এনকাউন্টাৰৰ নামত নিৰীহ যুৱকক হত্যা : এবছু

author img

By

Published : Sep 21, 2021, 10:21 AM IST

Chirang ABSU central president press meet on Monday her fake encounter

চিৰাঙৰ কাজলগাঁৱৰ জিলা এবছু কাৰ্যালয়ত এবছু সভাপতি দ্বিপেন বড়োৰ সংবাদমেল । কোকৰাঝাৰ এনকাউন্টাৰৰ নামত নিৰীহ দুই যুৱকক হত্যাৰ অভিযোগ এবছুৰ । দণ্ডাধীশ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবী এবছুৰ ।

চিৰাং, 21 ছেপ্তেম্বৰ : সোমবাৰে কোকৰাঝাৰ জিলাৰ উল্টাপানীৰ লুংচুং বনাঞ্চলত জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ এনকাউন্টাৰ সন্দৰ্ভত চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে সম্বোধন কৰে এক সংবাদমেলৰ । উল্টাপানীৰ এনকাউন্টাৰৰ পিছত বিভিন্ন দল সংগঠনে এবছু আৰু এবছুৰ সভাপতিক লক্ষ্য কৰি সামাজিক মাধ্যমত তীব্ৰ সমালোচনা কৰাৰ পিছতেই সৰৱ হৈ পৰিছে এবছু । দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবছুৱে ৷

উল্টাপানী এনকাউন্টাৰক লৈ এবছুয়ে নিজাববীয়াকৈ তদন্ত কৰি কৰি পোৱা তথ্য অনুযায়ী উল্টাপানীত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুয়োগৰাকী ব্যক্তিয়েই প্ৰাক্তন এনডিএফবি (NDFB)ৰ সদস্য আছিল বুলি জানিব পৰা গৈছে ৷ এনকাউন্টাৰ হোৱাৰ আগদিনা দুয়োজনে এটা পথ দুৰ্ঘটনা পতিত হৈ ছেৰফাংগুৰী থানাত আৱদ্ধ হ’ব লগা হৈছিল ৷

পৰৱৰ্তী সময়ত উল্টাপানীৰ লুংচুং বনাঞ্চলৰ ক্ৰচ ফায়াৰিঙত দুই যুৱকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে দাবী কৰা বুলিও জনাই সভাপতি দ্বিপেন বড়োৱে ।

অসম আৰক্ষীৰ ফালৰ পৰা এনকাউন্টাৰত নিহত দুয়োজন নৱগঠিত উগ্ৰপন্থী সংগঠন ইউএলবি (ULB)সদস্য বুলি দাবী কৰাৰ বিপৰীতে স্থানীয় লোক বা বিভিন্ন দল-সংগঠনৰ লগতে এবছুৰ দাবী এয়া আৰক্ষীৰ দ্বাৰা পৰিকল্পিতভাৱে কৰা ভুৱা এনকাউন্টাৰ । তেনে ক্ষেত্ৰত দুয়োপক্ষৰ বিপৰীত ভাষ্যৰ প্ৰতি লক্ষ্য ৰাখি এই এনকাউন্টাৰক এটা নিৰপেক্ষ সংস্থাৰ দ্বাৰা স্বাধীনভাৱে তদন্তৰ প্ৰয়োজন অনুভৱ কৰি এবছু ফালৰ পৰা উক্ত এনকাউন্টাৰৰ ন্যায়িক তদন্তৰ দাবী কৰা হৈছে ।

লগতে পঢ়ক: মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ স্থানান্তৰ গঁড়ৰ খৰ্গ

৩৫ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই ২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিওটা ফৈদ একত্ৰিত হৈ বিটিআৰ শান্তি চুক্তি (BTR Accord) সম্পাদিত কৰিছিল । তাৰ পিছত কিছু বিদ্ৰোহী নেতাই পৰৱৰ্তী সময়ত এনএলএফবি নামৰ সশস্ত্ৰ সংগঠনৰ জন্ম দি পুনৰ জংঘললৈ উভতি গৈছিল ৷ কিন্তু বিটিআৰ এলেকাৰ শান্তিৰ কথা চিন্তা কৰি আৰু বিভিন্ন জাতীয় দল-সংগঠন আৰু চৰকাৰৰ আহ্বানত তেওঁলোকে সঁহাৰি জনাই উভতি আহিছিল ।

