গহপুৰত শ্বহীদ দিৱস পালন ৰাজ্যিক বিজেপিৰ

author img

By

Published : Sep 21, 2021, 10:29 AM IST

swahid-divas-observed-by-state-bjp-at-gohpur

সোমবাৰে গহপুৰত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা, মুকুন্দ কাকতিক স্মৰণ কৰি শ্বহীদ দিৱস(Swahid Divas) পালন ৰাজ্যিক বিজেপি(BJP)ৰ ৷ দেশৰ হকে প্ৰাণ ত্যাগ কৰা শ্বহীদ দুগৰাকীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে উপস্থিত থকা বিজেপিৰ নেতা-কৰ্মীসকলে ৷

বিশ্বনাথ, 21 ছেপ্তেম্বৰ : গহপুৰত সোমবাৰে শ্বহীদ দিৱস(Swahid Divas) পালন ৰাজ্যিক বিজেপি(BJP)ৰ ৷ গহপুৰৰ বিভিন্ন স্থানত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক স্মৰণ কৰি পালন কৰা হয় শ্বহীদ দিৱস ৷

swahid-divas-observed-by-state-bjp-at-gohpur
গহপুৰত শ্বহীদ দিৱস পালন ৰাজ্যিক বিজেপিৰ

ইফালে গহপুৰৰ কনকলতা ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ শ্বহীদ দিৱস কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰঞ্জিত ডেকা আৰু বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা । প্ৰথমে ঘাঁহিগাৱত উপস্থিত হৈ শ্বহীদ মুকুন্দ কাকতিক স্মৰণ কৰি তাৰপাচত বৰঙাবাৰীৰ কনকলতা বৰুৱাৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে ৷

swahid-divas-observed-by-state-bjp-at-gohpur
গহপুৰত শ্বহীদ দিৱস পালন ৰাজ্যিক বিজেপিৰ

এই দিনটোতেই ভাৰত ত্যাগ আন্দোলন(Quit India Movement)ত জাতীয় পতাকা উৰুৱাবলৈ গৈ ব্ৰিটিছৰ হাতত প্ৰাণ আহুতি দিবলগীয়া হৈছিল গহপুৰৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে ৷ দেশৰ হকে প্ৰাণ ত্যাগ কৰা শ্বহীদ দুগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে গহপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে ৷

লগতে পঢ়ক: বঢ়মপুৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.