত্ব দিয়া হ'ব ব্যক্তিগত খণ্ডৰ কোম্পানীক ‌। এই কথা সদৰি কৰিছে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে ।

সম্পত্তি কৰ আদায় কৰিব ব্যক্তিগত কোম্পানীয়ে

বিধানসভাৰ চৌহদৰ বাহিৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal)কয় যে গুৱাহাটী মহানগৰীৰ গৃহ আৰু সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ কোম্পানীক দিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমে নিবিদাৰ আহ্বান কৰিছে ।

ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে কিদৰে ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰিব সেই লৈ নিবিদাত সকলো উল্লেখ থকা বুলি মন্তব্য কৰে মন্ত্ৰী সিংঘালে । প্ৰসংগক্ৰমে চটিছগড়ত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ জড়িয়তে চৰকাৰে কৰ সংগ্ৰহ কৰি অহা বুলি তেওঁ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতা নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে : লুৰীণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.