নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

author img

By

Published : Sep 20, 2021, 7:31 PM IST

নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

পশ্চিম বংগ বিধানসভা চৌহদত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে বৰাকৰ তৃণমূল নেত্ৰী সুস্মিতা দেৱে । ৰাজ্যসভাৰ পৰা উত্তৰ-পূব ভাৰতৰ কাৰোবাক মনোনীত কৰি এক দৃষ্টান্তমূলক কাম কৰা বুলি মমতা মমতা বেনাৰ্জীৰ প্ৰশংসাত পঞ্চমুখ হয় সুস্মিতা ৷

নেশ্বনেল ডেস্ক, ২০ ছেপ্টেম্বৰ : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যসভাৰ পৰা উত্তৰ-পূব ভাৰতৰ কাৰোবাক মনোনীত কৰি এক দৃষ্টান্তমূলক কাম কৰিছে ৷ সোমবাৰে পশ্চিম বংগ বিধানসভা চৌহদত সংসদৰ উচ্চ সদনৰ বাবে মনোনয়ন দাখিল কৰি এই মন্তব্য কৰিলে বৰাকৰ তৃণমূল নেত্ৰী সুস্মিতা দেৱে । তেওঁ পশ্চিম বংগৰ মন্ত্ৰী ড৹ মানস ৰঞ্জন ভুনিয়ানৰ বাবে খালী হোৱা আসনখনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব । এই নিৰ্বাচন 4 অক্টোবৰ, 2021 তাৰিখে হ'ব যদিও ঘটনাক্ৰমে, দেৱ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'ব ৷

ইয়াৰ কাৰণ হ’ল বিজেপিয়ে সোমবাৰে ঘোষণা কৰিছিল যে, তেওঁলোকে ৰাজ্যসভাৰ এই নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব দাখিল নকৰে । কিয়নো ইয়াৰ ফলাফল পূৰ্ব-নিৰ্ধাৰিত হ’ব । ইয়াৰ বিপৰীতে দলটোৱে সমাগত বিধান সভাৰ উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আকৌ এবাৰ অনিৰ্বাচিত হোৱাটো নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে । সোমবাৰে এক টুইটাৰ বাৰ্তাত পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ দলপতি জনে এই কথা অৱগত কৰে ।

এই সন্দৰ্ভত প্ৰশ্ন কৰাত সুস্মিতাই কয় যে, তেওঁ বিজেপিৰ এই সিদ্ধান্ত সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰে । তেওঁ পুনৰ কয় " আজিৰে পৰা মই পশ্চিম বংগৰ সৈতে এক অবিচ্ছেদ্য সংযোগ স্থাপন কৰিছো । মই পশ্চিম বংগৰ নিৰ্দিষ্ট বিষয়ত সংসদৰ ভিতৰতে হওঁক বা বাহিৰত সদায় সৰৱ হ'ম । দলটোৱে মোক প্ৰদান কৰা সকলো দায়িত্ব মই পালন কৰিম" ।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হয় । তেওঁ কয়,"মই উত্তৰ-পূব ভাৰতত তৃণমূল কংগ্ৰেছৰ ভেটি সম্প্ৰসাৰিত কৰাৰ সকলো সম্ভৱ প্ৰয়াস কৰিম । মোৰ দেউতা সন্তোষ মোহন দেৱৰ সৈতে মমতা বেনাৰ্জীৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যসভাত উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব শক্তিশালী কৰিব বিচাৰে, ইয়াৰ পৰাই স্পষ্ট হয় যে মুখ্যমন্ত্ৰী গৰাকী কিমান দূৰদৰ্শী"।

লগতে পঢ়ক : অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.