11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Sep 21, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

দেওবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্ল’মা ডি এল এডৰ পৰীক্ষা ৷ ধেমাজিৰ বাণিজ্য মহাবিদ্যালয়ত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ আৰক্ষীৰ হাতত আটক হ’বলগীয়া হ’ল পৰীক্ষাৰ্থী ।

মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ স্থানান্তৰ গঁড়ৰ খৰ্গ

বোকাখাতত তুংগত উঠিছে গঁড়ৰ খৰ্গ দহন প্ৰস্তুতি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দহন কৰিব গঁড়ৰ খৰ্গ ৷ পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজন কৰা গঁড়ৰ খৰ্গ দহনৰ প্ৰস্তুতিৰ অংশ হিচাবে বিগত সময়চোৱাত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ খৰ্গসমূহ সোমবাৰে ৰাজ্যৰ বিভিন্ন কোষাগাৰৰ পৰা ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ লৈ যোৱা হয় ৷

কোনোপধ্যেই CISFৰ গুণ্ডাগিৰি সহ্য নকৰো: আটছা

প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ । শোধনাগাৰৰ CISF জোৱানে শ্ৰমিক আৰু ঠিকাদাৰক মাৰপিট কৰাৰ অভিযোগত মুখ্যদ্বাৰ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই(AATSA)। প্ৰতিবাদযোগে CISF জোৱানক শাস্তিৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীৰ দাবী মানি নল’লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান আটছাৰ ৷

ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত সোণৰ পদক অৰ্জন মৰাণৰ নিবিড়ৰ

পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত দপদপনি অক্ষুণ্ণ অসমৰ খেলুৱৈৰ ৷ মৰাণৰ নিবিড় মূহুৰ্ত বৰুৱাই ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত অংশগ্ৰহণ কৰি আঁজুৰিলে সোণৰ পদক ৷

দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ

সোমবাৰে চিৰাঙৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰাৰ বনাঞ্চলত দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ এটা বন্যহস্তী(Wild Elephant)ৰ মৃতদেহ ৷ এই ঘটনা এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

আফগানিস্তানৰ বাৰহানউদ্দিন বিশ্ববিদ্যালয়ৰ নাম সলনি কৰিলে তালিবানে

‘বিশ্ববিদ্যালয়সমূহ আফগানিস্তানৰ বৌদ্ধিক সম্পদ’ আফগানিস্তানৰ উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ অনুষ্ঠানিক নিৰ্দেশনাত কোৱা হৈছে এই কথা ৷ শেহতীয়াকৈ আফগানিস্তানৰ বুৰহানউদ্দিন বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কাবুল শিক্ষা বিশ্ববিদ্যালয় কৰিছে তালিবানে ৷

এনকাউন্টাৰৰ নামত নিৰীহ যুৱকক হত্যা : এবছু

চিৰাঙৰ কাজলগাঁৱৰ জিলা এবছু কাৰ্যালয়ত এবছু সভাপতি দ্বিপেন বড়োৰ সংবাদমেল । কোকৰাঝাৰ এনকাউন্টাৰৰ নামত নিৰীহ দুই যুৱকক হত্যাৰ অভিযোগ এবছুৰ । দণ্ডাধীশ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবী এবছুৰ ।


হোজাই জিলাত আৰম্ভ দশম শ্ৰেণীৰ পাঠদান

হোজাই জিলাত সোমবাৰৰ পৰা আৰম্ভ হয় দশম শ্ৰেণীৰ পাঠদান । পাঠদানৰ পূৰ্বে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ছেনিটাইজ কৰা হয় । উল্লেখ্য যে, ক'ভিডৰ বাবে বিগত প্ৰায় ছমাহ ধৰি বন্ধ হৈ আছিল বিদ্যালয়সমূহ । ৰাজ্য চৰকাৰে 6 ছেপ্তেম্বৰত শিক্ষানুষ্ঠানসমূহক ক’ভিড বিধি মানি উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পাঠদান কৰাৰ অনুমতি দিয়ে ৷ ইয়াৰ পাছতে সোমবাৰৰ পৰা হোজাই জিলাৰ সকলো চৰকাৰী-বেচকাৰী খণ্ডৰ স্কুলত সম্পূৰ্ণ ক’ভিড বিধি মানি পাঠদান আৰম্ভ কৰা হৈছে ।

গহপুৰত শ্বহীদ দিৱস পালন ৰাজ্যিক বিজেপিৰ

সোমবাৰে গহপুৰত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা, মুকুন্দ কাকতিক স্মৰণ কৰি শ্বহীদ দিৱস(Swahid Divas) পালন ৰাজ্যিক বিজেপি(BJP)ৰ ৷ দেশৰ হকে প্ৰাণ ত্যাগ কৰা শ্বহীদ দুগৰাকীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে উপস্থিত থকা বিজেপিৰ নেতা-কৰ্মীসকলে ৷


22 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাহ কৰা হ’ব 2,479 টা গঁড়ৰ খৰ্গ

২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2479 টা খৰ্গ দহন কৰিবলৈ সাজু হৈছে বন বিভাগ ৷ স্বাভাবিকতেই বিভিন্ন জনে এই প্ৰক্ৰিয়াটোৰ বিৰোধ কৰা দেখা গৈছে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই সম্পৰ্কত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল ৷ আনহাতে, ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰায়ো গঁড়ৰ খৰ্গ দাহ কাৰ্যই গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিব নোৱাৰে বুলি মত পোষণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.