22 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাহ কৰা হ’ব 2,479 টা গঁড়ৰ খৰ্গ

author img

By

Published : Sep 20, 2021, 10:54 PM IST

assam-forest-department-to-burn-2479-rhino-horns-in-present-of-asssam-cm-on-wednessday

২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2479 টা খৰ্গ দহন কৰিবলৈ সাজু হৈছে বন বিভাগ ৷ স্বাভাবিকতেই বিভিন্ন জনে এই প্ৰক্ৰিয়াটোৰ বিৰোধ কৰা দেখা গৈছে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই সম্পৰ্কত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল ৷ আনহাতে, ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰায়ো গঁড়ৰ খৰ্গ দাহ কাৰ্যই গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিব নোৱাৰে বুলি মত পোষণ কৰিছে ৷

বোকাখাত, 20 ছেপ্টেম্বৰ : বোকাখাতত গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি তুংগত । অসমৰ ৭ টা জ’নৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ 2,623 টা গঁড়ৰ খৰ্গৰ ভিতৰৰ 2,479 টা খৰ্গ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে বোকাখাত মহকুমা কোষাগাৰত ইতিমধ্যে মজুত কৰা হৈছে । নগাওঁ, মৰিগাওঁ, গোলাঘাট, বোকাখাত, কাজিৰঙা, বিশ্বনাথ,আদিৰ পৰা গঁড়ৰ খৰ্গ সমূহ নি মজুত কৰি ৰাখা হৈছে বোকাখাতত ।

২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2,479 টা খৰ্গ দহন কৰিবলৈ সাজু হৈছে বন বিভাগ ৷ ইয়াৰে বিভিন্ন আকাৰৰ 94 টা খৰ্গ পুনৰ সংৰক্ষণ কৰি ৰখাৰ লগতে 50 টা খৰ্গ আদালতৰ বিচাৰধীন হৈ থকাৰ বাবে মজুত ৰাখিছে বন বিভাগে। ইয়াৰে 2,479 টা খৰ্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত যুদ্ধকালীন তৎপৰতাৰে কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বিশাল আয়োজন চলাইছে ।

22 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাহ কৰা হ’ব 2479 টা গঁড়ৰ খৰ্গ

কোষাগাৰত সংৰক্ষিত খৰ্গ সমূহ ইতিমধ্যে ৩১ টা বাকচত আবদ্ধ কৰি বোকাখাতৰ কোষাগাৰলৈ স্থানান্তৰিত কৰা হৈছে । খৰ্গ দাহনৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰি মুঠ 2,479 টা খৰ্গ দাহ কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে ।

উল্লেখযোগ্য যে, ১৯৭৯ চনলৈকে বন বিভাগে গঁড়ৰ খৰ্গ নিলাম কৰাৰ ব্যৱস্থা ৰাখিছিল যদিও ১৯৮০ চনৰ পৰা আজিলৈকে ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষণ কৰি ৰখা খৰ্গ সমূহ দাহ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিছে বন বিভাগে ৷ স্বাভাবিকতেই বিভিন্ন জনে এই প্ৰক্ৰিয়াটোৰ বিৰোধ কৰা দেখা গৈছে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই সম্পৰ্কত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল ৷ আনহাতে, ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰায়ো গঁড়ৰ খৰ্গ দাহ কাৰ্যই গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিব নোৱাৰে বুলি মত পোষণ কৰিছে ৷

লগতে পঢ়ক : নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.