অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

author img

By

Published : Sep 20, 2021, 4:07 PM IST

kmss reacts on ex leaders commenting against akhil gogoi

কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতাই বিজেপি দলৰ এজেণ্ট হৈ অখিল গগৈৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰিলে সংগঠনটোৱে ৷ সবিশেষ জানো আহক ৷

মৰাণ, 20 ছেপ্টেম্বৰ : দুদিনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুগৰাকী প্ৰাক্তন নেতাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱতা প্ৰকাশ কৰিছিল ৷ এক সংবাদমেলৰ জৰিয়তে ২০১৩ চনতে কৃষক মুক্তিত যোগদান কৰি ৪ বছৰে সংগঠনটোৰ বাবে ত্যাগ স্বীকাৰ কৰা বকতা মৌজাৰ ধৰ্মেন্দ্ৰ বৰা আৰু অনুপম বৰুৱাই কৰিলে অখিল গগৈৰ বিৰুদ্ধে মুকলি বিস্ফোৰণ কৰা দেখা গৈছিল ৷

এই ঘটনাই এতিয়া এক নতুন মোৰ লৈছে ৷ দেওবাৰে থাওৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেল আয়োজন কৰি প্ৰাক্তন সতীৰ্থ দুগৰাকীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে অখিল গগৈৰ ওপৰত উত্থাপিত অভিযোগ নস্যাৎ কৰে । সংবাদমেলত কৃষক মুক্তিৰ বিষয়ববীয়া সকলে অনুপম বৰুৱা আৰু ধৰ্মেন্দ্ৰ বৰা চৰিত্ৰহীন, সংগঠনৰ পৰা খেদা খোৱা লোক বুলি অভিযোগ কৰে ।

অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ইয়াৰোপৰি বৰ্তমান তেওঁলোক বিজেপি দলৰ এজেণ্ট তথা সুশান্ত বৰগোহাঁইৰ হিয়াৰ মণি বুলিও কটাক্ষ কৰে কৃষক মুক্তিৰ বিষয়ববীয়া সকলে । বিজেপি দল আৰু সুশান্ত বৰগোহাঁইয়ে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ জনপ্ৰিয়তা দেখি সংকিত হৈ অখিল গগৈৰ বিৰুদ্ধে এনে ভুৱা ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে বুলি মন্তব্য কৰে কৃষক মুক্তিৰ জিলা সমিতিয়ে ।

ইয়াৰোপৰি অতি সোনকালে এই দুজন ব্যক্তিৰ বিৰুদ্ধে আইনৰ কাষ চপাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷উল্লেখযোগ্য যে, আগন্তুক উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে থাওৰাত বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি শেহতীয়াকৈ ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিচতে সৰৱ হৈ পৰিছে থাওৰাৰ দুগৰাকী প্ৰাক্তন কৃষক নেতা ।

লগতে পঢ়ক : ৰাইজৰ দলক ভোট নিদিবলৈ থাওৰাবাসীক আহ্বান জনালে অখিল গগৈৰ একালৰ সতীৰ্থই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.