দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ

author img

By

Published : Sep 21, 2021, 7:12 AM IST

wild elephants dead body recovered in chirang

সোমবাৰে চিৰাঙৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰাৰ বনাঞ্চলত দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ এটা বন্যহস্তী(Wild Elephant)ৰ মৃতদেহ ৷ এই ঘটনা এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

চিৰাং, 21 ছেপ্তেম্বৰ: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰাৰ বনাঞ্চলত সোমবাৰে উদ্ধাৰ হৈছে এটা বনৰীয়া হাতী(Wild Elephant)ৰ মৃতদেহ ৷ মৃত বন্যহস্তীটোক দাঁত আৰু নেজ কটা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ কি পৰিস্থিতিত বনহস্তীটোৰ মৃত্যু হৈছে এই সন্দৰ্ভত কোনো সঠিক তথ্য পোহৰলৈ অহা নাই ৷

কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি, হাতীটোক কোনোবা দুষ্টচক্ৰই হত্যা কৰি হাতীটোৰ দাঁত আৰু নেজ কাটি লৈ গৈছে ৷ হাতীটোৰ মৃতদেহৰ অৱস্থা দেখি তিনি-চাৰিদিন পূৰ্বেই হাতীটো হত্যা কৰা হৈছে বুলি অনুমান কৰা হৈছে । বন বিভাগে(Forest Department)ও সন্দেহ কৰিছে এয়া এক হত্যাকাণ্ড ।

চিৰাঙত বন্য়হস্তীৰ মৃতদেহ উদ্ধাৰ

জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা ভাৰত-ভুটান সীমান্তৱৰ্তী দেউশ্ৰী অঞ্চলত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাই আহিছে ৷ এই সংঘাতৰ এয়া পাৰ্শ্বক্ৰিয়া হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে । অঞ্চলটোত প্ৰায়েই বন্যহস্তীয়ে ঘৰ-দুৱাৰ ভঙাৰ লগতে অঞ্চলবাসীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে ৷

দৰাচলতে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি মানুহে ঘৰ সাজি বসবাস কৰিবলৈ লোৱাত বন্যহস্তীৰ বিচৰণস্থলী সংকুচিত হৈ পৰিছে । হাতী-মানুহৰ সংঘাতৰ ফলত ভুক্তভোগী লোকে খাদ্যত বিষজাতীয় সামগ্ৰী মিহলাই হাতীটোক হত্যা কৰিব পাৰে নতুবা কোনো চোৰাং চিকাৰীয়েও হত্যা কৰাৰ সন্দেহ কৰা হৈছে ।

কিছুদিন পূৰ্বেও হাতীৰ দাঁতৰ সৈতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বন বিভাগৰ লোকে । চিৰাং বন সংমণ্ডল বিষয়া(DFO) ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে, এই বনৰীয়া হাতীটোক হত্যা কৰাতো প্ৰায় নিশ্চিত হৈছে । এতিয়া মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ।

যদি কোনো লোকক হত্যাকাণ্ডত জড়িত হোৱাৰ প্ৰমাণ পোৱা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি বন সংমণ্ডল বিষয়াগৰাকীয়ে সদৰী কৰে । আনহাতে, বন্যপ্ৰাণী সুৰক্ষা আৰু বনাঞ্চল সুৰক্ষাৰ বাবে গুৰুত্ব আৰোপ কৰিবলৈ বিটিআৰ(BTR) প্ৰশাসন তথা অসম চৰকাৰ(Assam Govt)ৰ বন বিভাগক দাবী জনাইছে দেউশ্ৰীৰ বাসিন্দাসকলে ৷

লগতে পঢ়ক: 22 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাহ কৰা হ’ব 2,479 টা গঁড়ৰ খৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.