কেইদিনমান আগতে ইউএলবি নামৰ যি এটা সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ ঘটিলে তাৰ লক্ষ্য-উদ্দেশ্য কোনেও নাজানে । দুই এজন যুৱকে বিটিআৰ চুক্তি বুজিব নোৱাৰি নিজকে উগ্ৰপন্থী সংগঠনৰ নেতা বুলি দাবী কৰিলেই এবছুয়ে সমৰ্থন নকৰে বুলি সংবাদমেলত এবছুৰ সভাপতি দ্বিপেন বড়োৱে স্পষ্ট কৰি দিয়ে । তদুপৰি কোকৰাঝাৰ জিলাৰ উল্টাপানী এনকাউন্টাৰৰ অচিলা লৈ বড়োলেণ্ড ছাত্ৰ ইউনিয়ন, জনজাতি সুৰক্ষা মঞ্চৰ দাউৰাইদ্ৰেখ্ৰেব নাৰ্জাৰীৰ দৰে নেতাই এবছুৰ নিচিনা পবিত্ৰ জাতীয় সংগঠন এটাক লক্ষ্য কৰি সমালোচনা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সভাপতি দ্বিপেন বড়োৱে ।

লগতে পঢ়ক: আফগানিস্তানৰ বাৰহানউদ্দিন বিশ্ববিদ্যালয়ৰ নাম সলনি কৰিলে তালিবানে

বড়োৱে কয় যে, ভুৱা এনকাউন্টাৰ কেৱল এয়াই নহয় পূৰ্বতে ২০০৮ চনৰ পৰা বিটিআৰ চুক্তিৰ আগলৈ বহু কেইটা তেনে ভুৱা এনকাউন্টাৰ হৈছিল । বিপিএফৰ ৰাজত্বৰ দীৰ্ঘ ১৭ বছৰত কেবা শ লোক সেনা-আৰক্ষী তথা উগ্ৰপন্থীৰ আক্ৰমনত নিহত হ’বলগীয়া হৈছিল । তেতিয়া এই সকল নেতাই কিয় মাত মতা নাছিল বুলিও প্ৰশ্ন কৰে সংবাদমেলত ।

তেওঁ এবছুৰ স্থিতি স্পষ্ট কৰি কয় যে, এবছুয়ে কেতিয়াও সশস্ত্ৰ সংগ্ৰামক সমৰ্থন কৰা নাছিল আৰু ভৱিষ্যতেও নকৰে । এবছুৱে সদায় জাতীয় স্বাৰ্থত মাত মাতি চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে সমাধান কৰিছিল, গণতান্ত্ৰিক আন্দোলন কৰিছিল ৷ প্ৰয়োজনত ৰাইজৰ স্বাৰ্থত এবছুৱে আকৌ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ প্ৰস্তুত আছে বুলিও কয় দ্বিপেন বড়োয়ে ।

লগতে পঢ়ক: দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ

মুঠতে এবছুয়ে কোকৰাঝাৰৰ এনকাউন্টাৰ ভুৱা বুলি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনোৱাৰ লগতে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তথা নিৰপেক্ষ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায় ।

লগতে সভাপতি বড়োৱে দাবী জনাই যে, নতুন উগ্ৰপন্থী সংগঠনৰ নেতৃত্বত থকা লোক সকলেও চিন্তা কৰক সশস্ত্ৰ সংগঠন জন্ম লোৱাৰ বাবেই তাৰ পাৰ্শ্বক্ৰিয়া হিচাবে নিৰীহ লোকে মৃত্যুক সাবটিব লগীয়া হৈছে ৷ এয়া বড়ো জাতিৰ বাবে লজ্জাৰ বিষয় বুলি উল্লেখ কৰে দ্বিপেন বড়োৱে ৷ তেওঁ লগতে কয়, শান্তিৰ বাবেই বিটিআৰ চুক্তি হৈছে আৰু ইতিমধ্যে বিটিআৰ চুক্তিৰ ৭০ শতাংশ কাৰ্যকৰী হৈছে । বাকী ৩০ শতাংশ শীঘ্ৰই কাৰ্যকৰি হোৱাৰ পথত ।

ভুল বুজা-বুজি এৰি বৃহত্তৰ জাতীয় স্বাৰ্থত বিটিআৰৰ শান্তিৰ বাবে সকলো একত্ৰিত হৈ মূলসুঁতিলৈ উভতি অহাৰ বাবে আহ্বান জনাই এবছুৰ সভাপতিগৰাকীয়ে । নিহত লোক দুজন ইউএলবিৰ সদস্য হয় নে নহয় সেয়া চৰকাৰক স্পষ্ট কৰাৰ দাবী দ্বিপেন বড়োৰ ।

সংবাদমেলত এবছুৰ কেন্দ্ৰীয় উপ সভাপতি খৌৰমদাউ ৱেৰি, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, মুখপাত্ৰ জনক উজিৰ সহ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে ।

লগতে পঢ়ক: সকলো ৰাজনৈতিক দলে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিয়ক : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.