গৈছিল পৰীক্ষা দিবলৈ; পালেগৈ ৰঙাঘৰ

author img

By

Published : Sep 21, 2021, 10:38 AM IST

Updated : Sep 21, 2021, 12:47 PM IST

fake-candidate-arrested-at-dhemaji

দেওবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্ল’মা ডি এল এডৰ পৰীক্ষা ৷ ধেমাজিৰ বাণিজ্য মহাবিদ্যালয়ত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ আৰক্ষীৰ হাতত আটক হ’বলগীয়া হ’ল পৰীক্ষাৰ্থী ।

ধেমাজি, 21 ছেপ্টেম্বৰ : ৰাজ্যত সোমবাৰে অনুষ্ঠিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ধেমাজিৰ বাণিজ্য মহাবিদ্যালয় কেন্দ্ৰত ধৰা পৰে ভুৱা পৰীক্ষাৰ্থী । আৰক্ষীৰ চকুত ধূলি দি পৰীক্ষাগৃহত প্ৰৱেশ কৰিছিল ধৃত ভুৱা পৰীক্ষাৰ্থীগৰাকী ৷ পিছত পৰীক্ষা নিৰীক্ষকে ধৰা পেলায় ভুৱা পৰীক্ষাৰ্থীগৰাকীক ৷

ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

ধেমাজি জিলাৰ জোনাইৰ বাসিন্দা জয়প্ৰকাশ পাইট নামৰ পৰীক্ষাৰ্থীগৰাকীৰ পৰিৱৰ্তে পৰীক্ষাত অৱৰ্তীণ হৈছিল নৰেন পাইট নামৰ ভুৱা পৰীক্ষাৰ্থীগৰাকী ৷ পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিটৰ পিছতহে উপস্থিত হয় প্ৰকৃত পৰীক্ষাৰ্থীগৰাকী ৷ প্ৰকৃত পৰীক্ষাৰ্থীগৰাকী অহাৰ পাছত ভুৱা পৰীক্ষাৰ্থীগৰাকী বাহিৰলৈ ওলাবলৈ লওঁতেই নিৰীক্ষকৰ চকুত ধৰা পৰে ।

পিছত দুয়োজন যুৱকক মহাবিদ্যালয়খনৰ অধ্যক্ষই আৰক্ষীৰ হাতত গতাই দিয়ে । ইতিমধ্যে জালিয়তিৰে পৰীক্ষা দিয়া অভিযোগত দুয়োজন যুৱকৰ ওপৰত ধেমাজি সদৰ আৰক্ষীয়ে ৪৩৭/২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে আৰক্ষীলৈ আঙুলিয়াই দায় সৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয় পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্ৰটোৰ মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী ৷

লগতে পঢ়ক : হোজাই জিলাত আৰম্ভ দশম শ্ৰেণীৰ পাঠদান

Last Updated :Sep 21, 2021, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.